Logo
image

৮০ হাজাৰ টকীয়া গো-চামৰাৰ বেল্ট পিন্ধি বিপদত সাংসদ অনুৰাগ

নতুন দিল্লী, ৫ ফেব্ৰুৱাৰীঃ  এপাত বেল্টক লৈ এতিয়া ‘বিপদ’ত পৰিছে কট্টৰপন্থী হিন্দুত্ববাদী সাংসদ অনুৰাগ ঠাকুৰ৷ বিজেপি সাংসদজনক লৈ এতিয়া সামাজিক মাধ্যমত চলিছে তুমুল চৰ্চা৷ কথাইপতি ‘স্বদেশী’ৰ শ্লোগান আওৰোৱা সাংসদ অনুৰাগ ঠাকুৰৰ বিৰুদ্ধে আনকি উত্থাপন হৈছে ‘গো-মাতা’ৰ প্ৰতি অপমান কৰাৰ অভিযোগ৷ উল্লেখ্য, সম্প্ৰতি চলি থকা সংসদৰ বাজেট অধিৱেশনৰ এক বিতৰ্কত  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যক সমৰ্থন জনাবলৈ শেহতীয়াকৈ লোকসভাত সাংসদ অনুৰাগক সৰৱ হৈ পৰা দেখা গৈছিল৷ ইয়াৰ বাবে তেওঁ বাৰে বাৰে নিজৰ আসনৰ পৰা থিয় হৈ গৃহমন্ত্ৰীক সমৰ্থন জনায়৷ পিছে সেই মুহূৰ্তসমূহৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷


য’ত সাংসদজনক বিদেশত নিৰ্মিত প্ৰায় ৮০ হাজাৰ টকা মূল্যৰ গৰুৰ চামৰাৰ বেল্ট পৰিধান কৰি থকা দেখা গৈছে৷ এনেক্ষেত্ৰত ভিন্নজনে মন্তব্য আগবঢ়াইছে যে সুযোগ পালেই ‘স্বদেশী সামগ্ৰী’ৰ কথা কোৱা তথা হিন্দুত্ববাদী নেতাজনে বিদেশত নিৰ্মিত তথা গো-চামৰাৰ বেল্ট পৰিধান কৰি কিহৰ পৰিচয় দিছে? তদুপৰি গোধনক ‘মাতৃ’ৰূপে পূজা কৰা বিজেপি দলৰ সাংসদজনে গো-চামৰাৰ বেল্ট পৰিধান কৰি কি দলীয় আদৰ্শ দেখুৱালে? সাংসদ অনুৰাগৰ এনে কাণ্ডক লৈ দলৰ ভিতৰতো প্ৰতিক্ৰিয়া চলা বুলি জানিব পৰা গৈছে৷