মুখত বিদ্ৰোহ, পেটত ভয় দেৰগাঁও এৰি নিদিয়ে অগপই
‘আমাৰ অসম’ৰ দেৰগাঁও আৰু গণকপুখুৰীৰ প্ৰতিবেদক, ৩ ফেব্ৰুৱাৰীঃ সমাগত অসম বিধানসভা নিৰ্বাচনত দেৰগাঁও বিধানসভা সমষ্টি মিত্ৰদল অগপৰ পৰা বিজেপিয়ে নিজৰ দখললৈ নিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতে অগপৰ নেতা-কৰ্মীসকল ক্ষুব্ধ হৈ পৰিছে৷ আজি অগপই দেৰগাঁৱত নিজৰ শক্তি প্ৰদৰ্শন কৰি সমষ্টিটো এৰি নিদিয়াৰ সংকল্প গ্ৰহণ কৰে৷ বিশেষকৈ সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে এই দৃঢ়মত পোষণ কৰিছে৷ এই উপলক্ষে দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত সংকল্প সমাৱেশত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেন্দ্ৰীয় নেতৃবৰ্গই অংশগ্ৰহণ কৰিলেও ভিতৰি শীৰ্ষ নেতৃত্বৰ পেটত যেন ভয়৷ তেওঁলোকে সমষ্টিটো অগপৰ বাবে দাবী কৰিলেও ভিতৰি বিজেপি তথা মুখ্যমন্ত্ৰীক ক্ষুণ্ণ কৰিবলৈ যে ইচ্ছুক নহয় তাৰ উমান পোৱা গ’ল৷ পোন্ধৰ সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কৰা এই সমাৱেশৰ জৰিয়তে আঞ্চলিক দলটোৱে মূলত দেৰগাঁৱত দলৰ শক্তি প্ৰদৰ্শন কৰে৷ অলপতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুমটাইত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিবলৈ আহি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত দেৰগাঁৱত এইবাৰ বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব বুলি ঘোষণা কৰাৰ উপৰিও এখন জনাকীৰ্ণ সভাত দেৰগাঁও সমষ্টি ১০০ শতাংশই বিজেপিৰ প্ৰাৰ্থী থাকিব বুলি উল্লেখ কৰাত অগপৰ তৃণমূল কৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হয়৷ অগপৰ দাবী–শাসনত অগপৰ বিধায়ক থকা সমষ্টিটো এইবাৰো অগপকেই লাগিব৷ কোনো কাৰণত সমষ্টিটো বিজেপিক এৰি দিয়া নহ’ব৷ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ মতে, প্ৰয়োজনত মিত্ৰতা ভংগ হ’ব কিন্তু দেৰগাঁও এৰা নহ’ব৷ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বক লৈ দুয়োটা দলৰ মাজত চলি থকা এনে টনা আঁজোৰাৰ মাজতে আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী দেৰগাঁৱত অনুষ্ঠিত হয় এই সংকল্প সমাৱেশ৷ যি সমাৱেশলৈ স্বতঃস্ফূৰ্তভাৱে হিল দল ভাঙি ওলাই আহিল অগণন দলীয় কৰ্মী আৰু সমৰ্থক৷ সমষ্টি সমিতিৰ সভাপতি প্ৰশান্ত ফুকনৰ সভাপতিত্বত সম্পাদক পৰেশ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ আঁত ধৰে দলৰ উপসভাপতি তথা প্ৰাৰ্থিত্ব প্ৰয়াসী নুৰুল চুলতানে৷ অগপৰ শীৰ্ষ গীত আৰু অসম সংগীতেৰে আৰম্ভ কৰা সভাত ভাষণ দি দলৰ সভাপতি অতুল বৰাই অসমবাসী ৰাইজৰ অতি আপোন আঞ্চলিকতাবাদী দলটোক অধিক শক্তিশালী কৰি তুলিবলৈ ৰাইজৰ প্ৰতি আহ৩ান জনায়৷ তেওঁ কয় যে সমাৱেশৰ মূল সংকল্পই হ’ল দলক শক্তিশালীকৰণ৷ অগপক শক্তিশালী কৰা মানেই আঞ্চলিকতাবাদক শক্তিশালী কৰা আৰু জাতিটোক শক্তিশালী তথা সুৰক্ষিত কৰা৷ দ্বিতীয়তে অসম চুক্তিৰ সফল ৰূপায়ণ তৰিৎ গতিত কৰা, তৃতীয়তে বাণ, খহনীয়া, সীমা সমস্যা, জনগোষ্ঠীয় সমস্যা আদি জাতীয় সমস্যাবোৰ সমাধান কৰা আৰু নিবনুৱাৰ সমস্যাৰ অন্ত পেলাই ঘৰে ঘৰে সংস্থাপনৰ দিহা কৰা৷ তেওঁৰ মতে, চৰকাৰী চাকৰিৰে নিবনুৱাৰ সমস্যা সমাধান কৰাটো কোনো চৰকাৰৰ বাবেই সম্ভৱ নহয়৷ গতিকে দীৰ্ঘম্যাদী আঁচনিৰে ঘৰে ঘৰে উপাৰ্জনৰ পথ দিব লাগিব৷ শেহতীয়াকৈ কৃষিক্ষেত্ৰত হোৱা উন্নয়নৰ প্ৰসংগয়ো আনি অসমৰ কৃষি উৎপাদিত সামগ্ৰী আজি বিদেশলৈ ৰপ্তানি হোৱাটো শুভ লক্ষণ বুলি কয়৷ আনহাতে ৰাজনৈতিক সংকল্প নাথাকিলে সংকল্প কাৰ্যকৰী কৰাটো সম্ভৱ নহ’ব৷ গতিকে ৰাজনৈতিক ক্ষমতা লাগিবই৷ কিন্তু অসমৰ ৰাইজে অগপক ক্ষমতা সৰ্বস্ব ৰাজনৈতিক দল হিচাপে চাব নিবিচাৰে৷ ৰাইজৰ ক্ষোভ আছে, পোৱা-নোপোৱাৰ বেদনা আছে৷ তথাপিও সকলোৰে এটা জাতীয়তাবাদী মন আছে৷ সেয়ে কোনো হতাশ হ’ব নালাগে৷ জাতীয়তাবাদ মানুহৰ অন্তৰৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে৷ গতিকে সকলো আগুৱাই যাওক এদিন সফলতা আহিবই৷ ইপিনে, কংগ্ৰেছ তথা বিৰোধী ঐক্যক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে সন্মিলিত প্ৰচেষ্টাৰে বিৰোধী ঐক্যক ধুলিস্যাৎ কৰিব লাগিব৷ কংগ্ৰেছ জাতিৰ শত্ৰু৷ দীঘলীয়া শাসনকালত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসনেৰে অসমৰ ৰাইজক জ্বলাকলা খুউওৱা কংগ্ৰেছ দলে আনৰ দুৰ্নীতিৰ কথা কলে কমেডি শ্ব’ চোৱাৰ দৰেহে লাগে৷
ইপিনে, বিৰোধীৰ ঐক্য নামতহে বুলি কটাক্ষ কৰি তেওঁ সেয়া প্ৰকৃততে বিৰোধীৰ অনৈক্যহে বুলি কয়৷ শিপা থকা সমষ্টিসমূহত দলক অধিক উজ্জীৱিত কৰি তুলিবলৈ ৰাইজক আহ্বান জনাই তেওঁ স্থিতপ্ৰজ্ঞ হৈ আগবাঢ়িলে লক্ষ্য পথত নিশ্চিত ভাৱে উপনীত হ’ব পৰা হ’ব বুলি মন্তব্য কৰে৷ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ভাষণ দি দেৰগাঁৱত ৰাইজৰ সমাগম তথা দলৰ প্ৰতি ৰাইজৰ আস্থা দেখি সন্তোষ প্ৰকাশ কৰে৷ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দি অহা দেৰগাঁৱৰ ঐতিহ্য গৰিমাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেৰগাঁৱকে ধৰি অগপৰ জন্মভূমি গোলাঘাটত মানুহৰ শিৰাই শিৰাই আঞ্চলিকতাবাদৰ নৈ বৈ আছে৷ তেওঁৰ মতে আঞ্চলিকতাবাদ মানুহৰ অন্তৰত থকা এক শক্তি৷ এই শক্তিক আগবঢ়াই নিব লাগিব৷ তেওঁ পুনৰ কয় জাতিটোক ভালপোৱা আন্দোলনটোৱেই হ’ল অসম গণ পৰিষদ৷ জাতিটোৰ স্বাৰ্থত দলটোৱে কোনোদিন আপোচ কৰা নাই৷ ইপিনে, দেৰগাঁৱত মিত্ৰজোটৰ প্ৰাৰ্থী সম্পৰ্কত তেওঁ কয় যে ইয়াত দলৰ স্থিতি অতি সবল৷ দলৰ বিধায়ক আছে৷ গতিকে নিজৰ স্থিতিৰে আগবাঢ়ি যাব লাগিব৷ কিন্তু প্ৰাৰ্থিত্ব ঘোষণা মিত্ৰতাৰ মঞ্চত আলোচনাৰ মাধ্যমেৰে হ’ব৷ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে বিগত কাৰ্যকালত কৰা উন্নয়নমূলক কাম কাজৰ আভাস¸ দি সংকল্প সমাৱেশত ভাগ লোৱা সকলোকে আদৰণি জনায়৷ ১৯৮৫ চনৰ পৰা মাত্ৰ দুটা কাৰ্যকালৰ বাদে প্ৰতিটো কাৰ্যকাল অগপৰ দখলতে থকা দেৰগাঁৱৰ ৰাইজৰ অগপৰ প্ৰতি থকা আস্থাৰ বাবে তেওঁ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জনায়৷ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে সভাত ভাষণ দি দেৰগাঁৱত ৰাইজৰ সমাগম দেখি সন্তোষ প্ৰকাশ কৰে আৰু দলৰ প্ৰতি ৰাইজৰ আস্থা অটুট থকা বুলি মন্তব্য কৰে৷ তেওঁ পুনৰ কয় যে ৰাইজৰ আস্থাৰ দল অগপ কাৰো পিঠিত উঠি থকা নাই৷ দলে গৌৰৱেৰে নিজৰ ভৰিত নিজে থিয় দি আছে৷ সভাখনত অগপৰ সাধাৰণ সম্পাদক তথা বিধায়ক প্ৰদীপ হাজৰিকা, পোণাকণ বৰুৱা, সুনীল ৰাজকোঁৱৰ, প্ৰবীণ হাজৰিকা, জিতু বুঢ়াগোহাঁই, উপসভাপতি পৱন শইকীয়া, পুতুল বৰুৱা, প্ৰমোদ ভাংৰা, ত্ৰিনয়ন বৰুৱা, বিকাশ শইকীয়া, দীপক শইকীয়া প্ৰমুখ্যে দলৰ বহুকেইজন শীৰ্ষ নেতাৰ লগতে কেইবাখনো জিলাৰ বিষয়ববীয়া আৰু গোৰ্খা পৰিষদ, ছাত্ৰ পৰিষদ, মহিলা পৰিষদ আদিৰ কৰ্মকৰ্তাসকলে ভাগ লয়৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গোলাঘাট জিলা অগপৰ সভাপতি ড॰ নৃপেন বৰুৱাই৷ ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলন কৰে সমষ্টিৰ সভাপতি প্ৰশান্ত ফুকনে৷ স্মৃতি তৰ্পণত ভাগ লয় জ্যেষ্ঠ নেতা প্ৰদীপ গোস্বামী, ভোলা হাজৰিকা আদিয়ে৷ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ আগত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ অগপ নেতা নিত্যেন ঠাকুৰে৷ উল্লেখ্য, অগপৰ কেন্দ্ৰীয় উপসভাপতি তথা মুখপাত্ৰ নুৰুল চুলতান আৰু বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ বিশেষ তৎপৰতাত আজি সমাৱেশলৈ স্বতঃস্ফুৰ্তভাৱে ওলাই অহা অগণন লোকৰ সমাৱেশে দেৰগাঁৱত আঞ্চলিক দলটোৰ স্থিতি যে অক্ষত আছে তাকেই প্ৰমাণ কৰিলে৷






