Logo
image

চৰকাৰ গঠনৰ পাছতেই লকডাউনৰ যো-জা

◾অসম-পুডুচেৰীত শপতগ্ৰহণৰ পাছতেই দেশত লকডাউন!

◾কেন্দ্ৰ সাজু থাককঃ ছুপ্ৰিম ক’ৰ্ট

সাৱধানে ৰাখক শিশুক আহি আছে তৃতীয় ঢৌ


আমাৰ অসম, ৭ মে’: পৰিস্থিতিৰ যদি অধিক অৱনতি ঘটে, তেন্তে অসম আৰু পুডুচেৰীত নতুন চৰকাৰ গঠনৰ পিছতে সমগ্ৰ দেশতে ঘোষণা হ’ব লকডাউন৷ ইতিমধ্যে দেশৰ বিশিষ্ট চিকিৎসক আৰু বিজ্ঞানীসকলে সমগ্ৰ দেশতে শীঘ্ৰে লকডাউনৰ সপক্ষে মত পোষণ কৰিছে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আৰু পুডুচেৰীত এনডিএ চৰকাৰে শপতগ্ৰহণ কৰাটো বিচাৰিছে৷ উল্লেখ্য, ২০২০ চনৰ মাৰ্চ মাহত সমগ্ৰ দেশতে লকডাউন দিয়াৰ সময়তো সংঘটিত হৈছিল অনুৰূপ ঘটনা৷ মধ্য প্ৰদেশত কমল নাথ চৰকাৰৰ পতন আৰু শিৱৰাজ সিং চৌহানৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতেই দেশজুৰি ঘোষণা কৰা হৈছিল ২১ দিনীয়া লকডাউন৷ ২০২০ চনৰ ১৬ মাৰ্চত কংগ্ৰেছ নেতৃত্বাধীন কমল নাথ চৰকাৰে পদত্যাগ কৰিছিল৷ ২৩ মাৰ্চত বিজেপি নেতৃত্বাধীন শিৱৰাজ সিং চৌহান চৰকাৰে শপতগ্ৰহণ কৰে৷ ২৪ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰে৷ এইবাৰো লকডাউনৰ ক্ষেত্ৰত তীব্ৰ হেঁচাৰ সৃষ্টি হোৱাৰ পিছতো অসম আৰু পুডুচেৰীত নতুন চৰকাৰে শপতগ্ৰহণ নকৰা পৰ্যন্ত দেশত লকডাউন ঘোষণা কৰিব বিচৰা নাই মোদী চৰকাৰে৷ বৃহস্পতিবাৰে বিজেপিৰ শীৰ্ষ নেতৃত্বই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ যদি সেয়ে হয়, তেন্তে শুকুৰবাৰে অসমত নতুন চৰকাৰে শপতগ্ৰহণ কৰাটো প্ৰায় নিশ্চিত৷ মুখ্যমন্ত্ৰী নিৰ্বাচন আৰু শপতগ্ৰহণৰ মাজত অধিক সময় দিব বিচৰা নাই বিজেপি হাইকামাণ্ডে৷ যদি সময়ৰ নাটনি হয়, তেন্তে মুখ্যমন্ত্ৰীৰ সৈতে সীমিতসংখ্যক মন্ত্ৰীয়েহে শপতগ্ৰহণ কৰিব৷ পৰৱৰ্তী সময়ত পূৰণ কৰা হ’ব খালী হৈ থকা মন্ত্ৰীপদ৷ দেওবাৰে নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতো বৃহস্পতিবাৰে নিশাপৰ্যন্ত বিজেপি হাইকমাণ্ডে ঘোষণা নকৰিলে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম৷ বিজেপিৰ সংসদীয় কমিটীৰ বৈঠক নবহাৰ অজুহাতত পিছুৱাই ৰখা হৈছে মুখ্যমন্ত্ৰী বাছনিৰ সমগ্ৰ প্ৰক্ৰিয়া৷

আহি আছে কৰ’নাৰ তৃতীয় লহৰ, উচ্ছতম ন্যায়ালয়ৰ সতৰ্কবাণী

কাল কৰ’নাক লৈ ভাৰতত এতিয়া নাজল-নাথল অৱস্থা৷ কৰ’নাৰ দ্বিতীয় লহৰে সমগ্ৰ দেশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে এইবাৰ আহি পৰিছে প্ৰাণনাশী ভাইৰাছবিধৰ তৃতীয় লহৰৰ আশংকা৷ সেই অনুসৰি যিকোনো সময়তে ভাৰতত কৰ’নাৰ তৃতীয় লহৰৰ সংক্ৰমণ ঘটিব৷ কেন্দ্ৰীয় চৰকাৰক এই সতৰ্কবাণী শুনাইছে বিশেষজ্ঞসকলে৷ ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা তথা দেশৰ এগৰাকী শীৰ্ষ বিজ্ঞানী ডাঃ কে বিজয় ৰাঘৱনে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে এক বিবৃতি প্ৰকাশ কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত দেশত পুনৰ লকডাউন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷ ডাঃ ৰাঘৱনে উল্লেখ কৰা মতে ‘এই মুহূৰ্তত কৰ’নাৰ যিটো হাৰত সংক্ৰমণ ঘটিবলৈ ধৰিছে তালৈ চাই এয়া নিশ্চিত যে সংক্ৰমণৰ তৃতীয় লহৰলৈ বেছি পৰ নাই৷ অৱশ্যে কেতিয়া আৰু কেনেদৰে ভাইৰাছবিধৰ তৃতীয় লহৰ আহিব সেই বিষয়ে বিজ্ঞানীজন স্পষ্ট নহয় বুলি উল্লেখ কৰে৷ ইপিনে, প্ৰাণনাশী ভাইৰাছবিধত এইবাৰ শিশুসকল সহজেই আক্ৰান্ত হোৱাৰ আশংকা কৰিছে বিজ্ঞানীজনে৷ সেয়ে শিশুসকলক সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁ সকলোকে আহ৩ান জনাইছে৷ এনে ক্ষেত্ৰত চিকিৎসকসকলে শিশুৰ দেহৰ তাপমাত্ৰা পৰীক্ষা কৰি থাকিবলৈ আহ৩ান জনোৱাৰ লগতে অক্সিজেনৰ মাত্ৰা জুখি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ তদুপৰি শিশুটিয়ে সামান্যতমো অসুবিধা পালে লগে লগেই চিকিৎসকৰ কাষ চাপিবলৈ পিতৃ-মাতৃসকলক পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য বিশেষজ্ঞসকলে৷ আনহাতে কৰ’নাৰ তৃতীয় লহৰৰ আশংকা আহি পৰাৰ সময়তে উচ্ছতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ইয়াৰ বাবে সাজু থাকিবলৈ আহ৩ান জনাইছে৷ দেশৰ সৰ্বোচ্ছ ন্যায়ালয়খনে আজি কেন্দ্ৰীয় চৰকাৰক দেশবাসীক ৰক্ষা কৰিবলৈ পৰ্যাপ্ত অক্সিজেন মজুত কৰি ৰখাৰ বাবে নিৰ্দেশ দিয়ে৷ একেদৰে কৰ’নাৰ তৃতীয় লহৰৰ দ্বাৰা যিহেতু শিশুসকল অধিক আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে সেয়ে কেন্দ্ৰীয় চৰকাৰক ইয়াৰ বাবে আগতীয়াকৈ সাজু থাকিবলৈ নিৰ্দেশ দিয়ে সৰ্বোচ্ছ ন্যায়ালয়খনে৷ উচ্ছতম ন্যায়ালয়খনে আনকি দেশত কৰ’নাৰ তৃতীয় লহৰৰ সংক্ৰমণ হোৱাৰ পূৰ্বেই শিশুসকলৰ টিকাকৰণ সম্পূৰ্ণ কবিৰলৈও আহ্বান জনায়৷ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ খণ্ড বিচাৰপীঠে আজি স্পষ্টভাৱে উল্লেখ কৰে যে তৃতীয় লহৰৰ বাবে কেন্দ্ৰীয় চৰকাৰখন এতিয়াৰে পৰা সাজু থাকিলেহে পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিব৷ আনহাতে, কৰ’নাই সমগ্ৰ দেশত সম্প্ৰতি ভয়াৱহ ৰূপ ধাৰণ কৰাত কেন্দ্ৰীয় চৰকাৰে দেশজুৰি পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ চিন্তা-চৰ্চা চলাইছে৷ আজি নীতি আয়োগৰ সদস্য তথা ৰাষ্ট্ৰীয় ক’ভিড টাস্ক ফ’ৰ্চৰ মুৰব্বী ডি কে পালে এই ইংগিত প্ৰদান কৰে৷ সাংবাদিকৰ আগত পালে কয়– ‘বিষয়টোক লৈ সম্প্ৰতি আলোচনা চলি আছে৷’ পালৰ মতে সম্প্ৰতি দেশত ক’ভিডে যি পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ ‘লকডাউন’ৰ বাহিৰে আন কোনো বিকল্প নাই৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰয়ো দেশত পুনৰ লকডাউন হোৱাৰ ইংগিত প্ৰদান কৰিছে৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত ভাৰতত ৪ লাখ ১২ হাজাৰ ২৬২জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ ইয়াৰ বিপৰীতে এই সময়ছোৱাত দেশখনত ৩,৯৮০জনে প্ৰাণ হেৰুৱাইছে৷ ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৯২০জন৷ কৰ্ণাটক, দিল্লী আৰু উত্তৰ প্ৰদেশতো যোৱা ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যাই ৩৫০ অতিক্ৰম কৰিছে৷ ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ বৈজ্ঞানিক উপদেষ্টাজনে বৰ্তমানে প্ৰদান কৰি থকা প্ৰতিষেধকৰ উন্নীতকৰণৰ বাবে চৰকাৰক আহ্বান জনায়৷ কিয়নো কৰ’না ভাইৰাছে বৰ্তমান সময়ত যিটো হাৰত ৰূপ সলনি কৰি আছে, তেনে ক্ষেত্ৰত ভাইৰাছবিধৰ নতুন প্ৰকাৰক প্ৰতিহত কৰিবলৈ অধিক উন্নত ভেক্‌চিনৰ প্ৰয়োজন আহি পৰা বুলি বিজ্ঞানীজনে উল্লেখ কৰে৷