Logo
image

হাফ লকডাউনত স্তব্ধ ৰাজ্য দুপৰতে মৰিশালি হ’ল জনপদ

আমাৰ অসম, ৬ মে’: ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত বুধবাৰৰ পৰা ৰাজ্য চৰকাৰে লকডাউনসদৃশ কঠোৰ বাধা-নিষেধাজ্ঞা আৰোপ কৰিছে৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি বুধবাৰে দিনৰ ২ বজাৰ পৰা গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে দোকান-বজাৰ সকলো বন্ধ হৈ পৰে৷ এক কথাত হাফ লকডাউনৰ ফলত দুপৰতে মৰিশালিৰ নিস্তব্ধতাই বিৰাজ কৰে জনপদত৷ সদাব্যস্ত গুৱাহাটী মহানগৰীও ২  বজাৰ লগে লগে এক প্ৰকাৰ স্তব্ধ হৈ পৰে৷ ফাৰ্মাচী, পশু খাদ্যৰ দোকানক বাদ দি সকলো ব্যৱসায়-প্ৰতিষ্ঠান বন্ধ হৈ পৰাত গুৱাহাটীৰ ৰাজপথত নিমাওমাও পৰিৱেশৰ সৃষ্টি হয়৷ ক’ভিডৰ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ প্ৰপিৰেক্ষিততে মুখ্য সচিব জিষ্ণু বৰুৱাই বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিদিনে দিনৰ ২ বজালৈহে ব্যৱসায়-প্ৰতিষ্ঠান খোলা ৰখাৰ অনুমতি প্ৰদান কৰিছে৷ তদুপৰি পূৰ্বতে নিশা আঠ বজাৰ পৰা নৈশ সান্ধ্য আইন জাৰি কৰিছিল যদিও বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰাই সান্ধ্য আইন কাৰ্যকৰী হৈ পৰে৷ ইপিনে, গুৱাহাটীত দৈনিক ১,০০০ৰ পৰা ১,৫০০ লোক ক’ভিডত আক্ৰান্ত হোৱাত মহানগৰীৰ ৱাৰ্ড ভিত্তিত কণ্টেইনমেণ্ট জ’ন ঘোষণাৰ কথা সদৰী কৰিছে জিলা উপায়ুক্তই৷ বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মহানগৰীৰ ৩টা ৱাৰ্ডত কণ্টেইনমেণ্ট ঘোষণা কৰিছে৷ লক্ষ্যণীয়ভাৱে চৰকাৰৰ নতুন ক’ভিড নীতি-নিৰ্দেশনাৰ ফলত বুধবাৰে দিনৰ ২ বজাৰ পাছত চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় বন্ধ হৈ পৰে৷ আনহাতে, বুধবাৰে ৰাজ্যৰ সকলো জিলাৰে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে চৰকাৰে৷ ইপিনে, ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত বজাৰ-সমাৰসমূহত ৰাইজৰ ভিৰ কিছু হ্ৰাস পাবলৈ ধৰাৰ সময়তে দিনৰ ২ বজাত ব্যৱসায়-প্ৰতিষ্ঠানসমূহ বন্ধ ঘোষণা কৰাত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱা দেখা গৈছে৷ অৱশ্যে, ২ বজাৰ পৰা দোকান-বজাৰ বন্ধ আৰু ৬ বজাৰ পৰা সান্ধ্য আইন কাৰ্যকৰী হ’লেও জৰুৰীকালীন সেৱা তথা অন্যান্য ক্ষেত্ৰত জড়িত লোকসকলৰ লগতে হাস্পতাললৈ অহা-যোৱা কৰা লোকসকলক ৰেহাই দিয়া দেখা গৈছে৷ অৱশ্যে দিনৰ দুই বজাৰ পাছত গুৱাহাটীৰ অনলাইন সুবিধা থকা কিছুসংখ্যক হোটেল-ৰেস্তোৰাঁই খাদ্য সম্ভাৰৰ হোম ডেলিভাৰীৰ ব্যৱস্থা অব্যাহত ৰাখিছে৷ চৰকাৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত দুই বজাতে ব্যৱসায়-প্ৰতিষ্ঠান বন্ধৰ ব্যৱস্থা অব্যাহত থাকিব৷