এক্সকেভেটৰৰ ব্ৰেক ফেইল, সোমালগৈ ৰাজভৱনত
'আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৫ ফেব্ৰুৱাৰীঃ এক ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল অসমৰ হৃদপিণ্ড স্বৰূপ অসমৰ ৰাজ ভৱন৷ এক্সকেভেটৰৰ ব্ৰেক ফেইল হৈ ৰাজভৱনত সোমাই যোৱাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে এই ঘটনাত কোনো লোকে হতাহঁত হোৱা নাই৷ গুৱাহাটী মহানগৰীৰ ৰাজ্যপালৰ বাসভৱন ঐতিহাসিক লোকভৱনত এক্সকেভেটৰৰ চালকৰ ভুলৰ বাবে এটা দুৰ্ঘটনা সংঘটিত হয়৷ সুৰক্ষাকৰ্মীৰে গিজগিজাই থকা [ৰাজভৱন] লোকভৱনত সংঘটিত দুৰ্ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দুৰ্ঘটনাটোত গুৱাহাটীৰ ৰাজভৱনৰ কিছু অংশ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে৷
ৰাজভৱনৰ ভিতৰত প্ৰৱেশ কৰিছিল এক্সকেভেটৰখনে৷ কেনেকৈ দুৰ্ঘটনাতো সংঘটিত হল সেয়া পোহৰলৈ অহা নাই যদিও ৰাজভৱনত নিয়োজিত সুৰক্ষা কৰ্মীয়ে কোনো দুৰ্ঘটনা হোৱা নাই বুলি সদৰী কৰিছে৷ আনকি সুৰক্ষা কৰ্মীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক ৰাজভৱনত প্ৰৱেশত বাধা দিয়ে৷ এক্সকেভেটৰৰ চালকৰ ভুলৰ বাবেই সংঘটিত হোৱা ঘটনাটোৰ পাছত ৰাজভৱনৰ ভিতৰৰ পৰা পঠিয়াই দিয়া হৈছে এক্সকেভেটৰ খন৷






