পাকিস্তানক তথ্য যোগান ধৰা বায়ুসেনাৰ অৱসৰী বিষয়া গ্ৰেপ্তাৰ
‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ডিচেম্বৰঃ ভুৱা একাউণ্টৰ সহায়ত একাংশ লোকক জালত পেলাই পাকিস্তানী চোৰাংচোৱা সংস্থাই দেশৰ গুৰুত্বপূৰ্ণ সামৰিক তথ্য সংগ্ৰহৰ একাধিক ঘটনা ইতিমধ্যেই দেশৰ বিভিন্ন প্ৰান্তত পোহৰলৈ অহাৰ সময়ত অনুৰূপ ধৰণে এনে চক্ৰৰ জালত বন্দীহোৱা এজন বায়ু সেনাৰ প্ৰাক্তন বিষয়াক গ্ৰেপ্তাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে৷ আজি এই সন্দৰ্ভত শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই প্ৰকাশ কৰা অনুসৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ স’তে যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা তেজপুৰ পাটিয়া চুবুৰীৰ নিৱাসী কুলেন্দ্ৰ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দেশৰ নিৰাপত্তাজনিত গুৰুত্বপূৰ্ণ বিষয়টোৰ সন্দৰ্ভত অধিক তদন্ত চলাই আছে৷ উল্লেখ্য, যোৱা নিশা শৰ্মাক আৰক্ষীয়ে ৭৮৫/২৫নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰে৷ আজি বিয়লি তেজপুৰ আদালতত হাজিৰ কৰা শৰ্মাক আদালতে আৰক্ষীৰ আবেদনৰ ভিত্তিত পাঁচদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷ উল্লেখ্য, তেজপুৰ বায়ু সেনা ঘাটিত জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে কৰ্মৰত শৰ্মাই ২০০২ ত অৱসৰগ্ৰহণ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ত ইলেক্টª’নিক ছায়েঞ্চ বিভাগত কৰ্মৰত হৈ ইয়াৰপৰাও অৱসৰগ্ৰহণ কৰিছিল৷ উল্লেখ্য, নলবাৰীৰ পৰা আহি কৰ্মসূত্ৰে তেজপুৰৰ গৰৈমাৰীত প্ৰথমে থাকিবলৈ লোৱা শৰ্মাই পৰৱৰ্তী সময়ত সেই মাটি-ঘৰ বিক্ৰী কৰি পাটীয়াচুবুৰিত স্থায়ীভাৱে থাকিবলৈ লয়৷ শৰ্মাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সামৰিক তথ্য পাকিস্তানী চোৰাংচোৱা সংস্থাক গোপনে যোগান ধৰাৰ অভিযোগ উত্থাপনৰ বিষয়ে উল্লেখ কৰি আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁৰ লেপটপ আৰু মোবাইল ফোন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷
ঘটনা সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুৰকায়স্থই কয় যে, প্ৰথম অৱস্থাত পাকিস্তানী দুগৰাকী যুৱতীৰ স’তে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে চিনাকি হৈ শৰ্মাই তেওঁলোকৰ স’তে সঘনাই বাৰ্তালাপত ব্যস্ত হৈ পৰে৷ প্ৰকৃততে সেই দুগৰাকী যুৱতীৰ পৰিচয়ৰ সত্যতাৰ ওপৰতো সন্দেহ ব্যক্ত কৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষকজনে কয় যে, শৰ্মাই যোগান ধৰা বহু তথ্য ইতিমধ্যে তেওঁ মোবাইলৰ পৰা বিলুপ কৰিছে আৰু আৰক্ষীয়ে সেইবোৰ উদ্ধাৰৰ চেষ্টা চলাই আছে৷ গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীৰ আগত তেওঁ পাকিস্তানী চোৰাংচোৱাৰে সম্পৰ্ক ৰক্ষা কৰাৰ বিষয়ে স্বীকাৰ কৰা বুলি প্ৰকাশ কৰি তদন্তকাৰী আৰক্ষীয়ে এই সন্দৰ্ভত অধিক অনুসন্ধান চলাই থকা বুলিও কয়৷ প্ৰণিধানযোগ্য যে, শৰ্মাই সেই সন্দেহজনক যুৱতীকেগৰাকীৰ স’তে কিমানদিনৰ পৰা এইদৰে সম্পৰ্ক ৰক্ষা তথা তথ্যৰ যোগান ধৰিছিল সেই বিষয়ে এইপৰ্যন্ত সবিশেষ তথ্য উদ্ধাৰ হোৱা নাই যদিও অতিশয় স্পৰ্শকাতৰ বিষয়টোৰ আঁৰৰ সকলো ৰহস্য শীঘ্ৰেই উদ্ঘাটন হ’ব বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ ইপিনে শৰ্মাৰ এনে কুকাৰ্যৰ বিষয়ে প্ৰকাশ পোৱাৰ পাছতেই আজি তেজপুৰৰ পাটীয়া চুবুৰীৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আজি শৰ্মাৰ বাসগৃহৰ দেৱালত তেওঁৰ এনে কাৰ্যৰ বিৰুদ্ধে পোষ্টাৰ আঁৰি দি স্থানীয় পুৰুষ-মহিলাই শৰ্মাক দেশ এৰি পাকিস্তানলৈ যাবলৈ কৈ দেশদ্ৰোহী হিচাপে আখ্যা দি কুলেন্দ্ৰ শৰ্মাৰ বাসগৃহৰ সন্মুখত ক্ষোভিত গাঁওবাসীয়ে গ’ বেক ধবনি দিয়ে৷ আনহাতে এই সন্দৰ্ভত আজি সন্ধিয়া পাটীয়াচুবুৰী গাঁওবাসীয়ে জৰুৰীকালীন সভা আহ৩ান কৰি এই সভাত শৰ্মাৰ বিৰুদ্ধে গাঁও এৰি যাব লাগিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে৷ উল্লেখ্য, প্ৰায় ১০ বছৰ পূৰ্বে তেজপুৰৰ পাটীয়াচুবুৰীত ঘৰ সাজি থাকিবলৈ লৈছিল কুলেন্দ্ৰ শৰ্মাই৷ এগৰাকী কন্যাক ইতিমধ্যে বিয়া দিয়াৰ লগতে তেওঁৰ একমাত্ৰ পুত্ৰও কৰ্মৰত ভাৰতীয় বায়ু সেনা বাহিনীত৷ গাঁওবাসীৰ লগত কোনো ধৰণৰ সু-সম্পৰ্ক ৰক্ষা কৰা নাছিল বুলিও ৰাইজে প্ৰকাশ কৰে ধৃত কুলেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে৷ মাতৃভূমিৰ গোপন তথ্য বিক্ৰী কৰা কুলেন্দ্ৰ শৰ্মাৰ পৰিয়ালে গাঁও নেৰিলে খেদি পঠিওৱাৰ পৰিকল্পনা গ্ৰহণ কৰা বুলিও কয় ৰাইজে৷






