ভূঁইকঁপৰ ৰেড জ’নত অসম
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ নৱেম্বৰঃ দেশৰ ভূমিকম্পপ্ৰৱণ অঞ্চলৰ আটাইতকৈ বিপজ্জনক ৰেড জ’নত স্থান দিয়া হৈছে অসমক৷ দেশৰ সৰ্বাধিক ভূমিকম্পনপ্ৰৱণ অঞ্চল হিচাপে বিবেচিত ছিছমিক জ’ন-৫ৰ পৰা অসমক এতিয়া নতুনকৈ স্থান দিয়া হৈছে ছিছমিক জ’ন-৬ ত৷ ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ [বি আই এছ]ৰ নতুন ভূমিকম্প ডিজাইন ক’ডত দেশৰ ভূমিকম্পন প্ৰৱণ অঞ্চল অৰ্থাৎ ছিছমিক জ’নক প্তটা ভাগত ভাগ কৰি অসমসহ হিমালয়ৰ বিস্তিত অঞ্চলক জ’ন-৬ ত অন্তৰ্ভুক্ত কৰিছে৷ ভূমিকম্পৰ এই নতুন ডিজাইন ক’ডত এতিয়া দেশৰ ৬১ শতাংশ অঞ্চলকে মধ্যমীয়াৰ পৰা উচ্চ বিপজ্জনক ভূমিকম্পপ্ৰৱণ স্থানত অন্তৰ্ভুক্ত কৰিছে৷ ইয়াৰ পূৰ্বে ২০১৬ চনত শেষবাৰলৈ দেশৰ ভূমিকম্প ডিজাইন ক’ডৰ মানচিত্ৰ প্ৰস্তুত কৰিছিল যদিও হিমালয়ান বেল্টত অব্যাহত টেকটনিক ভাবুকিৰ পৰিপ্ৰেক্ষিতত নতুনকৈ ডিজাইন ক’ড প্ৰস্তুত কৰা হয়৷ এই সন্দৰ্ভত ৱাডিয়া ইনষ্টিটিউট অৱ হিমালয়ান জিঅ’লজীৰ সঞ্চালক বিনীত গেহলটে জনোৱা অনুসৰি হিমালয় পৃথিৱীৰ আটাইতকৈ সক্ৰিয় টেকটনিক সংঘৰ্ষৰ সীমাত অৱস্থিত৷ ইণ্ডিয়ান টেকটনিক প্লেটে প্ৰতিবছৰে ৫ চেণ্টিমিটাৰ বেগত ইউৰেছিয়ান প্লেটক উত্তৰ দিশলৈ ঠেলি আহিছে৷ সেই সংঘৰ্ষৰ বাবেই হিমালয় গঠন হৈছিল আৰু সেই ঠেলা আজিও চলি আছে৷ পূৰ্বৰ সংস্কৰণ সমূহত দীৰ্ঘদিনীয়া অবিচ্ছিন্ন সংঘৰ্ষৰ দ্বাৰা সৃষ্টি হোৱা বিপদসমূহক তুচ্ছ জ্ঞান কৰি অহা হৈছিল৷ বিশেষকৈ মধ্য হিমালয়ৰ ষ্ট্ৰেচ, যিয়ে প্ৰায় দুই শতিকা ধৰি কোনো ডাঙৰ পৃষ্ঠ বিচ্ছিন্ন কৰাৰ পৰিঘটনাৰ সৃষ্টি কৰা নাই৷ বৰ্তমানৰ পুনৰীক্ষণে ভাৰতৰ ভূমিকম্পনীয় বিপদৰ মূল্যায়নত দশক দশক ধৰি হোৱা অন্যতম উল্লেখ্যযোগ্য পৰিৱৰ্তন হিচাপে চিহ্নিত কৰিছে৷ সংশোধিত ভূমিকম্প ডিজাইন সংহিতাৰ অংশ হিচাপে এই নতুন মানচিত্ৰখন প্ৰস্তুত কৰা বুলিও ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ ফালৰ পৰা কোৱা হৈছে৷ এই মানচিত্ৰখন আন্তঃৰাষ্ট্ৰীয়ভাৱে গ্ৰহণ কৰা সম্ভাৱনামূলক ভূমিকম্পীয় বিপদ মূল্যায়ন [পি এছ এইচ এ] পদ্ধতি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে৷ য’ত সক্ৰিয় ফণ্টৰ বিশদ তথ্য, প্ৰতিটো ফল্টৰ সৰ্বোচ্চ সম্ভাব্য পৰিমাণ, দূৰত্বৰ লগে লগে মাটিত কম্পন হ্ৰাস পোৱাৰ ধৰণ আদিও বিশ্লেষণ কৰা হৈছে৷ হিমালয়ৰ ফ্ৰণ্টাল থ্ৰাষ্টৰ কাষৰ সম্ভাব্য ভূমিকম্পৰ বিস্তাৰ দক্ষিণৰ দিশে দিল্লীৰ অঞ্চললৈ প্ৰভাৱৰ আশংকা প্ৰকাশ কৰা হৈছে৷ ডেৰাডুনকে ধৰি হিমালয়ৰ বাহিৰৰ এক বৃহৎ অংশকো নতুনকৈ ৰেড জ’নত শ্ৰেণীভুক্ত কৰা হৈছে৷ নতুন মানচিত্ৰত সৰ্বোচ্ছ ভূমিকম্পপ্ৰৱণ অঞ্চলক ৰেড জ’ন হিচাপে ছিছমিক জ’ন-৬ত শ্ৰেণীভুক্ত কৰা হৈছে৷ ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ অসমসহ ৭ খন ৰাজ্যকে স্থান দিয়া হৈছে৷ তদুপৰি গেংটক, জম্মু-কাশ্মীৰৰ কিছু অংশৰ লগতে ডেৰাডুন আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জক স্থান দিছে৷ অসমক সৰ্বাধিক ভূমিকম্পপ্ৰৱণ জ’ন-৬ ত ৰখাৰ মূল কাৰণ হৈছে অসমৰ তলত পৃথিৱীৰ খোলাত থকা এটা বিশাল ফাট আৰু সেই ফটিটোৰ সৈতে ‘হিমালয়ান মেইন থ্ৰাষ্ট’ৰ সংযোগ৷ অসমৰ তলেৰে যোৱা এই ফাটটোক কপিলী ফল্ট বা কপিলী চ্যুতি বুলি কোৱা হয়৷
মণিপুৰৰ পৰা অসমৰ মাজেৰে অৰুণাচল হৈ ভূটান পৰ্যন্ত যোৱা এই কপিলী ফল্টৰ দৈৰ্ঘ্য ৩০০ কিলোমিটাৰ আৰু প্ৰস্থ ৫০ কিলোমিটাৰ৷ ই উত্তৰ-দক্ষিণ আৰু দক্ষিণ-পূবমুৱা হৈ অৱস্থিত৷ যদিও এই কপিলী ফল্ট ইণ্ডিয়ান টেকটনিক প্লেটৰ মাজত অৱস্থিত কিন্তু ই গৈ খুন্দা মাৰিছে ‘হিমালয়ান মেইন থ্ৰাষ্ট’ আৰু ইউৰেছীয় টেকটনিক প্লেটক৷ এই কপিলী ফল্টৰ খুন্দা বা ইয়াৰ পৰা নিৰ্গত হোৱা ভূগৰ্ভস্থ শক্তিৰ ফলত অসম আৰু ইয়াৰ চৌপাশৰ অঞ্চলটোত ভূমিকম্প হয়৷ অৱশ্যে কেতিয়া এই কপিলী ফেল্ট ভূমিকম্পৰ সৃষ্টি কৰিব সেই বিষয়ে আগতীয়াকৈ কোনেও ক’ব নোৱাৰে৷ কিন্তু শেহতীয়াকৈ অসমত যি ৬.৪ প্ৰাৱল্যৰ ভূমিকম্পৰ সৃষ্টি হৈছিল৷ তাৰ পাছত ৬টা শক্তিশালী আফটাৰশ্বকৰ সৃষ্টি হৈছিল আৰু ইয়াৰ উৎপত্তি হৈছিল এই কপিলী ফল্টৰ খুন্দা বা শক্তি নিৰ্গত হোৱাৰ ফলত৷ সৌভাগ্যবশতঃ শেহতীয়া এই আটাইকেইটা ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৭তকৈ কম৷ কিন্তু কপিলী ফল্টৰ যিকোনো ভূতাত্বিক পৰিৱৰ্তনে ৭ বা ততোধিক প্ৰাৱল্যৰ ভূমিকম্পৰ উৎপত্তি যেতিয়াই তেতিয়াই ঘটাব পাৰে৷ যদিহে কপিলী ফল্টৰ ভূতাত্বিক পৰিৱৰ্তনৰ ফলত বা ইণ্ডিয়ান টেকটনিক প্লেটে ইউৰেছীয় প্লেটক মৰা খুন্দাৰ শক্তি যদি বৃহৎ হয়, তেন্তে অসমত হ’বলগীয়া ভূমিকম্পৰ প্ৰাৱল্যও ভয়ংকৰ হ’ব পাৰে৷ তেনে পৰিস্থিতিত অসমৰ অৱস্থাও তুৰস্ক আৰু ছিৰিয়াৰ শেহতীয়া পৰিস্থিতিৰ দৰে হৈ পৰিব পাৰে৷






