২১৭ চিকিৎসকৰ চাকৰি গ’ল, ১৪ হাস্পতাল অচল
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এনএইচএমে প্ৰতিবাদকাৰী চিকিৎসকক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ পাছতেই ৰাজ্যৰ ১৪খন চৰকাৰী হাস্পতাল চিকিৎসক শূন্য হৈ পৰিছে৷ চিকিৎসকৰ অভাৱত ১৪ খন হাস্পতালেই সোমবাৰৰ পৰা অচল হৈ পৰিছে৷ প্ৰাপ্য বিচাৰি অক্টোবৰ আৰু নৱেম্বৰত অসহযোগ প্ৰতিবাদ সাব্যস্ত কৰা ৰাজ্যৰ ২১৭জন চিকিৎসক তথা স্বাস্থ্য বিষয়াক পহিলা ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিছে এনএইচ এম কতৃপক্ষই৷ এমবিবিএছ উত্তীৰ্ণ তথা এবছৰৰ বাবে বাধ্যতামূলক গ্ৰামাঞ্চলত সেৱা আগবঢ়োৱা এই ২১৭জন চিকিৎসক ৰাজ্যৰ ৩০খন জিলাৰ নিৰ্দিষ্ট হাস্পতালত কৰ্মৰত আছিল৷ চলিত বৰ্ষৰ জুন মাহত ঠিকাভিত্তিক পদত নিযুক্তি পোৱা চিকিৎসকসকলৰ চাকৰি সেৱাৰ কাৰ্যকালৰ ম্যাদ এবছৰলৈ আছিল যদিও ইচ্ছা কৰিলে চিকিৎসকসকলে অৱসৰপৰ্যন্ত সেৱা আগবঢ়োৱাৰো সুযোগ পোৱাৰ নিয়ৰ আছিল৷ কিয়নো এন এইচ এমত ঠিকাভিত্তিক কৰ্মৰত চিকিৎসকসকলে ইচ্ছা কৰিলে অৱসৰৰ সময়লৈ চাকৰিত কৰ্মৰত হৈ থাকিব পাৰে৷ কিন্তু, নতুনকৈ যোগদান কৰা এইসকল চিকিৎসকে শেহতীয়াকৈ এন এইচ এমৰ আন আন চিকিৎসক-স্বাস্থ্যকৰ্মীৰ সৈতে প্ৰাপ্য বিচাৰি একেলগে আন্দোলন কৰাটোৱেই এতিয়া যেন তেওঁলোকৰ বাবে কাল হৈ পৰিল৷ বিগত ২৯ অক্টোবৰ আৰু ৩, ৪, ৫ নৱেম্বৰত এন এইচ এম কৰ্মচাৰী সন্থাৰ হৈ প্ৰতিবাদত চামিল হোৱাৰ পৰিণতিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কতৃৰ্পক্ষই শেহতীয়াকৈ এটা নিৰ্দেশনাযোগে চাকৰিত যোগদানৰ প্ত মাহতে সংশ্লিষ্ট ২১৭জন চিকিৎসকক ৩০ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা বৰ্খস্ত কৰে৷ এই ২১৭জন চিকিৎসকক অব্যাহতি দিয়াৰ ফলত ৰাজ্যৰ ১৪খন হাস্পতাল এতিয়া চিকিৎসক শূন্য হৈ পৰিছে৷ ফলত ফাৰ্মাচীষ্টে চিকিৎসকৰ দায়িত্ব পালন কৰিবলগীয়া হোৱাত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনকি চিকিৎসক নথকাৰ বাবে হাস্পতাল কতৃৰ্পক্ষই প্ৰৱেশদ্বাৰত ‘চিকিৎসক নাই’ বুলি ফলক লগাই দিয়াও স্বাস্থ্য বিভাগৰ এই হঠকাৰী সিদ্ধান্তৰ পৰিলক্ষিত হৈছে৷ ইয়াৰ ফলত ধেমাজিত সৰ্বাধিক ৪খন হাস্পতাল চিকিৎসক শূন্য হৈ পৰিছে৷ তদুপৰি শিৱসাগৰৰ ৩খন আৰু বিশ্বনাথৰ ২খন হাস্পতালো চিকিৎসক শূন্য হৈ পৰিছে৷ চিকিৎসক নথকা হাস্পতালৰ তালিকাত অন্তৰ্ভুক্ত হৈছে নগাঁও, বঙাইগাঁও, তামুলপুৰ, গোৱালপাৰা আৰু দৰঙৰ এখনকৈ হাস্পতাল৷ ইফালে, বিগত ২৯ অক্টোবৰৰ পৰা ১১ নৱেম্বৰৰ ভিতৰত প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা ৰাষ্ট˜ীয় স্বাস্থ্য মিছনৰ চিকিৎসক, নাৰ্ছ আৰু পেৰামেডিকেল ষ্টাফৰ ৩দিন আৰু অ-কাৰিকৰী কৰ্মচাৰীৰ জ্জ দিনৰ দৰমহা কৰ্তনৰ বাবে মঙলবাৰে এন এইচ এমৰ মিছন সঞ্চালক ড॰ লক্ষ্মন এছে আনুষ্ঠানিকভাৱে নিৰ্দেশনা জাৰি কৰে৷ নিৰ্দেশনাখনত ‘ন’ ৱৰ্ক, ন’ পে’ নীতিৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা বুলিও কোৱা হৈছে৷
শোণিতপুৰতো এম্বুলেন্স কৰ্মচাৰীৰ আন্দোলন
‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ৰাজ্যজুৰি ১০৮জৰুৰীকালীন এম্বুলেন্স সেৱাৰ কৰ্মচাৰীসকলে ৰূপায়ণ কৰা আন্দোলনৰ কাৰ্যসূচীৰ প্ৰভাৱ আন জিলাসমূহৰ লগতে শোণিতপুৰতো পৰিছে৷ অৱশ্যে জিলা প্ৰশাসনৰ সহযোগত ১০৮ এম্বুলেন্স সেৱাৰ উদ্ধৰ্তন কতৃৰ্পক্ষই এনে পৰিস্থিতিত যাতে ৰাইজে বিনামূলীয়া এম্বুলেন্স সেৱা বিধৰ পৰা একেবাৰে বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত একাংশ এম্বুলেন্স অস্থায়ী চালকৰ দ্বাৰা চলাবলৈ সক্ষম হৈছে৷ জিলা প্ৰশাসনৰ তথ্য অনুসৰি, শোণিতপুৰত থকা মুঠ ২৭খন ১০৮ সেৱা এম্বুলেন্সৰ বিপৰীতে বৰ্তমান তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়, পৰোৱা মাতৃ আৰু শিশু চিকিৎসালয়, বালিপৰা, পাঁচমাইল, ঢেকীয়াজুলিৰ দুখন, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ঠেলামৰা, গৰুবন্ধা আৰু ৰঙাপৰাত এই এম্বুলেন্সৰ দ্বাৰা সেৱা আগবঢ়োৱা হৈছে৷ উল্লেখ্য, মুঠ ১০খন এম্বুলেন্সেৰে জৰুৰীকালীন সেৱা আগবঢ়াই থকা হৈছে শোণিতপুৰত৷ উল্লেখ্য, জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সহযোগিতাত সম্প্ৰতি জিলাখনত এই এম্বুলেন্স সেৱাৰ বাবে বিকল্প চালকৰ ব্যৱস্থা কৰা হৈছে৷
এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰীৰ বিক্ষোভত উত্তাল চচল
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ দ্বিতীয়দিনাও ৰাজ্যজুৰি স্থবিৰ হৈ পৰিছে ১০৮ মৃত্যুঞ্জয় সেৱা৷ ফলত চিকিৎসা সেৱা লাভত ব্যাঘাত জন্মাৰ লগতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সম কামৰ সম অধিকাৰ, দৰমহা বৃদ্ধিৰ দাবীত সোমবাৰৰ পৰা সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ উদ্যোগত অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী অব্যাহত ৰাখিছে৷ সংগঠনটোৱে গুৱাহাটী মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাচ শতাধিক লোকৰ উপস্থিতিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদী সকলে চৰকাৰী নিয়মমতে সম কামৰ সম অধিকাৰ দিয়ক, আমাৰ দাবী মানি লওক, বিজেপি চৰকাৰৰ ময়মতালী নচলিব, জৰুৰীকালীন সেৱাৰ কৰ্মৰত কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰন কৰক, মহিলা কৰ্মচাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰক, ১০৮ চালক কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰক, জ্জ্বঘণ্টাৰ ওপৰত কাম কৰা লোকক অতিৰিক্ত মজুৰি দিয়ক, বছৰি বনাছৰ ব্যৱস্থা কৰক আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি আজিও পৰিৱেশ উত্তাল কৰি তোলে৷ উল্লেখযোগ্য যে, কালিৰে পৰা আৰম্ভ কৰিছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি৷ সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই আহ৩ান কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত স্বাভাৱিকতে সাধাৰণ লোক সমস্যাৰ সন্মুখীন হৈছে৷ সন্থাই চাকৰি নিয়মীয়াকৰণ, মান-সম্পন্ন মজুৰিৰ ব্যৱস্থা কৰা, অতিৰিক্ত কৰ্তব্যৰ বাবে অতিৰিক্ত মজুৰি দিয়া, বছৰি বোনাছৰ ব্যৱস্থা কৰা আদি কেইবাটাও দাবী লৈ এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে৷ কালি সন্থাৰ শতাধিক সদস্যই চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকৰ সমস্যাৰ প্ৰতি চৰকাৰ তথা এন এইচ এম কতৃৰ্পক্ষৰ দৃষ্টি আকৰ্ষণ কৰে৷ উল্লেখযোগ্য যে জিভিকে ই এম আৰ আই গ্ৰীন হেল্থ ছাৰ্ভিচেছ নামৰ প্ৰতিষ্ঠানটোৱে অসমত ১০৮ মৃত্যুঞ্জয় সেৱা আগবঢ়াই আহিছে৷ এই প্ৰতিষ্ঠানটোৰ অধীনতে ১০৮ জৰুৰী এম্বুলেন্স সেৱাত নিয়োজিত হৈ আছে প্ৰায় তিনি হেজাৰ খিলঞ্জীয়া যুৱক-যুৱতী৷ সন্থাৰ নেতৃবৰ্গই কালি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কয় যে তেওঁলোকে ন্যায্য দাবী পূৰণৰ বাবে কতৃৰ্পক্ষৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হোৱাৰ পিচতো কোনো সন্তোষজনক সঁহাৰি নাপালে৷ এনে পৰিস্থিতিত অনিচ্ছা সত্ত্বেও তেওঁলোকে কৰ্মৰিৰতিৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰে৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত স্বাভাৱিকতে ব্যাহত হৈছে জৰুৰীকালীন এম্বুলেন্স সেৱা৷ ইফালে জিভিকে ই এম আৰ আই কতৃৰ্পক্ষই কৰ্মচাৰীসকলৰ এই প্ৰতিবাদক অবৈধ আখ্যা দিছে আৰু তেওঁলোকক শীঘ্ৰে কামত যোগদান কৰিবলৈ আহ৩ান জনাইছে৷ জিভিকে-কতৃৰ্পক্ষই এই সন্দৰ্ভত জাৰি কৰা এক বিবৃতিত কয় যে যোৱা চাৰি আগষ্টত কতৃৰ্পক্ষই সদৌ অসম মৃত্যুঞ্জয় ১০৮ কৰ্মচাৰী সন্থাৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ চাৰিটা দাবী পূৰণৰ আশ্বাস দিছিল৷ ইয়াৰে তিনিটা দাবী ইতিমধ্যে পূৰণ হৈছে আৰু দৰমহা বৃদ্ধি সংক্ৰান্তিয় চতুৰ্থটো দাবী বিবেচনাধীন হৈ আছে৷ আনকি এই দাবী পূৰণৰ বাবে জিভিকে কতৃৰ্পক্ষই সন্থাক আলোচনালৈ আমন্ত্ৰণ জনাইছিল যদিও তাৰ প্ৰতি নাহিল কোনো সঁহাৰি৷ এনে পৰিস্থিতিত সন্থাই কৰ্মবিৰতিৰ কাৰ্যসূচী লোৱাটো সমীচীন নহয় বুলি উল্লেখ কৰিছে৷ জিভিকে কতৃৰ্পক্ষই লগতে এই কথাও স্পষ্ট কৰিছে যে যদি সন্থাই কৰ্মক্ষেত্ৰলৈ উভতি নাহে তেনেহঅলে কতৃৰ্পক্ষই এম্বুলেন্স সেৱাৰ বাবে নতুন নিযুক্তিৰ ব্যৱস্থা কৰি ৰাইজক সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব৷






