মেট্ৰিকত প্ৰথম হোৱা যুগলে নেতৃত্ব দিছে আমেৰিকাত
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ ফেব্ৰুৱাৰীঃ ২০১০ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা বজালীৰ পহুমৰা নদীৰ পাৰৰ যুৱ বিজ্ঞানী যুগল তালুকদাৰে এতিয়া আমেৰিকাত নেতৃত্ব প্ৰদান কৰিছে৷ বিশ্বৰ পদাৰ্থ বিজ্ঞানৰ সৰ্বোচ্চ সন্মানিত আৰু পেশাগত সংস্থা আমেৰিকান ফিজিকেল ছ’চাইটীৰ [এপিএছ] ফ’ৰাম অন গ্ৰেজুৱেট ষ্টুডেণ্ট এফেয়াৰ্ছৰ অধ্যক্ষ হিচাপে নিবাৰ্চিত হৈছে অসম সন্তান যুগল তালুকদাৰ৷ আমেৰিকাৰ পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ ৰক্ষা তথা গৱেষণাক নেতৃত্ব দিয়া মঞ্চখনৰ গুৰুত্বপূৰ্ণ পদত নিৰ্বাচিত হোৱা যুগল প্ৰথমজন অসমীয়া হিচাপে পৰিচিত হৈছে৷ এই বিৰল সন্মানৰ কথা সামাজিক মাধ্যমযোগে নিজেই প্ৰকাশ কৰিছে সম্প্ৰতি আমেৰিকাৰ কেলিফৰ্নিয়াৰ লছ এঞ্জেল্ছত পদাৰ্থ বিজ্ঞানী হিচাপে কৰ্মজীৱন আৰম্ভ কৰা যুগল তালুকদাৰে৷ এই কৃতিত্বৰ বাবে নিজকে গৌৰৱান্বিত বুলি উল্লেখ কৰি সামাজিক মাধ্যমত এটা পোষ্টত যুগল তালুকদাৰে কয়– ‘আজি ৰাইজক জনাবলৈ পাই গৌৰৱান্বিত যে পৃথিৱীৰ পদাৰ্থ বিজ্ঞানৰ আটাইতকৈ ডাঙৰ প্ৰতিষ্ঠান American Physical Society [APS] ৰ FGSA Unit ৰ Chair হিচাপে মোৰ কাৰ্যনিৰ্বাহ আৰম্ভ হৈছে৷ APS ৰ Unit Executive Committee ত নিৰ্বাচিত হোৱাটো মোৰ বাবে বিশেষ সন্মান সম্ভৱতঃ মই এই স্থানত নিৰ্বাচিত [২০২৫ চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল] হোৱা প্ৰথম অসমীয়া৷ আজি মোৰ বাবে আৰু এটা বিশেষ দিন আছিল৷ APS Leadership Team ৰ সদস্য হিচাপে আমেৰিকাৰ সংসদ ভৱন Capitol Hill লৈ গৈ ভালেকেইজন সাংসদৰ সৈতে Science-Technology Policy আৰু Workforce উন্নয়ন সন্দৰ্ভত আলোচনাত ভাগ লোৱাৰ সুযোগ পালোঁ৷
পহুমৰা নদীৰ পাৰৰ পৰা আহি আমেৰিকাৰ সাংসদৰ সৈতে বিজ্ঞানৰ ভৱিষ্যতৰ বিষয়ে কথা পাতিম বুলি সপোনতো ভবা নাছিলোঁ৷ কোৱাণ্টাম পদাৰ্থ বিজ্ঞানী হিচাপে সেই ক্ষেত্ৰৰ future plan আৰু আমাৰ দৃষ্টিভংগী তেওঁলোকৰ আগত দাঙি ধৰিলোঁ৷ মোৰ দলৰ সতীৰ্থ সকল APত্ৰৰ লগত বহু দিনৰ পৰাই জড়িত হৈ আছে– তেওঁলোক UC Berkeley, Stanford, University of Arizona আদি বিশ্ববিদ্যালয়ৰ কৰ্মৰত অধ্যাপক৷ বয়সত বহুত সৰু হ’লেও আলোচনা নেতৃত্ব ল’বলৈ তেওঁলোকে মোক উৎসাহ দিলে আৰু কথা ক’বলৈ ভাল পোৱা মানুহ হিচাপে অভিজ্ঞতাটো সঁচাকৈ আনন্দদায়ক হ’ল৷’ উল্লেখ্য, আমেৰিকান ফিজিকেল ছ’চাইটী হৈছে বিশ্বৰ লাখ লাখ পদাৰ্থ বিজ্ঞানীৰ সৈতে জড়িত এক অতি প্ৰতিষ্ঠিত সংস্থা, যিয়ে বিশ্বজুৰি বিজ্ঞান, গৱেষণা আৰু বিজ্ঞান-নীতি গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ এনে এখন সংস্থাৰ নেতৃত্বস্থানীয় ইউনিটৰ অধ্যক্ষ হিচাপে এজন অসমীয়াৰ নিৰ্বাচনক ৰাজ্যবাসীয়ে এক ঐতিহাসিক কৃতিত্ব হিচাপে আখ্যা দিছে৷ বিশেষজ্ঞসকলৰ মতে, এই সাফল্য কেৱল এজন ব্যক্তিৰ কৃতিত্বতেই সীমাবদ্ধ নহয়; ই অসম তথা ভাৰতৰ যুৱ বিজ্ঞানীসকলৰ বাবে এক শক্তিশালী প্ৰেৰণাৰ উৎস৷ বিশ্বমুখী গৱেষণা, নেতৃত্ব আৰু বিজ্ঞান-নীতি নিৰ্ধাৰণত অসমীয়া যুৱক-যুৱতীসকলেও যে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে, এই ঘটনাই তাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে পৰিগণিত হৈছে৷ যুগলে এপিএছত চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈ দায়িত্ব প্ৰদান কৰিব৷






