আজি জুবিন-মৃত্যুৰ তৃতীয় শুনানি, অভিযুক্তৰ চাৰ্জফ্ৰেম
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ জানুৱাৰীঃ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ জ্জ অভিযুক্তৰ বিৰুদ্ধে কাইলৈ অৰ্থাৎ মঙলবাৰে চাৰ্জ ফ্ৰেমৰ শুনানি হ’ব কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত৷ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত দ্বিতীয় দিনাৰ বাবে হ’বলগীয়া শুনানিত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তসহ ৭ অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কি ধাৰাত বিচাৰ চলিব তাক নিশ্চিত কৰাৰ সম্ভাৱনা আছে৷ জুবিনৰ ‘হত্যাকাণ্ড’ত সিদ্ধাৰ্থ-শ্যামকানু বাহিনীৰ বিৰুদ্ধে হত্যাৰ ধাৰাত বিচাৰ হ’ব নে নাই তাক সত্ৰ ন্যায়াধীশৰ আদালতে চূড়ান্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ অৱশ্যে, সত্ৰ ন্যায়াধীশৰ আদালতত চাৰ্জ ফ্ৰেমৰ বাবে শনিবাৰে শুনানি হ’ব যদিও চৰকাৰী পক্ষ বা পদকীয়া পক্ষৰ অধিবক্তাই অতিৰিক্ত সময় লোৱাৰো সুযোগ থাকিব৷ নিয়ম অনুসৰি চাৰ্জ ফ্ৰেমৰ বাবে হোৱা শুনানিত অভিযুক্তই আদালতত সো-শৰীৰে উপস্থিত থাকিব লাগে যদিও এই গোচৰটোত ব্যতিক্ৰম হোৱাত আইন-শৃংখলাজনিত পৰিস্থিতিৰ আশংকাত আদালতৰ অনুমতি সাপেক্ষে কাৰাগাৰ কতৃৰ্পক্ষই ৭ অভিযুক্ত ক্ৰমে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামীৰ লগতে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ভাৰ্চুৱেলী হাজিৰ কৰোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ জুবিন ‘হত্যা’ৰ গোচৰটোত এছ আই টিয়ে অভিযোগনামা দাখিলৰ পাছত তৃতীয়বাৰলৈ হ’বলগীয়া এই শুনানি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব৷ কিয়নো গুৱাহাটী উকীল সন্থাই জুবিনৰ মৃত্যুৰ গোচৰটোত অভিযুক্তৰ হৈ কোনো অধিবক্তাকে আইনী সাহাৰ্য আগনবঢ়াবলৈ আহ্বান জনাইছিল৷ সন্থাৰ আহ্বানমৰ্মে কোনো অধিবক্তাই অভিযুক্তক আইনী সাহাৰ্য আগনবঢ়োৱাত জিলা আইন সেৱা প্ৰাধিকাৰীৰ পৰা অভিযুক্তকেইজনৰ বাবে ৩জনকৈ চৰকাৰী অধিবক্তা নিয়োগ কৰিছিল৷
কিন্তু পূৰ্বৰ শুনানিত গোচৰটোৰ অন্যতম অভিযুক্ত তথা এছ আই টিয়ে অভিযোগনামাত হত্যাৰ ধাৰাত অভিযুক্ত কৰা অমৃতপ্ৰভা মহন্তৰ হৈ আদালতৰ দ্বাৰস্থ হৈছিল গেব্ৰিয়েল চাহু নামৰ এজন কনিষ্ঠ অধিবক্তা৷ লক্ষণীয়ভাৱে, শনিবাৰে চাৰ্জ ফ্ৰেমৰ বাবে হ’বলগীয়া শুনানিত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ আদালতত যুক্তি দিয়াৰ বাবে সাজু হৈছে জ্যেষ্ঠ অধিবক্তা আনন কুমাৰ ভূঞা৷ গুৱাহাটী উকীল সন্থাই অধিবক্তা সমাজক পেছাদাৰিত্বতকৈ সামাজিক দায়িত্ব পালন কৰিবলৈ জনোৱা আহ৩ানকো কেৰেপ নকৰি জুবিনৰ ‘হত্যাকাণ্ড’ৰ অন্যতম মহিলা অভিযুক্তগৰাকীক আইনী সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে জ্যেষ্ঠ অধিবক্তা আনন কুমাৰ ভূঞাই৷ কেৱল অধিবক্তা আনন ভূঞাই নহয়, আন কেইবাজনো জ্যেষ্ঠ অধিবক্তাৰ সৈতে জুবিনৰ গোচৰটোৰ অভিযুক্তসকলে যোগাযোগত থকা বুলিও জানিব পৰা গৈছে৷ যাক লৈ অধিবক্তা সমাজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাও দেখা গৈছে৷ উল্লেখ্য, জুবিনৰ ‘হত্যাকাণ্ড’ৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য বাগ্সা কাৰাগাৰত বন্দী হৈ থকাৰ বিপৰীতে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী হাফলং উপ-কাৰাগাৰত ন্যায়িক জিম্মাত আছে৷ ইফালে, জুবিন গাৰ্গৰ হত্যা গোচৰৰ আইনী প্ৰক্ৰিয়া পৰিচালনা কৰিবৰ বাবে এখন ফাষ্টট্ৰেক স্পেচিয়েল ক’ৰ্ট গঠন কৰিবৰ বাবে অসম চৰকাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ক অনুৰোধ জনাব বুলি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দিনচেৰেক পূৰ্বে কৰা ঘোষণাক আদৰণি জনাইছে গৰিমা গাৰ্গে৷ জুবিন গাৰ্গৰ গোচৰত বিশেষ লোক অধিবক্তা নিয়োগ কৰাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ বাবেও গৰিমা গাৰ্গে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়৷ ইফালে, ‘ৰৈ ৰৈ বিনালে’ চিনেমাৰ ৰাজ্যিক কৰ জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰা কলাগুৰু ফাউণ্ডেচনত দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে৷






