Logo
image

দেশজোৰা লকডাউনৰ প্ৰস্তুতি

◾বিশ্বৰ মুঠ কৰ’না আক্ৰান্তৰ ৪৬ শতাংশ আৰু মৃতৰ ২৫ শতাংশ ভাৰতৰ

আমাৰ অসম, ৬ মে’: ৰাষ্ট্ৰীয় লকডাউন অনিবাৰ্য৷ একেৰাহে দুসপ্তাহৰো অধিক সময় ধৰি চাৰে তিনি লাখতকৈয়ো বেছিকৈ দৈনিক কৰ’না সংক্ৰমণ হৈ থকাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ উচ্ছস্তৰীয় বৈঠকত শীৰ্ষ বিজ্ঞানীয়ে ৰাষ্ট্ৰীয় লকডাউনৰ পৰামৰ্শ আগবঢ়াইছে৷ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ নেতৃত্বত আয়োজিত অতি উচ্ছস্তৰীয় বৈঠকত চৰকাৰক ক’ভিড সংক্ৰান্তত পৰামৰ্শ আগবঢ়াই থকা শীৰ্ষ বিজ্ঞানী তথা মোদী চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা ডাঃ কে বিজয় ৰাঘৱনে ক’ৰনাৰ শৃংখল চিঙা আৰু সংক্ৰমণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবেই ৰাষ্ট্ৰীয় লকডাউনৰ পৰামৰ্শ আগবঢ়ায়৷ কেন্দ্ৰীয় চৰকাৰৰ উচ্ছ পদস্থ বিষয়া আৰু ক’ভিড যুদ্ধৰ বাবে গঠন কৰা শীৰ্ষস্থানীয় কমিটীৰ মাজত ৰাষ্ট্ৰীয় লকডাউনৰ আৱশ্যকতা বিবেচনা কৰা হৈছে৷ ইয়াৰ ফলত যিকোনো দিনাই ৰাষ্ট্ৰীয়ভাৱে অৰ্থাৎ সমগ্ৰ দেশতে একেলগে বিগত বছৰৰ দৰে লকডাউন জাৰি কৰাটো অনিবাৰ্য আৰু অৱশ্যম্ভাৱী হৈ পৰিছে৷ উচ্ছস্তৰীয় এই বৈঠকত শীৰ্ষ স্বাস্থ্য বিজ্ঞানীয়ে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয় তথা অন্যান্য বিভাগৰ উচ্ছ পদস্থ বিষয়াসকলক জনায় যে, ভাৰতত এতিয়া ক’ভিডৰ যি ষ্টে˜ইন চলি আছে তাক ৰোধ কৰিবৰ বাবে দেশত ব্যৱহাৰ হৈ থকা প্ৰতিষেধকৰ উন্নতি সাধন কৰা অপৰিহাৰ্য৷ অৱশ্যে তেওঁলোকে এতিয়া চলি থকা প্ৰতিষেদক বহুল মাত্ৰাত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে৷ তাৰ লগে লগে দেশত পৰৱৰ্তী সময়ত দিবলগীয়া প্ৰতিষেধক উন্নীত কৰাতো অপৰিহাৰ্য বুলি মত প্ৰকাশ কৰে৷ শীৰ্ষ বিষয়াসকলক স্বাস্থ্য বিজ্ঞানীসকলে বুজাই কয় যে, এতিয়া যি প্ৰতিষেধক ব্যৱহাৰ হৈ আছে, সেই প্ৰতিষেদক তৈয়াৰ কৰা হৈছিল এতিয়াৰ পৰা এবছৰ পূৰ্বে আবিৰ্ভাৱ হোৱা ক’ভিডৰ ষ্ট্ৰেইনৰ মোকাবিলা কৰাৰ বাবে৷ বিগত এবছৰত ক’ভিডৰ ভাইৰাছে ১৮-২০ বাৰ মিউটেচন অৰ্থাৎ ৰূপ সলনি কৰি এতিয়া অতি ভয়ংকৰ ৰূপ লৈছে৷ সম্প্ৰতি ব্যৱহাৰ হৈ থকা প্ৰতিষেধকে দেশত সংক্ৰমণ বিস্তাৰ লাভ কৰি থকা অতিশয় সংক্ৰামক আৰু অতিশয় মাৰাত্মক ক’ভিডৰ এই ষ্টে˜ইনৰ মোকাবিলা কৰিব নোৱাৰে৷ সেইক্ষেত্ৰত চৰকাৰক গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ তেওঁলোকে আহ৩ান জনায়৷ কেন্দ্ৰীয় চৰকাৰৰ উচ্ছ পদস্থ বিষয়াসকলে উক্ত বৈঠকতে কেতিয়াৰ পৰা আৰু কিমান দিনৰ বাবে লকডাউন দিয়া প্ৰয়োজন সেই বিষয়ত আলোচনা কৰে৷ অৱশ্যে এতিয়াও লকডাউন কেতিয়াৰ পৰা হ’ব পাৰে আৰু প্ৰথম পৰ্যায় কিমান দীঘলীয়া হ’ব পাৰে সেই বিষয়ে নিশ্চিত সিদ্ধান্ত লোৱা হোৱা নাই৷ বিষয়াসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত কেন্দ্ৰীয় কেবিনেটে এই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷

উল্লেখ্য, সম্প্ৰতি ভাৰতক ক’ভিডৰ দ্বিতীয় ঢৌৱে প্ৰায় চাৰখাৰ কৰিছে৷ ইয়াৰ অন্ত পৰোতেই তৃতীয়টো ঢৌৱে ভাৰতক আক্ৰমণ কৰিব বুলি শীৰ্ষ বিজ্ঞানীসকলে সাৱধান কৰি দিছে৷ বিগত দুসপ্তাহ ধৰি দেশত প্ৰত্যেক দিনাই চাৰে তিনিলাখৰো অধিক লোক ক’ভিডত সংক্ৰমিত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত সংক্ৰমিত হৈছে ৩.৮২ লাখ জন আৰু মৃত্যু হৈছে ৩,৭৮০ জনৰ৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা সাপ্তাহিক প্ৰতিবেদন অনুসৰি বিশ্বত এতিয়া যিমান লোক সংক্ৰমিত হৈছে তাৰ ৪৬ শতাংশ সংক্ৰমণ হৈছে ভাৰতত৷ অৰ্থাৎ ভাৰতত দৈনিক বিশ্বৰ প্ৰায় অৰ্ধেক সংক্ৰমণ ধৰা পৰি আছে৷ আনহাতে, ভাৰতত ক’ভিডত এতিয়াৰ মৃত্যুৰ হাৰ হৈছে বিশ্বৰ ২৫ শতাংশ৷ ইপিনে, মহাৰাষ্ট্ৰত একেদিনাই ৯২০জনৰ ক’ভিডত মৃত্যু হৈছে আৰু ৫৭,৬৪২জন আক্ৰান্ত হৈছে৷ এই দুয়োটা সংখ্যা দেশৰ যিকোনো ৰাজ্যৰ ক্ষেত্ৰত সৰ্বোচ্ছ অভিলেখ৷ সেয়েহে এনে পৰিস্থিতিত ভাৰতত দেশজোৰা লকডাউনৰ বিকল্প নোহোৱা হৈছে৷ ৰাজ্যসমূহে পৃথকে পৃথকে লকডাউন জাৰি কৰিলেও আন্তঃৰাজ্যিক পৰিবহন অব্যাহত থকাৰ ফলত সংক্ৰমণৰ মাত্ৰা হ্ৰাস হোৱা নাই আৰু সংক্ৰমণৰ শৃংখলো চিগি যোৱা নাই৷ এনে পৰিস্থিতিত কঠোৰ ৰাষ্ট্ৰীয় লকডাউনে দেশৰ ক’ভিড সংকট কিছু পৰিমাণে হ’লেও শাম কটাবলৈ সক্ষম হ’ব৷