মমতাৰ বাজিমাৎ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ ফেব্ৰুৱাৰীঃ ইতিহাস ৰচিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ অধিবক্তাৰ ৰূপত উচ্চতম ন্যায়ালয়ত অৱতীৰ্ণ হ’ল মমতা বেনাৰ্জী৷ ন্যায়ালয়ত নিজেই যুঁজিলে নিজে ৰুজু কৰা ‘ছাৰ’ৰ গোচৰ৷ ক্ষমতাত থকা অৱস্থাত আদালতত ওকালতি কৰা প্ৰথম মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’ল মমতা বেনাৰ্জী৷ উকিলৰ ৰূপত নিৰ্বাচন আয়োগক থকা-সৰকা কৰি মমতা বেনাৰ্জীয়ে ন্যায়িক যুদ্ধৰ লগতে বিজেপিৰ বিৰুদ্ধে সফল ৰাজনৈতিক যুঁজো দিলে৷ ইমানদিনে তেওঁ বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ ক্ষেত্ৰত যি ৰাজনৈতিক অভিযোগ উত্থাপন কৰি আহিছিল, বুধবাৰে মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগক থকা-সৰকা কৰি নিজৰ বক্তব্যৰ মান্যতা প্ৰদান কৰিলে৷ মমতাৰ অভিযোগ আছিল, বিজেপি চৰকাৰে নিৰ্বাচন আয়োগৰ দ্বাৰা পশ্চিমবংগৰ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা নোহোৱা কৰি বিধানসভাৰ নিৰ্বাচনত বিজয়ী হোৱাৰ পৰিকল্পনা কৰিছে৷ পৰোক্ষভাৱে বুধবাৰে উচ্চতম ন্যায়ালয়ত মমতাই সেই বক্তব্যই উত্থাপন কৰিলে৷ সৰ্বোচ্চ আদালতত নিৰ্বাচন আয়োগক ‘হোৱাটছএপ আয়োগ’ বুলি অভিযোগ কৰিলে তেওঁ৷ অসমত ‘ছাৰ’ কিয় নাই বুলিও প্ৰশ্ন তুলিলে মমতাই৷
নিৰ্বাচন আয়োগে ২০২৫ চনৰ ২৪ জুন আৰু ২৭ অক্টোবৰত ‘ছাৰ’ অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ বাবে দিয়া নিৰ্দেশ বাতিলৰ আহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ বুধবাৰে আছিল সেই গোচৰৰ শুনানি৷ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ ক্ৰমে জয়মাল্য বাগচী, বিপুল এম পাঞ্চলীৰ বিচাৰপীঠত আছিল শুনানি৷ অধিবক্তা শ্যাম দীৱানে গোচৰটো আগবঢ়োৱাৰ লগে লগে মমতা বেনাৰ্জীয়ে মুখ্য ন্যায়াধীশক অনুৰোধ জনালে– ‘মাই লৰ্ড, মোক ৫ মিনিট ক’বলৈ দিয়ক৷ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে ক’লে–‘মেডাম, ৫ মিনিট কি, আপুনি ১৫ মিনিট কওক৷’
ইয়াৰ পাছতে প্ৰশিক্ষিত অধিবক্তা মমতা বেনাৰ্জীয়ে তীক্ষ্ণ বাক্যবাণেৰে সৰ্বোচ্ছ আদালতত থকা-সৰকা কৰি পেলালে নিৰ্বাচন আয়োগক৷ উল্লেখ্য, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ আসনত থকা কোনেও আদালতত অধিবক্তা হিচাপে গোচৰত ভাগ লোৱাৰ নজিৰ নাছিল৷ মমতা বেনাৰ্জীৰ অভিযোগ, কেৱল পশ্চিমবংগত আয়োগে ‘মাইক্ৰ অৱজাৰভাৰ’ নিয়োগ কৰিছে৷ পশ্চিমবংগত বিবাহিত মহিলাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়া হৈছে৷ পশ্চিমবংগত নিৰ্বাচন আয়োগে উদ্দেশ্যপ্ৰণোদিতভাৱে সাংবিধানিক অধিকাৰ মোহাৰি পেলাইছে৷ মমতা বেনাৰ্জীয়ে ক’লে–‘মই এগৰাকী বন্ধা গোলাম৷ মই পাৰ্টীৰ হৈ যুঁজিবলৈ অহা নাই৷ মই ৰাজ্যৰ বাসিন্দাৰ হৈ যুঁজিবলৈ আহিছো৷ সংবিধান ৰক্ষাৰ বাবে যুঁজিবলৈ আহিছো৷ আয়োগৰ অত্যাচাৰত ৰাজ্যত ১০০জনৰ মৃত্যু হৈছে, বিএলঅ’ৱে আত্মহত্যা কৰিছে৷ এয়া কি সাধাৰণ কথা? পশ্চিমবংগক ‘টাৰ্গেট’ কৰা হৈছে৷ অসমত কিয় ‘ছাৰ’ হোৱা নাই? কিয় অসমত নাই? মহামান্য আদালতে ৰাজ্যবাসীৰ অধিকাৰ সুৰক্ষিত কৰক৷ মই আদালতৰ ওচৰত চিৰকৃতজ্ঞ৷’ উল্লেখ্য, মমতা বেনাৰ্জীৰ যুক্তি-তৰ্কৰ পাছতে শুনানিৰ সামৰণি পৰে আৰু আদালতে নিৰ্বাচন আয়োগলৈ তিনিটা গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰে৷ সেই অনুসৰি সৰ্বোচ্চ আদালতে কয় যে, বানানৰ ভুলত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰিব৷ জধে মধে ভোটাৰক জাননী জাৰি কৰিব নোৱাৰিব৷ মাইক্ৰ অৱজাৰভাৰ নিয়োগৰ আৰু প্ৰয়োজন নাই৷
মমতা বেনাৰ্জীৰ আবেদনঃ বুধবাৰে আদালতত মমতা বেনাৰ্জীৰ হৈ প্ৰথমে যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা শ্যাম দীৱানে৷ তেওঁ পৰিসংখ্যা দাঙি ধৰি জনায় যে ১৬ ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে ৮৮ লাখ ভোটাৰৰ শুনানি সম্পন্ন হৈছে৷ সেই অনুসৰি প্ৰতিদিনে গঢ়ে ১.৭ লাখ শুনানি গ্ৰহণ কৰা হৈছে৷ অধিবক্তাগৰাকীয়ে আঙুলিয়াই দিয়ে যে এতিয়াও ৬৩ লাখ লোকৰ শুনানি বাকী আছে, কিন্তু হাতত সময় আছে মাত্ৰ চাৰি দিন৷ নিৰ্ধাৰিত সময়ৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ হ’লে প্ৰতিদিনে ১৫.৫ লাখ ভোটাৰৰ শুনানি শেষ কৰিব লাগিব, যিটো কাৰ্যত অসম্ভৱ বুলি তেওঁ মন্তব্য কৰে৷
মমতা বেনাৰ্জীৰ দাবীঃ ২০২৫ চনৰ ভোটাৰ তালিকাৰ ওপৰত ভিত্তি কৰিয়েই যাতে ২০২৬ চনৰ পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়, তাৰ বাবে তেওঁ আবেদন জনাইছে৷
আদালতৰ নিৰ্দেশঃ এছ আই আৰত তথ্যগত অমিল থকাৰ বাবে বহুতো ভোটাৰক শুনানিৰ বাবে তলব কৰা হৈছে৷ বহু ক্ষেত্ৰত দেখা গৈছে যে কেৱল নামৰ বানানৰ ভুল বা উপাধি সলনি হোৱাৰ দৰে সমস্যাৰ বাবেই ভোটাৰসকলে শুনানিৰ জাননী লাভ কৰিছে৷ এই সমস্যা সমাধানৰ বাবে আদালতে ৰাজ্য চৰকাৰক এক নিৰ্দেশনা দিছে– ভাষিক দক্ষতাঃ বাংলা ভাষা বুজি পোৱা বিষয়াসকলৰ এখন তালিকা ৰাজ্য চৰকাৰে আদালতত জমা দিব লাগিব৷ এছ আই আৰৰ কামত তেওঁলোকক নিয়োগ কৰিলে নামৰ বানান সম্পৰ্কীয় সমস্যাবোৰ সমাধান হ’ব বুলি ধাৰণা কৰা হৈছে৷ ভোটাৰ কৰ্তনত নিষেধাজ্ঞাঃ আদালতে স্পষ্টকৈ জনাইছে যে নামৰ সৰু ভুলৰ বাবে কাকো ভোটাৰ তালিকাৰ পৰা বাদ দিব নোৱাৰিব৷ মাইক্ৰ’ অবজাৰভাৰৰ প্ৰয়োজনীয়তাঃ আদালতৰ মন্তব্য অনুসৰি, বাংলা ভাষাত দক্ষ বিষয়াসকল এই কামত নিয়োজিত হ’লে মাইক্ৰ’ অবজাৰভাৰৰ আৰু কোনো প্ৰয়োজন নাথাকিব৷ নিযুক্তিৰ বিতৰ্ক আৰু আয়োগৰ যুক্তিঃ মমতা বেনাৰ্জীৰ অধিবক্তাই অভিযোগ কৰিছিল যে বিজেপি শাসিত ৰাজ্যৰ পৰা ৭,৩০০ গৰাকী মাইক্ৰ’ অবজাৰভাৰ নিয়োগ কৰা হৈছে আৰু তেওঁলোকক নাম বাদ দিয়াৰ ক্ষমতা প্ৰদান কৰা হৈছে৷ ইয়াৰ ফলত ই আৰ অ’সকলৰ ক্ষমতা কাঢ়ি নিয়া হৈছে৷ অহা সোমবাৰে এই গোচৰৰ পুনৰ শুনানি হ’ব আৰু মমতা বেনাৰ্জী পুনৰ অধিবক্তা ৰূপত অৱতীৰ্ণ হ’ব বুলি জানিব পৰা গৈছে৷






