Logo
image

অ-পৰিৱৰ্তন

◾মিত্ৰজোঁটৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা

◾৫০ পাৰ নহ’ল মহাজোঁট

আমাৰ অসম, ৩ মে’: অসমত পুনৰবাৰ শাসনলৈ আহিল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট৷ সহযোগী দল সলনি হ’লেও আগন্তুক পাঁচ বছৰৰ বাবে মিত্ৰজোঁটেই দিছপুৰত ৰাজত্ব কৰিব৷ অৰ্থাৎ  ‘আকৌ এবাৰ মোদী চৰকাৰ’, ‘আকৌ এবাৰ সোণোৱাল চৰকাৰ’৷ পৰৱৰ্তী চৰকাৰ গঠনৰ জোখাৰে আসন লাভ কৰাৰ পাছতে বিজেপিৰ দিছপুৰ দখলৰ প্ৰথম অধ্যায়ৰ সামৰণি পৰিল৷ এতিয়া আৰম্ভ হ’ল দ্বিতীয় অধ্যায়৷ কাৰ নেতৃত্বত দিছপুৰত গঠন হ’ব পৰৱৰ্তী চৰকাৰ৷ সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’লে মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা উপ-মুখ্যমন্ত্ৰী হ’ব নেকি? নে তেওঁৰ ওপৰত অধিক গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অৰ্পণ কৰি বৰ্তমানৰ দৰে মন্ত্ৰী কৰিয়ে ৰাখিব৷ নে তেওঁলোকৰ দুজনৰ ভিতৰত কোনোবা এজনক দিল্লীত সংস্থাপিত কৰিব? মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বলৈ আহিব নেকি বা তেওঁক কি ধৰণে চৰকাৰৰ নেতৃত্বলৈ আনিব তাক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা অব্যাহত আছে৷ উজনি অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা দুয়োজনে ব্যাপক নিৰ্বাচনী তৎপৰতা চলাইছিল আৰু ইয়াৰ সুফল হাতে হাতে লাভ কৰে৷ অৱশ্যে এইবাৰ ‘দাদা বিগ্ৰেড’ৰ অধিকসংখ্যক প্ৰাৰ্থীয়ে টিকট লাভ কৰিবলৈ সক্ষম হয়৷ যাৰ ফলত বিজেপিৰ বহু জ্যেষ্ঠ আৰু পুৰণি নেতাও টিকটৰ পৰা বঞ্চিত হয়৷ নিৰ্বাচনী ফলাফলত দাদা বিগ্ৰেডৰ অন্যতম পীয়ূষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, মানৱ ডেকা, তৰংগ গগৈ,  হেমাংগ ঠাকুৰীয়া, দিগন্ত কলিতা, বলীন চেতিয়া, ভাস্কৰ শৰ্মা আদিয়ে জয়লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হয়৷ যোৱাবাৰ বিজেপি দল চৰকাৰলৈ অহাৰ মূল শ্লোগান আছিল পৰিৱৰ্তন৷ কিন্তু এইবাৰ অসমৰ ৰাইজে পৰিৱৰ্তন নিবিচাৰি বিজেপি দলে পুনৰ শাসনলৈ অহাটো বিচাৰে৷ অসমবাসীৰ এনে সিদ্ধান্তত বাজপেয়ী ভৱন বাৰুকৈয়ে সুখী৷ উল্লেখ্য, বিধানসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত বিজেপি দলে ৯৩টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰে৷ বিজেপি মিত্ৰদল অগপই ২৬টা আৰু  ইউ পি পি এলে ৬টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰে৷ বিজেপিয়ে ৬০টা, অগপই ৯টা আৰু ইউ পি পি এলে ৬টা সমষ্টিত জয় লাভ কৰিছে৷ আনহাতে, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছ দলে ৯৪টা, বি পি এফে ১২টা, এ আই ইউ ডি এফে ১৯টা, বাঁওপন্থী দলসমূহে চাৰিটা, আৰজেডি এটা আৰু আঞ্চলিক গণ মৰ্চাই দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰে৷ কংগ্ৰেছে ২৯টা, বি পি এফে ৪টা, বাঁওপন্থী দলসমূহে ১টা, এআইইউডি এফে ১৬টা সমষ্টিত জয়লাভ কৰে৷ অৱশ্যে আৰ জে ডি আৰু আঞ্চলিক গণ মৰ্চাই এখনো আসন লাভ নকৰিলে৷ ১২৬খন আসনযুক্ত অসম বিধানসভাত চৰকাৰ গঠন কৰিবলৈ ৬৪ আসন লাভ কৰাটো প্ৰয়োজন হয়৷ এই মেজিক নম্বৰ ইতিমধ্যে বিজেপি নেতৃত্বাধীন মিত্ৰদলে লাভ কৰিছে৷ তিনিটা পৰ্যায়ত অনুষ্ঠিত অসম বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হয়৷ কংগ্ৰেছ আৰু বি পি এফৰ বহু ৰথী-মহাৰথী নিৰ্বাচনী যুঁজত পৰাজয় বৰণ কৰে৷