গৌৰৱ গগৈৰ পত্নীৰ বেংক একাউণ্ট আছে লাহোৰত! ৭ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ
'আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ ফেব্ৰুৱাৰীঃ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ পুনৰ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ অহা ৭ ফেব্ৰুৱাৰীত সংবাদমেল পাতি গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্ক ফাদিল কৰিম বুলি ঘোষণা কৰাৰ পাছৰে পৰা প্ৰতিদিনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ পাকিস্তান লিংকক লৈ আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে মুখ্যমন্ত্ৰীক৷ এইবাৰ গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি অভিহিত কৰাতে ক্ষান্ত নাথাকি, গৌৰৱৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈৰ পাকিস্তানৰ বেংকত একাউণ্ট থকা বুলিও অভিযোগ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ আনকি পাকিস্তানৰ বেংকত একাউণ্ট থকাৰ কথা গৌৰৱ পত্নীয়ে অসম আৰক্ষীক নিজেই জানিবলৈ দিয়া বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–‘গৌৰৱ গগৈৰ পৰিবাৰৰ পাকিস্তানতো বেংক একাউণ্ট আছে৷ সেই কথাটো তেওঁ নিজেই অসম পুলিচকো কৈছে৷ মই ইমানটোৱে ক’লো যে গৌৰৱ গগৈৰ পৰিবাৰে নিজেই কৈছে যে মই পাকিস্তানৰ পৰা দৰমহা পাইছিলো আৰু পাকিস্তানৰ বেংক একাউণ্টতে টকা ৰাখিছিলো৷ বেংক একাউণ্টটো বন্ধ কৰি দিয়া নাই বুলিও আমাক কোৱা নাই৷ এইটো স্পষ্ট যে তেওঁলোকৰ টকা বিদেশৰ পৰা আহে আৰু বিদেশতে থাকে৷ এইটো এটা ডাঙৰ ষড়যন্ত্ৰ, এইটোৰ সন্দৰ্ভত ৭ তাৰিখে সবিশেষ কম৷ নিজৰ দুটা ল’ৰা-ছোৱালীৰ দুয়োটাই বিদেশী আৰু তেওঁ হ’ব অসমৰ মুখ্যমন্ত্ৰী! এইটোক ফ্লপ শ্ব’ বুলি কয় নেকি? যদি ছোনিয়া গান্ধী ভাৰতীয় নাগৰিক হ’ব পাৰে, গৌৰৱ গগৈৰ পত্নী কিয় হ’ব নোৱাৰে৷ তাৰ মানে পৰিবাৰত ৪ জন মানুহ থাকে, তিনিজন বিদেশী৷ এই কথা মই কোৱাৰ আগতেই তেওঁ শপতনামা দি ক’ব লাগিছিল নে নাই? যোৰহাটৰ মানুহক ক’ব লাগিছিল নে নাই? মই কোৱাৰ আগতে তেওঁৰ পৰিয়ালৰ ধৰ্ম কি কৈ দিয়ক৷ আগষ্টৰ পৰা মই কৈ আছো তেওঁ পাকিস্তানৰ এজেণ্ট বুলি, তেনেহ’লে গৌৰৱ গগৈ ক’ৰ্টত কিয় যোৱা নাই৷ কিয়নো তেওঁৰ ভয়– ক’ৰ্টত গ’লে ফচিব বুলি জানে৷ গৌৰৱ এজন সাধাৰণ মানুহৰ ল’ৰা নহয়, তৰুণ গগৈৰ সন্তান৷ মোৰ দৰে সাধাৰণ মানুহ এজনে পাকিস্তানৰ এজেণ্ট বুলি কৈ আছে আৰু তেওঁ ক’ৰ্টত যোৱাৰ সাহস কৰা নাই৷ কিয় কৰা নাই? সেই কাৰণে তেওঁ বহুত কথা ক’ব লাগিব৷ তাৰ পাছত তেওঁ এম পি থাকেনে নাই, বিৰোধীৰ উপ-দলপতি হৈ থাকে নে নাই, সেয়া তেওঁৰ মানসিকতা৷ ৭ তাৰিখে এই সন্দৰ্ভত কেবিনেটত আলোচনা হ’ব আৰু কেবিনেটত হোৱা আলোচনা ৮ তাৰিখে ৰাইজক অৱগত কৰিম৷ সোমবাৰে গৃহ বিভাগে কেবিনেট মেম’ৰেণ্ডাম আনিব আৰু মন্ত্ৰীসকলে আলোচনা কৰি সিদ্ধান্ত ল’ব–পৰৱৰ্তী তদন্ত ক’ত হ’ব৷ কিয়নো ইণ্টাৰপ’লৰ সহায় ল’ব লাগিব, বেংকৰ একাউণ্ট ল’ব লাগিব যিটো অসম আৰক্ষীয়ে নোৱাৰে৷ সেয়েহে কোনোবা নহয় কোনোবা, চেণ্ট্ৰেল এজেন্সীৰ জৰিয়তে যাব লাগিব৷ অসম আৰক্ষীয়ে ভাবিব নোৱৰা কথা উলিয়াই আনিছে৷ যিদিনা ৰাজীৱ গান্ধী ৰাজনীতিত প্ৰৱেশ কৰিছিলে, সেই দিনাই ছোনিয়া গান্ধীৰ নাগৰিকত্ব সলনি কৰিছিল৷ কিন্তু গৌৰৱ গগৈ কংগ্ৰেছৰ নেতা হৈ ছোনীয়া গান্ধীৰ আদৰ্শ অনুসৰণ কৰিব পাৰিলেহেঁতেন নে নাই? ৰাজীৱ গান্ধীয়ে ৰাহুল আৰু প্ৰিয়ংকাক ভাৰতীয় কৰিলে, কিন্তু গৌৰৱ গগৈয়ে পুতেক জনকো ভাৰতীয় নাগৰিকত্ব কৰ্তন কৰি বিদেশী কৰিলে৷’ ইফালে এছ আই টিৰ এটা সূত্ৰই সংবাদ মাধ্যমৰ আগত গৌৰৱ পত্নী এলিজাবেথৰ ভগ্নীৰো পাকিস্তানৰ লাহোৰৰ বেংকত একাউণ্ট থকা বুলি জানিবলৈ দিছে৷ লাহোৰৰ আলামা ইকবাল টাউনৰ আলফাহ বেংকত এলিজাবেথ গগৈৰ ভগ্নীৰ একাউণ্টটো থকা বুলিও সদৰী কৰে আৰক্ষীৰ সূত্ৰটোৱে৷ ইফালে বৃহস্পতিবাৰে পুৱা জালুকবাৰী বিধানসভা সমষ্টিত বুথ বিজয় অভিযানৰ শুভাৰম্ভ কৰিও গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰে মুখ্যমন্ত্ৰীয়ে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়–‘গৌৰৱ গগৈৰ লগত থকা এজন মানুহে লিখিছিল যে অসমত অসমীয়াবিলাকহে বোলে ভগনীয়া, আমিহে বাহিৰৰ পৰা আহিছোঁ৷ আৰু মিঞাবিলাকহে বোলে অৰিজিনেল৷ এই কিতাপখন লেখা মানুহজন এতিয়া গৌৰৱ গগৈৰ আটাইতকৈ ডাঙৰ উপদেষ্টা, পদবীত থাকি উপদেষ্টা, লুকায়ো নহয়৷ গতিকে মই এই গোটেই কথাবোৰ লাহে লাহে ক’ম৷ অসমীয়াৰ বিৰুদ্ধে এটা ডাঙৰ ষড়যন্ত্ৰৰ ঘাটিত পৰিণত হৈছে ৰাজীৱ ভৱন৷ তাত অকল এণ্টি আছামিজ কামবিলাকহে চলি আছে৷ সম্পূৰ্ণ অসম বিৰোধী, কংগ্ৰেছৰ ৱেবছাইট হেক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় লগতে ‘কংগ্ৰেছে বুজি পাব লাগে আজিকালি কোনেও ৱেবছাইট নাচায়, আজিকালি এপ চায়৷ ৱেবছাইটৰ দিন কেতিয়াবাই পাৰ হৈ গ’ল৷ তেওঁলোকে অসমীয়া মানুহক এতিয়াও পিছপৰি থকা বুলি ভাবে৷ এতিয়া ছফ্টৱেৰ নাই, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহি গ’ল৷ আজিৰ দিনত কোনোবাই ৱেবছাইট খোলে নেকি৷ তেওঁলোকৰ কোনো নূ্যনতম সমসাময়িক জ্ঞানো নাই৷ যিকেইজন ব্যক্তিয়ে গৌৰৱ গগৈৰ লগত লগ লাগি এই কামবোৰ কৰি আছে সেইকেইজনো কিমান ডেঞ্জাৰাছ ৮ তাৰিখৰ পাছত ক’ম৷’
গৌৰৱে ভয় খাইছেঃ প্ৰদেশ বিজেপি
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ গৌৰৱ গগৈ নেতৃত্বাধীন প্ৰদেশ কংগ্ৰেছে বুধবাৰে এক সংবাদমেল যোগে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক লৈ উত্থাপন কৰা অভিযোগক ‘কমেডী শ্ব’ আখ্যা দিছে অসম প্ৰদেশ বিজেপিয়ে৷ আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত মুখপাত্ৰ কমল কুমাৰ মেধিয়ে কংগ্ৰেছৰ এই ‘কমেডী শ্ব’ অতিকে নিম্নমানৰ হোৱা বুলি কটাক্ষ কৰি এনে ‘কমেডী শ্ব’ৰে মাজে মাজে অসমৰ ৰাইজক আমোদ দি থাকিবলৈ কংগ্ৰেছক আহ্বান জনায়৷ সংবাদমেলত মেধিয়ে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলক কঠোৰভাৱে সমালোচন কৰি কয় যে, এই মুহূৰ্তত এইখন অসমত আটাইতকৈ ভয়ত থকা ৰাজনীতিকগৰাকীয়েই হৈছে গৌৰৱ গগৈ৷ অহা ৮ ফেব্ৰুৱাৰীত পাকিস্তান সংযোগৰ তথ্য মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিম বুলি ঘোষণা কৰাৰ পাছৰে পৰা গৌৰৱ গগৈয়ে টোপনি যাব পৰা নাই৷ গৌৰৱ গগৈয়ে ভয় খাইছে৷ চৰম দুশ্চিন্তাত ভুগি থকা গগৈয়ে এতিয়া আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে৷ এইকেইদিনত তেওঁ কি কৈছে, কি কৰিছে সেয়া নিজেই ঠাৱৰ কৰিব পৰা নাই৷ উপায়ন্তৰ গগৈয়ে সেয়ে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লৈছে৷ কিছুমান ভিত্তিহীন, কল্পনাপ্ৰসূত অভিযোগেৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ৰাইজৰ মাজত বদনামী কৰিবলৈ অপচেষ্টা চলাইছে৷ যি গৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ প্ৰায় ১ লাখ ৬০ হাজাৰ যুৱক-যুৱতীয়ে এটকাও ঘোচ নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে, যি গৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত ড্ৰাইভিং লাইচেন্সৰ পৰা হিতাধিকাৰী আঁচনিৰ ধনলৈকে কোনো অনিয়ম নোহোৱাকৈ ৰাইজে পাবলৈ সক্ষম হৈছে-সেইগৰাকী মুখ্যমন্ত্ৰী দুৰ্নীতিত জড়িত আছে বুলি ক’লে অসমৰ কোনো মানুহেই বিশ্বাস নকৰে৷ প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগক নস্যাৎ কৰি আদালতলৈ যাম বুলি কোৱাৰ লগে লগেই ভয়তে কথাৰ সুৰ সলাইছে গৌৰৱ গগৈয়ে৷ গৌৰৱ গগৈয়ে ৰাইজৰ আদালতৰ প্ৰসংগ উত্থাপন কৰিছে৷ গগৈৰ এই বক্তব্যৰ প্ৰত্যুত্তৰ দি মেধিয়ে কয় যে, ৰাইজৰ আদালতত প্ৰতিবাৰেই বিজেপি দল আৰু ড॰ হিমন্ত বিশ্ব শৰ্মা বিজয়ী হৈ আহিছে৷ বিগত প্ৰতিটো নিৰ্বাচনতে ৰাইজে বিজেপিৰ সপক্ষে ৰায় প্ৰদান কৰি আহিছে৷ সমাগত বিধানসভা নিৰ্বাচনতো ৰাইজৰ আদালতত নিৰ্ধাৰণ হ’ব-কোন খিলঞ্জীয়া তথা ভাৰতীয়মূলৰ জনতাৰ পক্ষত আছে আৰু কোন অচিনাকি মিঞা মুছলমানৰ পক্ষত আছে৷ পাকিস্তানৰ সংযোগ জনতাৰ আদালতলৈ যোৱাৰ পাছত গৌৰৱ গগৈয়ে অসমৰ জনতাৰ পৰা পলাই ফুৰিব লাগিব বুলিও সংবাদমেলত মুখপাত্ৰজনে দৃঢ়তাৰে দোহাৰে৷






