জুবিনক্ষেত্ৰত অনুৰাগীৰ মুঠ বৰঙণি ১৬.৭৯ লাখ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ জানুৱাৰীঃ ‘ঈশ্বৰ পুত্ৰ’ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত আজিও দিনে নিশাই ভিৰ কৰি আছে অগণন অনুৰাগীয়ে৷ কিম্বদন্তি শিল্পীজনৰ সমাধিক্ষেত্ৰত ওৰে নিশা অনুৰাগীয়ে ‘মায়াবিনী ৰাতিৰ বুকুত’ প্ৰাৰ্থনাৰে আকাশ-বতাহ মুখৰিত কৰি ৰাখিছে৷ প্ৰতিদিনেই হাজাৰ হাজাৰ লোকে জুবিনৰ সমাধিক্ষেত্ৰত চাকি-বন্তি জ্বলাই সেৱা কৰাও দেখা গৈছে৷ অসমীয়াৰ পৰম্পৰা অনুসৰি জুবিনৰ সমাধিক্ষেত্ৰত চাকি-বন্তি, ধূপ-নৈবদ্যৰ সমান্তৰালভাৱে ৰাইজে সাধ্য অনুসৰি অৰিহণাও আগবঢ়াইছে৷ কাৰ্যতঃ পূণ্যভূমিত পৰিণত হোৱা সমাধিক্ষেত্ৰলৈ বাছ ভাৰা কৰিও তীৰ্থ ভ্ৰমণৰ দৰেই ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰৰ পৰা আহিছে অগণন লোক৷ প্ৰাণৰ শিল্পীজন হেৰাই যোৱাৰ বিগত চাৰিটা মাহত সমাধিক্ষেত্ৰত জমা হৈছে সৰ্বমুঠ ১৬.৭৯ লাখ টকা বৰঙণি৷ জুবিন ক্ষেত্ৰলৈ অহা অনুৰাগীসকলেই এই বৃহৎ অংকৰ ধন চাকি-বন্তিৰ সৈতে অৰিহণা হিচাপে আগবঢ়াইছে৷ অভিশপ্ত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু হোৱা জুবিনৰ অন্তিম সৎকাৰৰ পাছতেই বিগত ২৪ ছেপ্টেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ সমাধিক্ষেত্ৰত সৰ্বমুঠ ১৬,৭৯,৮৮০.৭৫ টকা অৰিহণা উঠিছে৷ জুবিনৰ সমাধিক্ষেত্ৰৰ বৰঙণিৰ সন্দৰ্ভত আৰটিআইযোগে এই তথ্য প্ৰকাশ কৰিছে ডিমৰীয়া সম-জিলা আয়ুক্ত কাৰ্যালয়ে৷ সম-জিলা প্ৰশাসনে বিগত চাৰি মাহত জুবিনৰ সমাধিক্ষেত্ৰত সৰ্বমুঠ ১৬.৭৯ লাখ টকা সংগ্ৰহ হোৱা বুলি প্ৰকাশ কৰিলেও সংগৃহীত ধনক লৈ এতিয়া সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে৷ স্থানীয় সচেতন ৰাইজৰ অভিযোগ– জুবিনৰ সমাধিক্ষেত্ৰত ১৬ লাখ টকাতকৈ অধিক ধন উঠিব লাগে৷ সমাধিক্ষেত্ৰৰ বিশেষকৈ প্ৰথম মাহৰ সংগৃহীত অৰিহণাৰ হিচাপক লৈ সন্তুষ্ট নহয় স্থানীয় লোকসকল৷ কিয়নো ২৪ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ কোন কোন চৰকাৰী বিষয়াই জুবিন সমাধিক্ষেত্ৰৰ বৰঙণি সংগ্ৰহ কৰিছিল তাৰ তথ্য নাই ডিমৰীয়া সম-জিলা আয়ুক্তৰ হাতত৷ যাৰ বাবে সমজিলা প্ৰশাসনে প্ৰথমটো মাহত ৬ লাখ ১৩ হাজাৰ ৭৯৮ টকা বৰঙণি সংগ্ৰহ হোৱাৰ তথ্য প্ৰকাশ কৰিলেও ইয়াক লৈ এতিয়া সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকসকলে৷ কিয়নো জুবিনৰ সমাধিক্ষেত্ৰৰ বৰঙণি সংগ্ৰহক লৈ হোৱা অনাকাংক্ষিত বিতৰ্কৰ বাবেই শিল্পীজনৰ সৎকাৰৰ প্ৰায় ৪০ দিনৰ পাছত প্ৰশাসনে স্থানীয় পৰিচালনা সমিতিখন ভংগ কৰি নতুনকৈ এখন পৰিচালনা সমিতি গঠন কৰি দিছিল৷ লক্ষণীয় বিষয়টো হৈছে, ১৭ অক্টোবৰৰ পৰা প্ৰশাসনে অনুৰাগীয়ে আগবঢ়োৱা বৰঙণি দৈনিক সংগ্ৰহৰ বাবে চৰকাৰী কৰ্মচাৰী নিযুক্তি দিলেও, আজিলৈকে কোনো বেংক একাউণ্টৰ ব্যৱস্থা কৰা নহ’ল৷ সোণাপুৰৰ স্বেচ্ছাসেৱী সংস্থা চেণ্টাৰ ফৰ এফিচিয়েণ্ট গৱৰ্নেন্সৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ হাজৰিকাই কৰা আৰটিআই আবেদনত এই তথ্য প্ৰকাশ কৰিছে ডিমৰীয়া সম-জিলা আয়ুক্ত কাৰ্যালয়ে৷ সম-জিলা আয়ুক্ত কাৰ্যালয়ে সদৰী কৰা অনুসৰি বিগত ২৪ ছেপ্টেম্বৰৰ পৰা ৬ জানুৱাৰীলৈকে সমাধি ক্ষেত্ৰখনত মুঠ ১৬,৭৯,৮৮০.৭৫ টকা নগদ দান হিচাপে সংগ্ৰহ কৰা হৈছে৷
এই দানসমূহ সম্পূৰ্ণৰূপে হাতেদে লিখা ৰেজিষ্টাৰৰ জৰিয়তে লিপিবদ্ধ কৰা হৈছে৷ কিন্তু উদ্বেগজনক বিষয়টো হ’ল– এই বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো বেংক একাউণ্ট, ডিজিটেল ব্যৱস্থা [ইউপিআই আদিৰ দৰে] অথবা আন কোনো সংগঠিত মাধ্যমৰ অস্তিত্ব আৰটিআইৰ উত্তৰত প্ৰকাশ পোৱা নাই৷ ফলস্বৰূপে সমাধিক্ষেত্ৰখন সম্পূৰ্ণৰূপে নগদ লেনদেনৰ ওপৰত নিৰ্ভৰশীল হৈ আছে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চেণ্টাৰ ফৰ এফিচিয়েণ্ট গৱৰ্নেন্সৰ কাৰ্যবাহী সঞ্চালক তথা আৰটিআই আবেদনকাৰী ৰাকেশ হাজৰিকাই কয়– ‘এইটো সৰু প্ৰশাসনিক ত্ৰুটি নহয়৷ জুবিন গাৰ্গ সমাধিক্ষেত্ৰত মানুহে গভীৰ আবেগ আৰু সন্মানৰ সৈতে দান আগবঢ়ায়৷ সেই বিশ্বাস কেৱল অনানুষ্ঠানিক নগদ ব্যৱস্থাৰ জৰিয়তে পৰিচালনা কৰিব নোৱাৰি৷’ ‘আৰটিআইৰ উত্তৰে স্পষ্ট কৰিছে যে ৪ মাহৰ ভিতৰত প্ৰায় ১৬.৮০ লাখ টকা নগদ ৰূপে সংগ্ৰহ হৈছে৷ কিন্তু এতিয়ালৈকে কোনো বেংকিং ব্যৱস্থা স্থাপন হোৱা দেখা নাযায়৷ এইটোক লৈ প্ৰশ্ন উঠাটো স্বাভাৱিক৷ আৰটিআইৰ উত্তৰত এইটোও প্ৰকাশ পাইছে যে সমাধি ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীৰ নিযুক্তি আৰম্ভ হৈছিল ১৭ অক্টোবৰৰ পৰা, যদিও দান সংগ্ৰহ আৰম্ভ হৈছিল তাৰো আগতে, অৰ্থাৎ ২৪ ছেপ্টেম্বৰৰ পৰাই৷ আৰম্ভণিৰ সময়ছোৱাত নগদ ধন সংগ্ৰহৰ দায়িত্বত থকা চৰকাৰী প্ৰতিনিধিসকলৰ নাম বা পৰিচয় উত্তৰত প্ৰকাশ কৰা হোৱা নাই, যাৰ ফলত দায়বদ্ধতাৰ ক্ষেত্ৰত আৰু অধিক সন্দেহৰ সৃষ্টি হৈছে৷ সমাধি ক্ষেত্ৰত দৈনিক সংগৃহীত নগদ ধনৰ হিচাপ হাতেদে ৰেজিষ্টাৰত লিখি চৰকাৰী প্ৰতিনিধিসকলে ৰিপ’ৰ্ট দাখিল কৰে৷ সম্পূৰ্ণ ব্যৱস্থাটো নগদ নিৰ্ভৰ হৈ থকাৰ বাবে বিভিন্ন স্তৰত ধনৰ অপব্যৱহাৰ বা লিকেজৰ আশংকা নুই কৰিব নোৱাৰি৷ এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি হাজৰিকাই কয়– ‘প্ৰথম দিনৰ পৰাই এটা উৎসৰ্গিত বেংক একাউণ্ট কিয় খোলা নহ’ল? চাৰি মাহ পাৰ হৈ যোৱাৰ পাছতো কিয় এতিয়ালৈকে ডিজিটেল দান, ই-ৰচিদ আৰু ৰাজহুৱা তথ্য প্ৰকাশ ব্যৱস্থা আৰম্ভ হোৱা নাই? এই ধৰণৰ উচ্ছ জনসমাগম থকা স্থানত কেৱল নগদ দান লোৱাটো কোনোভাবেই স্বচ্ছতা নহয়৷’ ‘জুবিন গাৰ্গ সমাধি ক্ষেত্ৰখন কেৱল এটা স্মৃতিসৌধ নহয়, ই এটা ৰাজহুৱা প্ৰতিষ্ঠান৷ অসমবাসীৰ আবেগ আৰু অনুভূতিৰে গঢ় লোৱা এই সমাধি ক্ষেত্ৰখন হাতেলিখা ৰেজিষ্টাৰৰ ওপৰত চলিব নোৱাৰে৷ জনসাধাৰণৰ বিশ্বাস সুৰক্ষিত কৰাটো অতি প্ৰয়োজনীয়, যাতে সমাধি ক্ষেত্ৰখন সদায় সন্দেহৰ উধবৰ্ত থাকিব পাৰে৷’






