Logo
image

ক’ভিড হটস্পটত পৰিণত গুৱাহাটী

আমাৰ অসম, ৬ মে’: ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰী ক’ভিডৰ হটস্পটত পৰিণত হৈছে৷ দিল্লী, মহাৰাষ্ট্ৰ বা উত্তৰ-প্ৰদেশ নহয়, গুৱাহাটী মহানগৰীৰ শ্মশান, কবৰস্থানত ক’ভিড মৃতদেহৰ শাৰী পাতিছে৷ গুৱাহাটীৰ উলুবাৰী আৰু ভূতনাথ শ্মশানত  প্ৰতি মুহূৰ্ততে ৩-৪ খনকৈ চিটাত জ্বলিছে মৃতদেহ৷ চণ্ডালে ওৰে নিশা চিটাত জ্বলাই সৎকাৰ কৰিছে ক’ভিড ৰোগীৰ মৃতদেহ৷ দুৰ্ভাগ্যজনকভাৱে শ্মশানত ক’ভিড ৰোগীৰ সৎকাৰ কৰিলেও কাষলৈ যাব পৰা নাই আত্মীয়-স্বজন৷ কেৱল শ্মশানতে ক’ভিড ৰোগীৰ চিটা জ্বলা নহয়, গুৱাহাটীৰ আঠগাঁও কবৰস্থানত এজনৰ পাছত এজনকৈ ক’ভিড ৰোগীৰ মৃতদেহ সমাধিস্থ কৰা হৈছে৷ বুধবাৰৰ দিনটোত গুৱাহাটীৰ উলুবাৰী ৰাজহৱা শ্মশানত ১৩জন ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰিছে৷ আনহাতে, মহানগৰীৰ আঠগাঁও কবৰস্থানতো আঠজন লোকৰ মৃতেদহ সমাধিস্থ কৰিছে বুলি কবৰস্থান কতৃৰ্পক্ষই জানিবলৈ দিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, মঙলবাৰে ৰাজ্যত ৪১জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতে ১৩জন ৰোগীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ আনহাতে, বুধবাৰেও ৰাজ্যত ৫৫জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে গুৱাহাটীতে ১৮জনে প্ৰাণ ত্যাগ কৰিছে৷ দ্ৰুত হাৰত ক’ভিড ৰোগীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত শ্মশান-কবৰস্থানত মৃতদেহৰ লানি লাগিছে৷ ৰাজ্যত ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সমান্তৰালভাৱে সংকটজনক ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে৷ কিন্তু হাস্পতালত পৰ্যাপ্ত বিচনাৰ অভাৱৰ বাবেই উপসৰ্গবিহীন ৰোগীসকলক হোম কোৱাৰেণ্টীনলৈ পঠাইছে চিকিৎসকে৷ উদ্বেগজনক বিষয়টো হৈছে, ৰাজ্যৰ প্ৰতিখন জিলাৰে গাঁৱে-ভূঞে ক’ভিডৰ সংক্ৰমণ হৈছে যদিও ১৪খন জিলাত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে কোনো আই চি ইউৰ সুবিধা নাই৷ এনে জিলাসমূহৰ ক’ভিড ৰোগীসকলে ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে৷ সংকটজনক অৱস্থাত শেষ মুহূৰ্তত এনে ৰোগীসকলক বিভিন্ন মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে যদিও সময় মতে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছে৷ তথ্য অনুসৰি বিগত দহ দিনত গুৱাহাটীৰ আঠগাঁও কবৰস্থানত ৩৪জন লোকক সমাধিস্থ কৰিছে৷ আনহাতে, দহ দিনত গুৱাহাটীত ১২,৮৪৬জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ যাৰ বাবে এসপ্তাহত ৪০০ৰ অধিক পজিটিভ পোৱা গুৱাহাটীৰ ৱাৰ্ডসমূহ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে৷ বুধবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই গুৱাহাটী ৰে’ল ষ্টেচনত ১৫০টা দবাত ক’ভিড আইছ’লেছন ৱাৰ্ড স্থাপন কৰিব বুলি ঘোষণা কৰিছে৷ কৰ’না মহামাৰীৰ হটস্পটত পৰিণত হোৱা গুৱাহাটী মহানগৰীৰ তিনিটা ৱাৰ্ডত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ মহানগৰীৰ ২৮, ১৬ আৰু ৮ নম্বৰ ৱাৰ্ডত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে৷ ২৮ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত বেলতলা, বশিষ্ঠ, বৰমটৰীয়া, মৈদান অঞ্চল আৰু হাতীগাঁও অঞ্চলৰ এটা অংশ কণ্টেইনমেণ্ট জ’নত অন্তৰ্ভুক্ত কৰা হৈছে৷ ইফালে, ১৬ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত ফটাশিল আমবাৰী, ভাস্কৰ নগৰ, বৰ্ষাপাৰ আৰু ধীৰেনপাৰা অঞ্চল কণ্টেইনমেণ্ট জ’নৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে৷ ৮ নম্বৰ ৱাৰ্ডৰ ভূতনাথ, কুমাৰপাৰা, মাছখোৱা আৰু আঠগাঁও অঞ্চলৰ এটা অংশ কণ্টেইনমেণ্ট জ’ন হিচাপে জিলা প্ৰশাসনে চিহ্নিত কৰিছে৷ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে বুধবাৰে এখন সংবাদ মেলযোগে এই বিষয়ে সদৰী কৰে৷ বৃহস্পতিবাৰে দিনৰ দুই বজাৰ পৰা পৰৱৰ্তী নিৰ্দেশনা নোলোৱালৈকে কণ্টেইনমেণ্ট জ’নৰ বাধা-নিষেধ বাহাল থাকিব৷ ২৮ এপ্ৰিলৰ পৰা ৪ মে’লৈকে বিগত ৭ দিনত ২৮ নম্বৰ ৱাৰ্ডত সৰ্বাধিক ৯,০২১গৰাকী, ১৬ নম্বৰ ৱাৰ্ডত ৬০৯গৰাকী আৰু ৮ নম্বৰ ৱাৰ্ডত ৪১৬গৰাকী ব্যক্তি কৰ’নাত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলকেইটা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সময়ছোৱাত তিনিওটা ৱাৰ্ডৰ উল্লেখিত অঞ্চলৰ সকলো ধৰণৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব৷ ইফালে, গেলামাল, গাখীৰ আৰু ফলমূলৰ দোকানৰ বাহিৰে অন্য সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব কণ্টেইনমেণ্ট জ’নত৷ অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান হিচাপে গেলামাল, গাখীৰ আৰু ফলমূলৰ দোকান প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকেহে খোলা ৰাখিব পাৰিব৷ কণ্টেইনমেণ্ট জ’ন হিচাপে চিহ্নিত অঞ্চলত ফাৰ্মাচী, পশু চিকিৎসা ক্লিনিক অথবা পশুখাদ্যৰ বিপণী খোলা ৰাখিব পাৰিব৷ কণ্টেইনমেণ্ট জ’ন অঞ্চলত জৰুৰীকালীন সেৱাৰ সৈতে জড়িত ব্যক্তিৰ লগতে অত্যৱশ্যকীয় সেৱাৰ সৈতে জড়িত ব্যক্তিৰ চলা-ফুৰাত কোনো বাধা নাথাকিব৷ চিকিৎসা সেৱাৰ বাবে অহা-যোৱা কৰা ব্যক্তিৰ বাহিৰে অন্য সাধাৰণ লোকৰ ক্ষেত্ৰত কণ্টেইনমেণ্ট জ’নৰ অঞ্চলত চলা-ফুৰা কৰাত নিষেধাজ্ঞা থাকিব৷ ইফালে, কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষিত অঞ্চলত ক’ভিড বিধি মানি বেংক, বিষয়াৰ কাৰ্যালয়, এ টি এম, পেট্ৰ’ল পাম্প, এলপিজিৰ ডিলাৰ, ইণ্টাৰনেট, কেব্‌ল সেৱাৰ কাৰ্যালয় আদি মুকলি ৰাখিব পাৰিব৷ শাক-পাচলি, মাছ-মাংস মোবাইল ভেণ্ডিঙৰ জৰিয়তে কণ্টেইনমেণ্ট জ’নত বিক্ৰী কৰিব পাৰিব৷ সন্ধিয়া ৬ বজালৈ অত্যৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰিছে৷ কণ্টেইনমেণ্ট জ’নৰ পাইকাৰী বিপনীসমূহ দিনৰ ২ বজালৈকে খোলা ৰাখিব পাৰিব৷