Logo
image

চাৰ্জশ্বীটৰ মতে জুবিন হত্যাৰ মূল পৰিকল্পনাকাৰী সিদ্ধাৰ্থ-শ্যামকানু

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ ছিংগাপুৰৰ সাগৰত অতি ৰহস্যজনক পৰিস্থিতিত প্ৰাণ হেৰুওৱা হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো এটা সাধাৰণ দুৰ্ঘটনাজনিত ঘটনা নাছিল৷ জুবিনৰ মৃত্যু সম্পূৰ্ণ পৰিকল্পিতভাৱে সংঘটিত কৰা আটাইতকৈ ‘বিৰলতম’ হত্যাকাণ্ড বুলি অভিহিত কৰি ইতিমধ্যে আই পি এছ মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বাধীন বিশেষ তদন্তকাৰী গোট চমুকৈ এছ আই টিয়ে আদালতত বিস্ফোৰক অভিযোগনামা দাখিল কৰিছে৷ চি আই ডিৰ ১৮/২০২৫ নম্বৰৰ গোচৰটোত এছ আই টিয়ে দাখিল কৰা অভিযোগনামাৰ প্ৰতিলিপি আহি পৰিছে ‘আমাৰ অসম’ৰ হাতত৷ অভিযোগনামাত এছ আই টিয়ে জুবিনৰ মৃত্যুৰ ঘটনাটোক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি চাঞ্চল্যকৰ অভিযোগ কৰিছে৷ ‘আমাৰ অসম’ৰ পূৰ্বৰ প্ৰতিবেদনত এছ আই টিয়ে গোচৰটোৰ তদন্ত কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, চিকিৎসকৰ মতামত, অভিযুক্তৰ ভাষ্য আৰু আনুসংগিক তথ্য-প্ৰমাণ বিশ্লেষণ কৰি ছিংগাপুৰক জুবিনৰ মৃত্যুৰ ঘটনাটোক দুৰ্ঘটনা নহয়, বৰঞ্চ আটাইতকৈ ‘বিৰলতম’ হত্যাকাণ্ড হিচাপে চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ তথ্য প্ৰকাশ পাইছিল৷ অভিযোগনামাত জুবিনৰ হত্যাকাণ্ডৰে কোন কেনেকৈ জড়িত তাৰো সবিশেষ উল্লেখ কৰিছে৷ জুবিনৰ চিকিৎসা সম্পৰ্কীয় তথ্য-প্ৰমাণৰ ভিত্তিত এছ আই টিয়ে অসমবাসীৰ হিয়াৰ আমঠু শিল্পীজনক পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল বুলিও নিশ্চিত হৈছে৷ অভিযোগনামাত জুবিনৰ মূল হত্যাকাৰী হিচাপে এছ আই টিয়ে অভিযুক্ত কৰিছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তক৷ ছিংগাপুৰত সংঘটিত এই পৰিকল্পিত হত্যাকাণ্ডটোত অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গক সহায়কাৰী হিচাপে অভিযুক্ত কৰিছে৷ মেডিকেল ৰিপ’ৰ্ট বিশ্লেষণ কৰি এছ আই টিয়ে জুবিনৰ ‘হত্যাকাণ্ড’ক লৈ উপনীত হোৱা শেষ সিদ্ধান্তৰ তথ্য অভিযোগনামাৰ ৮৩ নম্বৰ দফাত স্পষ্টকৈ উল্লেখ কৰিছে৷

অভিযোগনামাত উক্ত দফাত এছ আই টিয়ে উল্লেখ কৰিছে এইদৰে– জুবিন এজন মৃগী ৰোগী আৰু সেই ৰোগত বিগত ৭ বছৰ ধৰি ভূগি আছিল৷ তেওঁ সঘন আৰু প্ৰতি বছৰেই ছিজাৰত আক্ৰান্ত হৈ আছিল৷ চিকিৎসকৰ স্পষ্ট পৰামৰ্শ আছিল যে জুবিনক পানী, জুই আৰু সাঁতোৰা বা গাড়ী চালনাৰ পৰা আঁতৰাই ৰাখিব লাগিব৷ জুবিনক মুম্বাইত নিচামুক্তি আৰু মানসিক স্বাস্থ্যৰ চিকিৎসা প্ৰদান কৰা হৈছিল৷ সুৰাৰ আসক্তিৰ পৰা মুক্ত কৰিবলৈ জুবিনক ১৪ বাৰকৈ ইলেক্ট কনভালচন থেৰাপী দিয়া হৈছিল৷ তথাপিও মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ স্বাস্থ্যৰ বাবে বিপজ্জনক বুলি জানি বুজিও নিয়মিতভাৱে আৰু অত্যাধিক মাত্ৰাত সুৰা পান কৰোৱাইছিল৷ জুবিনে নিয়মীয়াকৈ ছিজাৰৰ বাবে লেভিপিল আৰু উচ্চ ৰক্তচাপৰ বাবে মেট’প্ৰ’ল’ল ঔষধ সেৱন কৰিছিল৷ বহু সময়ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ চিকিৎসা সংক্ৰান্তীয় নথি-পত্ৰতো স্বাক্ষৰ কৰিছিল৷ চিকিৎসকৰ পৰা মেনেজাৰ সিদ্ধাৰ্থই জুবিনৰ ৰোগ, স্বাস্থ্যৰ অৱস্থা আৰু ল’বলগীয়া সাৱধানতাৰ বিষয়ত সম্পূৰ্ণভাৱে অৱগত হৈছিল৷ ইয়াৰ পৰা প্ৰমাণিত হয় সিদ্ধাৰ্থ শৰ্মা সম্পূৰ্ণ জ্ঞাত আছিল যে জুবিনক পানী, জুই, গাড়ী চালনা আৰু সাতোঁৰাৰ পৰা আঁতৰাই ৰাখিব লাগিব৷ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু অমৃতপ্ৰভা মহন্তই ছিংগাপুৰত জুবিনক অত্যাধিক পৰিমাণৰ মদ্যপান কৰোৱাই হত্যা কৰিছিল৷ মৰণোত্তৰ পৰীক্ষাৰ সময়ত জুবিনৰ তেজত এলকহলৰ পৰিমাণ আছিল প্ৰতি ডেচিলিটাৰত ৩৩৩ মিলিগ্ৰাম আৰু প্ৰস্ৰাৱত প্ৰতি ডেচিলিটাৰত ৩৬৯ মিলিগ্ৰাম৷ যি পৰিমাণৰ সুৰাই এজন মানুহক প্ৰায় সংজ্ঞাহীন অৱস্থালৈ লৈ যায়, য’ত মানুহজনৰ মনোসংযোগ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে৷ মাত্ৰাধিক নিচাগ্ৰস্ত হৈ পৰা মানুহ এজনে যুক্তিসংগত বিবেচনা বা সাৱধানতা অৱলম্বন কৰিব নোৱাৰে৷ এনে অৱচেতন অৱস্থাত জুবিনক লাইফ জেকেট নোহোৱাকৈ লুণীয়া সাগৰত সাতুঁৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ অথচ জুবিন মৃগী ৰোগত আক্ৰান্ত হোৱাৰ মেডিকেল হিষ্টৰী থকাৰ বিষয়ে জ্ঞাত আছিল সিদ্ধাৰ্থ৷ আনকি মেনেজাৰ হিচাপে সিদ্ধাৰ্থক চিকিৎসকে জুবিনৰ স্বাস্থ্য আৰু চিকিৎসাক লৈ বিশেষভাৱে পৰামৰ্শ দিছিল, জুবিনৰ চিকিৎসাৰ ডিচাৰ্জ চাৰ্টিফিকেটতো স্বাক্ষৰ কৰিছিল সিদ্ধাৰ্থই৷


এই তথ্যই প্ৰমাণ কৰে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই পূৰ্ব পৰিকল্পিতভাৱে অমৃতপ্ৰভাৱ মহন্ত আৰু আন সহ অভিযুক্তৰ সহযোগত ইচ্ছাকৃতভাৱে জুবিনক হত্যা কৰিছিল৷ যিসকলে জুবিনক মদ্যপান কৰোৱাই নিচাগ্ৰস্ত কৰি সাগৰত সাতুঁৰিবলৈ বাধ্য কৰোৱাইছিল৷ কাৰণ এনে অৱস্থাত সাগৰত সাতুঁৰিলে জুবিনৰ বাবে অতি বিপজ্জনক আছিল, মৃত্যু হোৱাটোও প্ৰায় নিশ্চিত আছিল আৰু বাস্তৱতো সেইটোৱেই ঘটিছিল৷ জুবিন পানীত ডুব গৈ মৃত্যু হোৱাটো পূৰ্ব পৰিকল্পনাৰ প্ৰতিফলন আছিল৷ এই পৰিকল্পনা আছিল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ৷ অমৃতপ্ৰভা, শেখৰ আৰু সন্দীপনৰ বিভিন্ন কাৰ্যই জুবিনৰ মৃত্যুত অৰিহণা যোগাইছিল৷ যি পৰিস্থিতি আৰু যি স্থানত জুবিন ছিজাৰত ভুগিছিল, তাৰ পৰা স্পষ্ট হয় যে জুবিন এজন গুৰুতৰ মৃগী ৰোগী আছিল আৰু তেনে ৰোগীক যে পানী, জুই আৰু গাড়ী চালনাৰ পৰা আঁতৰাই ৰাখিব লাগে সেয়া সৰ্বজনবিদিত৷ ইয়াৰ ভিত্তিত এছ আই টিয়ে স্পষ্ট সিদ্ধান্তত আহিছে যে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু আন সহ অভিযুক্তসকলে জুবিনৰ মৃগী ৰোগৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞাত আছিল আৰু সাগৰত সাতোৰাটো তেওঁৰ বাবে অতিশয় বিপজ্জনক বুলিও জানিছিল৷ সেয়েহে এইটো এটা অতিকে বিৰলতম ঘটনা, য’ত জুবিনক পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰা হয়৷ অভিযুক্তসকলে সু-সংগঠিতভাৱে পৰিস্থিতি পৰিচালনা কৰিছিল, যিবোৰ সাধাৰণ লোকৰ বাবে আপাতদৃষ্টিত আকস্মিক যেন লাগিলেও গভীৰ বিশ্লেষণ কৰিলে এক সুচিন্তিত আৰু সু-পৰিকল্পিত অপৰাধৰ আৰ্হি স্পষ্ট হৈ উঠে৷’

এছ আই টিয়ে উক্ত মেডিকেল তথ্য, অভিযুক্ত আৰু সাক্ষীৰ ভাষ্য তথা আনুসংগিক নথি-পত্ৰ বিশ্লেষণ কৰি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে জুবিনক হত্যা কৰাৰ ৯ টাকৈ প্ৰমাণ নিশ্চিত কৰিছে৷ সিদ্ধাৰ্থ শৰ্মাক অভিযুক্ত কৰি উল্লেখ কৰা প্ৰমাণৰ বিৱৰণৰ অন্যতম হৈছে– ভুক্তভোগীক (জুবিন) নিচাগ্ৰস্ত অৱস্থালৈ লৈ গৈ আৰু সেই নিচাগ্ৰস্ত তথা প্ৰায় অৱচেতন হৈ অসাৰ হৈ পৰা অৱস্থাত, স্বয়ংক্ৰিয়ভাৱে অংগ সঞ্চালন কৰিব নোৱৰাকৈ শৰীৰত শক্তি হ্ৰাস পাই প্ৰতিক্ৰিয়াহীন হৈ পৰোতে ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া, লাইফ জেকেট অবিহনে সাঁতুৰিবলৈ দিয়া আৰু সাঁতুৰি থকা অৱস্থাত হোৱা বমি আৰু মৃগী ৰোগৰ লক্ষণসমূহক সাধাৰণ গেষ্ট্ৰিকৰ সমস্যা বুলিহে অৱহেলা কৰা, বিপদত পৰাৰ সময়ত ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ নাযাবলৈ য়টত থকা আন সকলোকে আহ্বান জনোৱা আৰু ‘যাব দে, যাব দে’ বুলি কৈ ভুক্তভোগীক বিপদলৈ ঠেলি দিয়া, জুবিনৰ লাইফ শ্ব’ৰ পৰা অৱসৰ দিয়াৰ পৰিকল্পনা আৰু ভুক্তভোগীৰ পৰা সৰ্বাধিক বিত্তীয় লাভ আদায় কৰি মহাবীৰ একুৱা, হোটেল হেৰিটেজ আৰু পৰিবহণ ব্যৱসায়ত বিনিয়োগেৰে নিজৰ স্বাৰ্থ পূৰণ কৰা৷ তদুপৰি শ্যামকানু মহন্তকো জুবিনক হত্যাৰ বাবে অভিযুক্ত কৰি ৬ টা প্ৰমাণ উল্লেখ কৰিছে৷ সেই কেইটা হৈছে– ভুক্তভোগী (জুবিন)ৰ বাবে বিপজ্জনক বুলিও জানিও হুইস্কিৰ বটল যোগান ধৰা, সহ-শিল্পী অমৃতপ্ৰভাৰ সৈতে হোটেলত একেলগে থাকিবলৈ দি মদৰ যোগান ধৰা, য়ট পাৰ্টীৰ আয়োজকক জুবিনৰ চিকিৎসা সম্পৰ্কত অৱগত নকৰা, জুবিনৰ বাবে সুৰক্ষা, নিৰাপত্তা তথা চিকিৎসাগত কোনো ব্যৱস্থা নকৰা, য়ট পাৰ্টী বাতিল নকৰা, দুৰ্ঘটনাৰ পাছৰ ‘গল্ডেন আৱাৰ’ত জুবিনক প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা নকৰি ৭৫ মিনিটৰ পাছতহে চিকিৎসাৰ বাবে এম্বুলেন্সত নিয়াৰ গাফিলতি আদি৷