Logo
image

লাখপতি বাইদেউ গৈ গৈ ‘মহালাখপতি’ হ’লগৈ

'আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, পশ্চিম দৰঙৰ প্ৰতিবেদক আৰু ঢেকীয়াজুলিৰ বিশেষ প্ৰতিবেদক, ২ জানুৱাৰীঃ   ‘ৰাজ্যত আঠ লাখতকৈ অধিক মহিলাই ইতিমধ্যে বছৰি এক লাখতকৈ অধিক টকা উপাৰ্জন কৰি লাখপতি বাইদেউ হিচাপে পৰিগণিত হৈছে৷ ইয়াৰে কেইবা হাজাৰ মহিলাই বছৰি দহ লাখতকৈ অধিক উপাৰ্জন কৰি মহালাখপতি বাইদেউ হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে৷’– শুকুৰবাৰে শোণিতপুৰৰ বৰছলাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ চেক বিতৰণ কৰি  এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য, ৰাজ্যৰ নাৰী সমাজৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ ৩০,৬৫৫ গৰাকী আৰু দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ ৩৯,৭০১ গৰাকী  উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে৷ ইয়াকে ধৰি আঁচনিখনৰ জৰিয়তে এতিয়ালৈ ৰাজ্যৰ ৬২ টা বিধানসভা সমষ্টিৰ ১৪,৪৬,০২১ গৰাকী মহিলাৰ মাজত উদ্যমিতা পুঁজি বিতৰণ কৰা হ’ল৷ বৰছলা বিধানসভা সমষ্টিৰ বাবে আয়োজিত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ সভাৰ পৰাই আজি মুখ্যমন্ত্ৰীয়ে আভাসীয়ভাৱে ৩০৬ কোটি টকা প্ৰকল্প ব্যয়েৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত নিৰ্মাণ হ’বলগীয়া ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু৩৫ কোটি টকা প্ৰকল্প ব্যয়েৰে নিজ-বিহগুৰিত নিৰ্মাণ হ’বলগীয়া কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে ১১ কোটি টকা প্ৰকল্প ব্যয়েৰে নিৰ্মাণ কৰা সৰকাহাট মিনি ষ্টেডিয়ামখনো আভাসীয়ভাৱে উদ্বোধন কৰে৷ উল্লেখযোগ্য যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত নিৰ্মাণ হ’বলগীয়া ছুপাৰ স্পেচিয়েলিটি হাস্পতাল ব্লকৰ ৬ মহলীয়া ভৱনটোত কাৰ্ডিঅ’লজি, নিউৰ’লজি, নেফ্ৰ’লজি, ইউৰ’লজি আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ লগতে জৰুৰীকালীন সেৱাসমূহ উপলব্ধ হ’ব৷ ইয়াৰ উপৰি ইয়াত শৱাগাৰ ব্লক, মেডিকেল গেছ পাইপলাইন ব্যৱস্থা, কেফেটেৰিয়া আৰু আৱৰ্জনা নিষ্কাষণৰ বাবে অত্যাধুনিক ব্যৱস্থাসমূহ থাকিব, যিয়ে জনসাধাৰণক বিশ্বমানৰ চিকিৎসা সেৱা আগবঢ়াব৷ আনহাতে নিজ বিহগুৰিত নিৰ্মাণ হ’বলগীয়া কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ তিনিমহলীয়া শৈক্ষিক ভৱনটোত পৰ্যাপ্ত শ্ৰেণীকোঠা, বিজ্ঞানাগাৰ, ডিজিটেল শ্ৰেণীকোঠা, শিক্ষকৰ কোঠা আৰু লেকচাৰ ৰেকৰ্ডিং ষ্টুডিঅ’ৰ দৰে আধুনিক শৈক্ষিক সুবিধাসমূহ থাকিব৷ এই পদক্ষেপে যুৱ প্ৰজন্মক উচ্চ মানদণ্ডৰ শিক্ষাৰে সৱলীকৰণ কৰাত সহায় কৰিব৷  মুখ্যমন্ত্ৰীয়ে আজি উদ্বোধন কৰা বৰছলা সমষ্টিৰ সৰকাহাট খেলপথাৰত নিৰ্মিত সৰকাহাট মিনি ষ্টেডিয়ামত এখন ফুটবল খেলপথাৰ, খেলুৱৈৰ বাবে থকা-মেলাৰ ব্যৱস্থাসহ আৰ চি চি গেলাৰী আৰু বক্সিং ৰিং তথা দুখন বেডমিণ্টন কোৰ্ট থকা এটা ইনড’ৰ ষ্টেডিয়াম অন্তৰ্ভুক্ত আছে৷ খেলুৱৈ আৰু দৰ্শকৰ সুবিধাৰ বাবে ইয়াত পাৰ্কিং, অনাময় ব্যৱস্থা, পানী যোগান আৰু বৈদ্যুতিকীকৰণৰ সু-ব্যৱস্থা কৰা হৈছে৷ এই উপলক্ষে বৰছলা সমষ্টিৰ ঠেলামৰাৰ ঘাটগাঁও ৰাজহুৱা খেলপথাৰ আৰু ছিপাঝাৰ সমষ্টিৰ  ৰামগাঁৱৰ ঐতিহাসিক জোৰা পুখুৰী পাৰত আয়োজিত দুখন পৃথক জনসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে মহিলাসকলৰ সন্মান বৃদ্ধিৰ লগতে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে ৰাজ্যৰ বত্ৰিছ লাখ মহিলাক সামৰি লৈ ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনি আৰম্ভ কৰিছে৷ তেওঁ কয় যে এইখন চৰকাৰে আৰম্ভ কৰা কোনো এখন আঁচনিয়েই প্ৰথম পৰ্যায়তে সামৰণি নামাৰে, যেতিয়ালৈকে আঁচনিখনৰ লক্ষ্য পূৰণ নহয়, ইয়াক আগুৱাই লৈ গৈ থাকে৷ প্ৰতিগৰাকী মহিলাকে লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাই এই আঁচনিৰ মূল লক্ষ্য৷ ছিপাঝাৰ সমষ্টিৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰায় চল্লিছ হাজাৰ মহিলাই উদ্যমিতা পুঁজিৰ চেক লাভ কৰি চিপাঝাৰ সমষ্টিয়ে  এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাৰ দিশৰ পৰা এইপৰ্যন্ত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ বৰছলা সমষ্টিৰ লাখপতি বাইদেউৰ সফলতাৰ কাহিনী উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমষ্টিটোৰ মেকানাৰ চুবুৰী গাঁৱৰ প্ৰগতি আত্মসহায়ক গোটৰ সদস্যা দুলুমনি দেৱীয়ে কলৰ পৰা প্ৰস্তুত কৰা ছিপছ উৎপাদনকাৰী উদ্যোগ স্থাপনেৰে পৰিয়ালৰ উপাৰ্জন বৃদ্ধিত অৰিহণা যোগাই আহিছে৷ নিৰঞ্জন ফুডছ নামেৰে কলৰ ছিপছ প্ৰস্তুত কৰা উদ্যোগ স্থাপন কৰি দুলুমনি দেৱীয়ে সম্প্ৰতি প্ৰতিমাহে প্ৰায় ৩৫ হাজাৰ টকাকৈ, অৰ্থাৎ বাৰ্ষিক ৪.২০ লাখ টকাকৈ উপাৰ্জন কৰি সমষ্টিটোৰ এগৰাকী সফল উদ্যোগী হিচাপে পৰিচিত হ’বলৈ সক্ষম হৈছে৷ আনহাতে ধানখনা গাঁৱৰ জাগৰণ অগ্ৰগামী আত্মসহায়ক গোটৰ সদস্যা লতাশ্ৰী তাঁতীয়ে গো-পালনৰ জৰিয়তে নিজৰ পামত উৎপাদিত গাখীৰ গুৱাহাটীৰ পূৰৱী ডায়েৰীলৈ যোগান ধৰি সম্প্ৰতি প্ৰতি মাহে প্ৰায় ১৯ হাজাৰকৈ আৰু বছৰি প্ৰায় ২.২৮ লাখ টকাকৈ আয় কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ আনহাতে ছিপাঝাৰ সমষ্টিৰ লাখপতি বাইদেউৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে সমষ্টিটোৰ পিঠাখোৱা গাঁৱৰ প্ৰগতি আত্মসহায়ক গোটৰ সদস্যা গীতাঞ্জলি কলিতা ডেকাই বিউটী পাৰ্লাৰ আৰু হস্ততাঁত বোৱা-কটা গোট স্থাপনেৰে এতিয়া মাহে প্ৰায় ২৮ হেজাৰ টকাকৈ বাৰ্ষিক প্ৰায় ৩ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ সেইদৰে চেঙাপাৰা গাঁৱৰ নৱজ্যোতি আত্মসহায়ক গোটৰ সদস্যা প্ৰণতি ডেকাই পাণৰ পুলিৰ নাৰ্ছাৰী আৰু শাক-পাছলিৰ খেতিৰে উদ্যমিতা পথেৰে আগুৱাই স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে৷ তেওঁ পাণ আৰু পাণৰ পুলি বিক্ৰী কৰি সম্প্ৰতি মাহিলি প্ৰায় ৪৫-৫০ হাজাৰ টকাকৈ, অৰ্থাৎ বাৰ্ষিক প্ৰায় ৫.৪০-৬.০০ লাখ টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ এয়া মাথোঁ সামান্য উদাহৰণহে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰছলা আৰু ছিপাঝাৰ সমষ্টিতেএনে উদাহৰণ দেধাৰ আছে৷ এই সফল উদ্যমীসকলৰ উদাহৰণেৰে অনুপ্ৰাণিত হৈ উদ্যমিতাৰ ক্ষেত্ৰখনত হাতে-কামে নামি পৰিবলৈ তেওঁ সমষ্টি দুটাৰ মহিলাসকলৰ প্ৰতি আহ্বান জনায়৷ মহিলা উদ্যমিতা আঁচনিখনৰ পুঁজিৰ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে মহিলাসকলক অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ এই প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহ’লে ৰ লাখ টকাৰ এটা পুঁজি গঠন হ’ব৷ এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱেকোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে বা নিজাববীয়াকৈও কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে, নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰিব৷ ছমাহমানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্ৰাৰম্ভিক পুঁজি হিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্ব্যৱহাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত ক্ৰমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰিব৷ উদ্যমী মহিলাসকলে এই পুঁজিৰ উপৰি বেংকৰ পৰাও ঋণ গ্ৰহণ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷ বিভিন্ন জনকল্যাণমূলক আঁচনিৰে বৰ্তমানৰ ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱন যাত্ৰা সহজ কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, বিনামূলীয়া চাউল, ৰন্ধন গেছৰ ৰাজসাহায্য, বিনামূলীয়া নামভৰ্তি, নিযুত মইনা আদি আঁচনিৰ কথা উল্লেখ কৰে৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অহা ২০ ফেব্ৰুৱাৰীত একেলগে আঠ হাজাৰ টকা তেওঁলোকৰ একাউণ্টত লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ এই মাহৰ পৰা ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে দাইল, চেনি, আৰু নিমখ এই তিনিওবিধ সামগ্ৰী মাথো এশ টকাতে লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে নিযুত মইনা আঁচনিৰ আৰ্হিত ছাত্ৰসকলৰ উচ্চ শিক্ষাৰ খৰচৰ বাবেও চৰকাৰে এই মাহৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে মহিলা উদ্যমিতা আঁচনি আৰু অৰুণোদয়ৰ জৰিয়তে এগৰাকী মহিলাই এই দুমাহতে ওঠৰ হাজাৰ টকাকৈ লাভ কৰিব৷ অৰুণোদয় আঁচনিৰ অধীনত সামৰি নোলোৱা যোগ্য মহিলাসকলক অতি সোনকালে এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰে সমাজত মহিলাসকলৰ সন্মান বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই প্ৰসংগত তেওঁ বহুবিবাহ ৰোধৰ বাবে আজি কিছুদিনৰ পূৰ্বে অসম বিধানসভাত চৰকাৰে গৃহীত কৰা আইনখনৰ কথা উল্লেখ কৰে৷ বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত বৰছলা সমষ্টিত উন্নয়নৰ এটা নতুন পৰিৱেশ নিমাৰ্ণ হৈছে  বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে সমষ্টিটোত সৰ্বমুঠ ৩০,৪৫৮ গৰাকী হিতাধিকাৰী উপকৃত হৈছে৷ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ জৰিয়তে সমষ্টিটোৰ ১,২২৫ গৰাকী ছাত্ৰী উপকৃত হৈছে৷ সেইদৰে এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে সমষ্টিটোৰ ৮খন চাহ বাগিচাৰ ৮,২১৯ গৰাকী হিতাধিকাৰী উপকৃত হৈছে৷ তেওঁ কয় যে সমষ্টিটোত অসম মালাৰ অধীনত ধুপগুৰিৰ পৰা ঢেকীয়াজুলিলৈ পথ নিৰ্মাণ সম্পূৰ্ণ হৈছে৷


সেইদৰে কনকতাৰ পৰা ঘগ্ৰা কছাৰীলৈ প্ৰায় ১৯ কিলোমিটাৰ পথ আৰু ৰাউতাৰ পৰা মিছামাৰীলৈ ১৮ কিলোমিটাৰ পথৰ উন্নয়নৰ কাম চলি আছে৷ যোৱা ১২ আগষ্টত বৰচলা সম-জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি কৰা হৈছে৷ চাহ বাগিচাৰ ৰাইজক বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰ প্ৰদানৰ বাবে চৰকাৰে লোৱা ঐতিহাসিক পদক্ষেপৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে৷ ছিপাঝাৰ সমষ্টিত ৰূপায়িত বিভিন্ন বিকাশমূলক পদক্ষেপৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমষ্টিটোত অৰুণোদয় আঁচনিৰ জৰিয়তে ৩৩,৩৪৯ গৰাকী হিতাধিকাৰী উপকৃত হৈছে৷ নিযুত মইনা আঁচনিৰ জৰিয়তে ৩৪৫০ গৰাকী ছাত্ৰী উপকৃত হোৱাৰ লগতে সমষ্টিটোত ৰেচন কাৰ্ডৰ জৰিয়তে ২,০৭,৪৫৬ গৰাকী হিতাধিকাৰীক সামৰি লোৱা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে গুৱাহাটী ৰিং ৰোড আৰু নাৰেংগী-কুৰুৱা সংযোগী দলং সম্পূৰ্ণ হোৱাৰ লগে লগে ছিপাঝাৰ সমষ্টিৰ আৰ্থ-সামাজিক দিশলৈ ভাবিব নোৱৰা ধৰণে পৰিৱৰ্তন আহিব৷ গুৱাহাটী মহানগৰীৰ পৰা মাথো ৰিং এটাৰ দূৰত অৱস্থিত ছিপাঝাৰ সমষ্টিয়ে অভূতপূৰ্ব উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য কৰে৷ কিছুদিনৰ পূৰ্বে সমষ্টিটোৰ খটৰা সত্ৰ ভ্ৰমণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সত্ৰৰ উন্নয়নৰ বাবেও ইতিমধ্যে পুঁজি অনুমোদিত হৈছে আৰু অতি সোনকালে সেই কামো আৰম্ভ হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে বিগত পাঁচটা বছৰে ৰাজ্যবাসীয়ে আগবঢ়োৱা সহযোগিতাৰ বাবেই এখন নতুন অসম নিৰ্মাণৰ দিশত ৰাজ্য চৰকাৰ আগুৱাই যাবলৈ সক্ষম হৈছে৷ এই সমৰ্থন আৰু সহযোগিতাৰ বাবে তেওঁ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ বৰছলা বিধানসভা সমষ্টিৰ বাবে আয়োজিত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বৰছলাৰ বিধায়ক গনেশ কুমাৰ লিম্বু, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীক ধৰি স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শমাৰ্ বৰদলৈ প্ৰমুখ্যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে৷ আনহাতে ছিপাঝাৰ বিধানসভা সমষ্টিৰ বাবে আয়োজিত সভাত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড॰ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বিধায়ক বসন্ত দাস, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰং জিলা পৰিষদৰ সভাপতি শেৱালী গোস্বামী কলিতা, মঙলদৈ পৌৰসভাৰ সভানেত্ৰী নিৰ্মালী দেৱী শৰ্মা, সমাজকম¹ নীলিমা দেৱী, মুকুন্দ ডেকা আৰু কমলেশ্বৰ বৰুৱা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ, জিলা আয়ুক্ত পৰাগ কাকতি প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷