Logo
image

বিধায়ক হ’ল অখিল, মুক্তি পাবনে

আমাৰ অসম, ০৩ মে’: অস্তিত্বহীন ৰাইজৰ দলক নেতৃত্ব দি অসমত বিকল্প আঞ্চলিকতাবাদৰ ৰাজনীতিৰ ভেটি গঢ়িলে কৃষক নেতা অখিল গগৈয়ে৷ কাৰাগাৰৰ ভিতৰৰ পৰাই নিৰ্বাচন খেলি শিৱসাগৰ সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰি অন্য এক ইতিহাস ৰচিলে অখিল গগৈয়ে৷ ইয়াৰ পূৰ্বে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই কাৰাগাৰৰ পৰা নিৰ্বাচন খেলি জয় লাভ কৰিছিল৷ তদুপৰি বিশিষ্ট বাওঁপন্থী নেতা গৌৰীশংকৰ ভট্টাচাৰ্যয়ো কাৰাগাৰৰ পৰা নিৰ্বাচন খেলা উদাহৰণ আছে৷ খাটিখোৱা জনগনৰ কণ্ঠ হিচাপে বিভিন্ন গণ আন্দোলনক নেতৃত্ব দি  কাৰাগাৰৰ বন্ধ কুঠৰীৰেই  সংগ্ৰামী জীৱনৰ ঠিকনা হৈ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজনৈতিক দল খুলি বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত নিৰ্বাচনত নামি পৰিছিল৷ সংসদীয় ৰাজনীতিত প্ৰথমবাৰলৈ ভূমুকি মৰা আঞ্চলিক ৰাজনৈতিক দলটোৰ পৰা আন কোনো এজনো প্ৰাৰ্থী জয় লাভ কৰিবলৈ সক্ষম নহ’ল যদিও শেষ মুহূৰ্তত বিজয়ৰ হাঁহি মাৰিলে অখিলে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীক ১১,৭১২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ স্বাভাৱিকভাৱেই শিৱসাগৰ সমষ্টিৰ পৰা অখিল গগৈয়ে জয় লাভ কৰাত ছ’ছিয়েল মিডিয়াত বহুজনে শিৱসাগৰ সমষ্টিবাসীয়ে জাতীয়তাবাদৰ নিদৰ্শন  দাঙি ধৰিলেবুলিও মন্তব্য দিয়া দেখা গৈছে৷ অখিল গগৈ শিৱসাগৰৰ বাসিন্দা নহয় যদিও শিৱসাগৰৰ শক্তিশালী প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থীগৰাকীক পৰাস্ত কৰাত বিশেষ তাৎপৰ্য বহন কৰিছে৷ কৃষক মুক্তিৰ নেতা হিচাপে অখিল গগৈৰ জনপ্ৰিয়তা আছিল যদিও শিৱসাগৰৰ ভোটাৰ ৰাইজৰ বাবে তেওঁ প্ৰথম অৱস্থাত বিশ্বাসভাজন হ’ব পৰা নাছিল৷ ইতিমধ্যে শাসকীয় বিজেপি দলৰ বহু হিতাধিকাৰী থকাৰ বিপৰীতে কংগ্ৰেছৰ পৰা অনানুষ্ঠানিক সমৰ্থন আদায় কৰিলেও অখিলৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰোৱাত অখিল গগৈৰ জয় লাভৰ পথ অলপো মসৃণ নাছিল৷ কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতি তথা ৰাইজৰ দলৰ নেতা কৰ্মীসকলৰ অশেষ কষ্ট আৰু পৰিশ্ৰমৰ বাবে শেষ-মুহূৰ্তত অখিল গগৈয়ে হাঁহি মাৰিবলৈ সক্ষম হ’ল৷ বিশেষকৈ ৰাইজৰ দলক পোনপটীয়াকৈ সমৰ্থন নজনালেও শিৱসাগৰত বিশেষ প্ৰভাৱ থকা কেইবাটাও জাতীয-জনগোষ্ঠীয় সংগঠনে অখিল গগৈক প্ৰচৰাত সহায় কৰাৰ বাবে মুকলিকৈ ওলাই আহি সমষ্টিবাসীৰ কাষ চাপিছিল৷ অখিল গগৈৰ জয়লাভৰ অন্যতম এক কাৰণ তেওঁৰ মাতৃ বুলিও চৰ্চা লাভ কৰলে৷ অখিল গগৈৰ অসুস্থ মাতৃ প্ৰিয়দা গগৈক নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ কৰোৱাই কাৰাগাৰত থকা পুত্ৰৰ মুক্তিৰ বাবে ভোট ভিক্ষা খোজা দৃশ্যই শিৱসাগৰৰ মাতৃ তথা নাৰীসমাজৰ অন্তৰ চুই গৈছিল৷ আনহাতে অখিল গগৈৰ জয়লাভৰ আন এক কৌশল আছিল দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ সমাজ৷ নিৰ্বাচনৰ প্ৰচাৰত অখিলৰ অনুগামী বিভিন্ন শিক্ষানুষ্ঠানৰ বিভিন্ন শিক্ষাৰ্থীয়ে গাঁৱে গাঁৱে গৈ প্ৰচাৰ চলোৱাত শিৱসাগৰৰ শিক্ষিত যুৱচামৰ মন জয় কৰিবলৈ সক্ষম হৈছিল৷ অৱশ্যে, মাওবাদীৰে, সম্পৰ্ক থকা গোচৰত ‘নিয়া’ৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰি বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থাকিলেও নিৰ্বাচনী প্ৰচাৰত ধন বলৰো সহায় লৈছিল অখিল গগৈয়ে৷ ৰাইজৰ দল তথা অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰত ব্যয় কৰা ধনৰ উৎস ৰহস্যজনক যদিও শিৱসাগৰৰ নিৰ্বাচনী বিশে¡ষকমহলে প্ৰচাৰৰ নামত ৰাইজৰ দলে বৃহৎ পৰিমাণৰ ধন খৰচ কৰা বুলি দাবী কৰিছে৷ শেষ মুহূৰ্তত অখিল গগৈয়ে নিৰ্বাচনত জয় লাভ কৰি বিধায়ক হ’ল যদিও কৃষক নেতাজনে কেতিয়া জামিনত মুক্তি লাভ কৰি বিধান সভাত বিৰোধীত আসনত বহিব, সেয়া এতিয়া সকলোৰে বাবে উৎকণ্ঠাৰ কাৰক হৈ পৰিছে৷ কিয়নো ইতিপূৰ্বে উচ্ছতম ন্যায়ালয়ে নিয়াৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লেহে জামিনৰ বাবে অখিলে আবেদন কৰিব পাৰিব বুলি স্পষ্ট কৰি দিছে৷ অৱশ্যে অখিল গগৈয়ে বিধায়ক হৈ শিৱসাগৰ সমষ্টিৰ কিমান উন্নয়ন সাধন কৰিব, সেয়াও অনাগত সময়ত লক্ষণীয় হ’ব৷

অখিল গগৈ বনাম জৰ্জ ফাৰ্ণাণ্ডেজ

মোৰাৰজী দেশাই আৰু বাজপায়ী মন্ত্ৰীসভাৰ বহুকেইটা বিভাগৰৰ দায়িত্বশীল মন্ত্ৰী আছিল জৰ্জ ফাৰ্ণাণ্ডেজ ৷ কৰ্ণাটকত জন্ম হৈ মুম্বাইৰ পৰা প্ৰথমবাৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰি জৰুৰীকালীন অৱস্থাৰ পিছৰটো নিৰ্বাচনত জে’লত থাকি বিহাৰৰ পৰা জয়লাভ কৰা নেতা ভাৰতীয় ৰাজনীতিৰ ইতিহাসত বিৰল৷ বোম্বে টেক্সি ইউনিয়নৰ সভাপতি হৈ থাকোতেই মাত্ৰ ৩৭বছৰ বয়সত বোম্বেৰ পৰা সংসদত প্ৰৱেশ কৰিছিল ফাৰ্ণাণ্ডেজে৷  জৰুৰীকালীন অৱস্থাৰ সময়ত ১৯৭৬ চনৰ ১০ জুনত কলিকতাৰ পৰা গ্ৰেপ্তাৰ হৈছিল জৰ্জ ফাৰ্ণাণ্ডেজ৷ বোমা সৰবৰাহ কৰি চৰকাৰী প্ৰতিষ্ঠানত বিস্ফোৰণ ঘটোৱাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল৷ এই গোচৰৰ ৩০০০ পৃষ্ঠাৰ অভিযোগনামা তদন্তকাৰী প্ৰতিষ্ঠানে জমা দিয়াৰ পাছত তেওঁ জামিন পাই যদিও তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল৷  ফাৰ্ণাণ্ডেজে তিহাৰ জে’লত বন্দীত্বৰ জীৱন কটাই আছিল৷ জয় প্ৰকাশ নাৰায়ণৰ হেঁচাত তেওঁ জে’লৰ পৰাই বিহাৰৰ মুজাফ্‌ৰপুৰ সমষ্টিত জনতা পাৰ্টীৰ টিকটত নিৰ্বাচন খেলিবলৈ সন্মত হয়৷ অভিযুক্ত হিচাপে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে ঠিকেই কিন্তু সমষ্টিলৈ যোৱাৰ সুযোগ নাপালে৷ পুলিচকৰ্মীৰ মাজত শিকলিৰে বন্ধা হাতৰে ৰাইজক অভিবাদন জনাই থকা এখন কলা-বগা ফটোৱেই আছিল তেওঁৰ প্ৰচাৰৰ সমল৷ সমষ্টিৰ এটা অংশও বাদ পৰা নাছিল এই ফটো খনৰ পৰা৷ মাত্ৰ এখন ফটোৰেই এবাৰো সমষ্টি ভ্ৰমণ নকৰাকৈ ৩ লাখ ভোটত জয়লাভ কৰিছিল এই নেতাজনে৷ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনা জৰ্জ ফাৰ্ণাণ্ডেজৰ আদালতত শুনানি আছিল৷ শুনানিৰ সময়তে তেওঁৰ জয়ৰ বাতৰি বিয়পি পৰিল৷ বহু বিশ্লেষকে ক’ব খোজে আদালত কক্ষত ৰাইজৰ ভিৰ আৰু উৎসাহৰ সন্মুখত ন্যায়াধীশৰ জামিন প্ৰদান কৰাৰ বাহিৰে গত্যন্তৰ নাছিল৷ অখিল গগৈ আৰু জৰ্জ ফাৰ্ণাণ্ডেজৰ ৰাজহুৱা জীৱনত কিছু সাদৃশ্য দেখা পোৱা যায়৷ অৱশ্যে ফাৰ্ণাণ্ডেজৰ পৰিসৰ সৰ্বভাৰতীয় আছিল৷ তেওঁ অঞ্চল বিশেষে জাতীয়তাবাদত বিশ্বাসী নাছিল৷ অখিল গগৈও এইবাৰ জে’লৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ গুৱাহাটীত তেওঁ বন্দিত্বৰ জীৱন কটাইছে আৰু শিৱসাগৰত অৱতীৰ্ণ হৈছে৷ ফাৰ্ণাণ্ডেজ গ্ৰেপ্তাৰ হৈছিল বিস্ফোৰণৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত  আৰু অখিলৰ বিৰুদ্ধে ৰুজু হৈছে  বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত গোচৰ৷ অখিলে হাস্পতালৰ পৰাই পত্ৰ লিখিছিল ভোটাৰলৈ আৰু ফাৰ্ণাণ্ডেজে টেপ ৰেকৰ্ডাৰত বাণীবদ্ধ কৰিছিল ভাষণ৷ কিন্তু ১৯৭৭চনৰ পটভূমি ২০২১চনতকৈ পৃথক ৷ সেয়া আছিল দেশৰ সাধাৰণ নিৰ্বাচন আৰু এইয়া অসমৰ বিধানসভা নিৰ্বাচন৷ ফাৰ্ণাণ্ডেজে জয়লাভ কৰি মন্ত্ৰী হৈছিল৷ অখিল গগৈও অৱশেষত জয়লাভ কৰিলে যদিও ন্যায়ালয়ৰ পৰা কেতিয়া তেওঁ জামিনত মুক্তি লাভ কৰিব সেয়া বৰ্তমানে অনিশ্চিত৷ 

শিৱসাগৰত ইতিহাস ৰচিব অখিলেঃ প্ৰিয়দা গগৈ

শিৱসাগৰত ইতিহাস ৰচিব অখিলে– মাতৃ প্ৰিয়দা গগৈৰ এই বিশ্বাস আজি পূৰ্ণ হ’ল৷ যোৱা ২০ মাৰ্চত ৮০ বছৰীয়া অখিলৰ ৰুগীয়া মাতৃয়ে আত্মবিশ্বাসেৰে শিৱসাগৰবাসীৰ অখিল গগৈৰ প্ৰতি থকা আন্তৰিকতা দেখি স্বতঃফুৰ্ত ভাৱে মাতৃ প্ৰিয়দা গগৈৰ মুখত নিগৰি আহিছিল– ‘শিৱসাগৰত অখিলে ইতিহাস ৰচিব’৷ অখিলৰ মাতৃৰ শিৱসাগৰবাসীৰ প্ৰতি অগাধ বিশ্বাস সত্য প্ৰমাণিত কৰিলে আজি নিৰ্বাচনৰ ফলাফলত৷ উল্লেখ্য যে,  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অবিৰত চুনামি আৰু  হাই প্ৰ’ফাইল মন্ত্ৰীৰ ধাৰাবাহিক প্ৰচাৰ  লগতে কাৰাগাৰৰ চাৰিবেৰাৰ মাজত আৱদ্ধ থকাৰ পাছতো ঐতিহাসিক সমষ্টিটোৰ হাজাৰ হাজাৰ জনতাৰ আৱেগক সাৰথি কৰি কংগ্ৰেছৰ অক্ষত দূৰ্গখ্যাত সমষ্টিটোত কংগ্ৰেছক তৃতীয় স্থানলৈ ঠেলি হেভিৱেট বিজেপি প্ৰাৰ্থীগৰাকীক ১১,৯৫০ টা ভোটত পৰাস্ত কৰিবলৈ সক্ষম হোৱাৰ বতৰাই আজি সমগ্ৰ শিৱসাগৰতেই এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰতীয় দণ্ডবিধি আইন আৰু দূৰ্যোগ প্ৰশমন আইনৰ অধীনত কেতবোৰ গুৰুতৰ নীতি নিদ্দেৰ্শনা বলৱৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ জনতাই স্বতঃস্ফূৰ্তভাৱে ভোট গণনা কেন্দ্ৰৰ সন্মুখত নিজৰ উল্লাহ প্ৰকাশ কৰিব নোৱাৰিলে যদিও সমষ্টিটোৰ অন্তৰ্গত প্ৰতিখন গাঁৱৰ সাধাৰণ ৰাইজে আজি বিয়লিভাগৰ পৰাই নিজ গৃহৰ পৰা পথলৈ ওলাই আহি বিজয় উল্লাহ প্ৰদৰ্শন কৰে৷ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা কিছু সময়ৰ পূৰ্বে আনুষ্ঠানিকভাৱে কাৰাৰুদ্ধ কৃষক নেতা গৰাকী বিজয়ী হৈছে বুলি ঘোষণা কৰিছে৷ এই ঘোষণাৰ সময়তেই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা কৃষক নেতা গৰাকীয়ে ৰাইজৰ দলৰ হৈ ৫৬,৯১৪টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰীয়ে ৪৪,৯৬৪টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ চাৰিবাৰকৈ শিৱসাগৰ সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা কংগ্ৰেছে এইবাৰ সমষ্টিটোত সুভ্ৰমিত্ৰ গগৈ দৰে এগৰাকী  যুৱ-প্ৰাৰ্থীক সমষ্টিটোত প্ৰক্ষেপ কৰিছিল যদিও প্ৰাৰ্থীগৰাকীয়ে মাত্ৰ ১৯,১৪৩টা ভোটতেই তৃতীয় স্থানত সন্তুষ্ট থাকিব লগীয়া হয়৷ উল্লেখ্য যে ২০১৯ চনৰ ৯ ডিচেম্বৰত শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এক ঐতিহাসিক ‘কা’-বিৰোধী শোভাযাত্ৰাৰ পাছৰ পৰাই শিৱসাগৰত আৰম্ভ হৈছিল অখিল গগৈক ঐতিহাসিক সমষ্টিটোৰ পৰা বিধানসভালৈ নিৰ্বাচিত কৰি নিয়াৰ এক চৰ্চা৷ কিন্তু অতি দূৰ্ভাগ্যজনকভাৱে শিৱসাগৰত আৰম্ভ হোৱা ঐতিহাসিক ‘কা’-বিৰোধী প্ৰতিবাদী শোভাযাত্ৰাৰ পিছতেই সমগ্ৰ ৰাজ্যতেই সৃষ্টি হৈছিল অভাৱনীয় হিংসাত্মক পৰিস্থিতিৰ৷ এই ঘটনাৰ বাবে দায়ী কৰি কৃষক নেতা অখিল গগৈক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল৷ কিন্তু ‘কা’-বিৰোধী আন্দোলনৰ প্ৰেক্ষাপটত শিৱসাগৰত আৰম্ভ হোৱা অখিল গগৈক বিধান সভালৈ নিৰ্বাচন কৰি নিয়াৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ লগতে কৃষক মুক্তি, ৰাইজৰ দল, ছাত্ৰ মুক্তিয়ে ঐক্যবদ্ধভাৱে ৰাইজৰ দল নামৰ এটা নতুন ৰাজনৈতিক দল গঠনেৰে কাৰাগাৰত আৱদ্ধ থকা নেতাজনক সমষ্টিটোৰ পৰা প্ৰক্ষেপ কৰিছিল৷ এফালে হাইপ্ৰ’ফাইল বিজেপি নেতা আৰু আনফালে মেহনতি জনতাৰ হৈ কাৰাৰুদ্ধ কৃষক নেতাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে শিৱসাগৰত প্ৰচাৰৰ নেতৃত্ব বহন কৰিছিল কৃষক নেতাগৰাকীৰ মাতৃ প্ৰিয়দা গগৈৰ লগতে কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষক নেতাৰ লগতে শীৰ্ষ পৰিৱেশ কৰ্মী আৰু বিজেপি দলৰ নীতি আদৰ্শক তীক্ষ্ণ সমালোচনা কৰা ৰাষ্ট্ৰীয় নেতাই৷ ৰাজনৈতিক বিশ্লেষকে পৰাজয় নিশ্চিত বুলি দাবী কৰা সমষ্টিটোত আজি পুৱা প্ৰথম লানি গণনাৰ পিছতেই অখিল গগৈয়ে প্ৰায় ৩৫০০ টা ভোটত অগ্ৰগতি লাভ কৰি পৰৱৰ্তী সময়ত এবাৰলৈ ভোট যুদ্ধত পিছ পৰি নৰৈ শিৱসাগৰৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ ইংগিত বহন কৰিছিল৷ মুঠ ষোল্লটা ৰাউণ্ড সমাপ্তিৰ অন্তত সন্ধিয়াৰ ভাগলৈ ৰিটাৰ্ণিং বিষয়াই কৰিছিল ৰাজনৈতিক বিশ্লেষকক স্তম্ভিত কৰা সেই ঐতিহাসিক ঘোষণাটো৷ ১০৮নং শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা অখিল গগৈয়ে আনুষ্ঠানিক বিজয় সাব্যস্ত কৰাৰ পাছতেই ক’ভিড প্ৰট’কলৰ মাজতেই অখিল গগৈৰ সমৰ্থকে অখিল গগৈৰ অনুপস্থিতিত বৃহৎ কাট আউট লৈ ৰাজপথত শোভাযাত্ৰা উলিয়ায়৷ শিৱসাগৰ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত বিয়লিৰ ভাগৰ পৰাই এক আৱতৰীয়া দেৱালী সদৃশ পৰিৱেশৰ সৃষ্টি হয়৷ স্মৰ্তব্য যে বিগত বিধান সভা নিৰ্বাচনতো বৰ্তমানৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে প্ৰয়াত কংগ্ৰেছী বিধায়ক প্ৰণৱ গগৈৰ হাতত ৫৪২ টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে৷ শিৱসাগৰ সমষ্টিটোত দলটোৰ এক শক্তিশালী স্থিতি গঢ়ি তোলা সুৰভি ৰাজকুঁৱৰীৰ পৰাজয়ৰ আঁৰত জাতীয়তাবাদী ভাৱাপন্ন জনতাৰ ‘কা’-বিৰোধী স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন নে সুৰভি ৰাজকুঁৱৰীক দলৰে এটা পক্ষই শ’লঠেকত পেলালে সেইয়া এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই৷ অৱশ্যে মৌন ভূমিকা পালন কৰা সমষ্টিটোৰ সাধাৰণ ভোটাৰ ৰাইজে ‘কা’-আইনৰ বিৰুদ্ধে, জে’লত আৱদ্ধ নেতা গৰাকীৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে যে প্ৰতিশোধ স্বৰূপে ভোট দান কৰিলে সেইয়া কিন্তু এই মুহূৰ্তত প্ৰায় স্পষ্ট হৈ পৰিছে৷ অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ৰাজ্যৰ ৰাজনৈতিক বিশ্লেষকৰ সম্ভাৱ্য ভৱিষ্যৎ বাণীক একপ্ৰকাৰৰ নস্যাৎ কৰি ঐতিহাসিক ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে অৱশেষত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হ’ল৷