Logo
image

১৭ ফেব্ৰুৱাৰীত মন্ত্ৰী অজন্তাৰ লেখানুদান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ ফেব্ৰুৱাৰীঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি-মিত্ৰজোঁটৰ  চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশন কাইলৈ অৰ্থাৎ সোমবাৰৰে পৰা অনুষ্ঠিত হ’ব৷ পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন অধিৱেশন চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ সোমবাৰে ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’বলগীয়া লেখানুদান বাজেট অধিৱেশনখন ১৯ ফেব্ৰুৱাৰীলৈ চলিব৷ বৰ্তমানৰ বিজেপি-মিত্ৰজোঁটৰ  চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ এই বাজেট অধিৱেশনৰ পাছতেই এপ্ৰিলত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত বিধানসভাৰ নিৰ্বাচন৷ এই নিৰ্বাচনত জয় লাভ কৰা দলটোৱে চৰকাৰ গঠন কৰিব৷ সেই চৰকাৰে বিধি অনুসৰি ষষ্ঠদশ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰি পূৰ্ণাংগ বাজেট দাখিল কৰিব৷ এই পঞ্চদশ বিধানসভাৰ অন্তিম অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ ১৭ ফেব্ৰুৱাৰী, মঙলবাৰে সদনত উত্থাপন কৰিব ২০২৬-২৭ বৰ্ষৰ অন্তৰ্ৱৰ্তী লেখানুদান বাজেট৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণাংগ বাজেটৰ সলনি উত্থাপন কৰা হ’ব লেখানুদান৷


সদনত লেখানুদান উত্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে৷ সদনত উত্থাপন হ’ব এখন সংশোধনী বিধেয়কো৷ এই অধিৱেশনত পৰিপূৰক দাবী মঞ্জুৰীও উত্থাপন কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য, ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে পৰৱৰ্তী তিনি বা ছমাহ ৰাজ্যখন চলিবৰ কাৰণে প্ৰয়োজনীয় পুঁজি এই লেখানুদান বাজেট অধিৱেশনত মঞ্জুৰী দিয়া হ’ব৷ মে’ মাহত ৰাজ্যত নতুন চৰকাৰে শপত লোৱাৰ পাছত পৰৱৰ্তী বাজেট দাখিল কৰিব৷ ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিৱেশনৰ প্ৰথম দিনা সংবিধানৰ ১৭৬ [১] অনুচ্ছেদৰ অধীনত ৰাজ্যপালে ভাষণ দিব৷ ৰাজ্যপালৰ ভাষণৰ ওপৰত সেইদিনাই ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন আৰু সমৰ্থন জনাব শাসকীয় পক্ষই৷ ১৭ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী অজন্ত নেওগে লেখানুদান বাজেট দাখিল কৰিব৷ সেইদিনা লেখানুদান দাখিলৰ পাছতেই ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্ক অনুষ্ঠিত হ’ব৷ ১৮ ফেব্ৰুৱাৰী বুধবাৰে পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰত আলোচনা হ’ব৷ ১৯ ফেব্ৰুৱাৰীত ২০২৬-২৭ বৰ্ষৰ লেখানুদান বাজেটৰ ওপৰত আলোচনা তথা অসম বিনিয়োজন বিধেয়ক উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ হ’ব৷