Logo
image

মুখ্যমন্ত্ৰী ঘোষণাত বিলম্ব হ’লেও আজি শপতগ্ৰহণৰ সম্ভাৱনা

আমাৰ অসম, ৭ মে’: অসম বিধানসভাৰ সদস্যসমাপ্ত নিৰ্বাচনৰ ফলাফল দেওবাৰে ঘোষণা হ’ল যদিও আজিপৰ্যন্ত চূড়ান্ত নহ’ল ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীজনৰ নাম৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা বিগত দুদিন ধৰি পশ্চিমবংগত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণে দলৰ সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত নোহোৱাৰ ফলতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হোৱা নাই বুলি প্ৰদেশ বিজেপিয়ে দাবী কৰি আছে৷ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নকৰিলেও বিজেপিৰ শীৰ্ষ নেতৃত্বই অসমৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে৷ বৃহস্পতিবাৰে সন্ধিয়া সাত বজাৰ পৰা বিজেপিৰ সংসদীয় বোৰ্ডৰ বৈঠক অমিত শ্বাহৰ বাসগৃহত ভাৰ্চুৱেল মাধ্যমেৰে আৰম্ভ হয়৷ কলকাতাত ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবে জে পি নাড্ডাই সংসদীয় ব’ৰ্ডৰ বৈঠক আহ্বান কৰিব পৰা নাই বুলি কৈ থকা হৈছে যদিও কলকাতাৰ পৰাই তেওঁ ভাৰ্চুৱেল মাধ্যমৰ এই বৈঠকত বিগত দুদিনত অংশ ল’ব পাৰিলেহেঁতেন৷ কাৰণ বৈঠকখনো ভাৰ্চুৱেল মাধ্যমেৰেহে অনুষ্ঠিত হৈছে৷ পশ্চিমবংগত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণে নাড্ডাই বিগত দুদিন সময় দিব নোৱাৰাৰ অজুহাত দেখুৱাই থকা হৈছে বিজেপিৰ ফালৰ পৰা৷ অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে তাক প্ৰক্ষেপ কৰা হ’ব সেই সন্দৰ্ভত বিভিন্ন পক্ষৰ সৈতে প্ৰাথমিক কথা-বতৰা পাতিছে৷ বিভিন্ন পক্ষৰ মতামত গ্ৰহণ কৰিছে৷ সংসদীয় ব’ৰ্ডৰ বৈঠকত বিষয়টো চূড়ান্ত হোৱাৰ যথেষ্ট সম্ভাৱনা আছিল যদিও নিশাই বৈঠকৰ সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা নাই৷ শুকুৰবাৰে পুৱা নতুন দিল্লীত ব’ৰ্ডৰ সিদ্ধান্ত ঘোষণা কৰি ইয়াৰ কিছু সময় পিছতে শপত গ্ৰহণ কৰি সম্পূৰ্ণ কৰিব বিচাৰিছে বিজেপি নেতৃত্বই৷ শুকুৰবাৰে দলৰ সংসদীয় ব’ৰ্ডৰ সিদ্ধান্ত ঘোষণাৰ লগতে সিদিনাই শপত গ্ৰহণৰ পৰিকল্পনা কৰিছে বিজেপি হাইকামাণ্ডে৷ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা আৰু শপত গ্ৰহণৰ মাজতে বেছি সময় দিব বিচৰা নাই যাতে কোনো প্ৰতিকূল ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি নহয়৷ হয়তো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা আৰু শপত গ্ৰহণৰ মাজত কেইঘণ্টামানহে ব্যৱধান থাকিব৷ সেয়ে নতুন দিল্লীৰ পৰা এই ক্ষেত্ৰত সাজু হৈ থাকিবলৈ ৰাজভৱনক ইতিমধ্যে কোৱা হৈছে৷ যিকোনো মুহূৰ্তত যাতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা আগতীয়াকৈ সাজু কৰি থ’বলৈ ৰাজভৱনক অনানুষ্ঠানিকভাৱে কৈ থোৱা হৈছে৷ উল্লেখ্য যে, সংসদীয় ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰাটো এক আনুষ্ঠানিক প্ৰক্ৰিয়াহে মাত্ৰ৷ মঙলবাৰে অসমলৈ দলৰ পৰ্যবেক্ষক হিচাপে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু অৰুণ সিং অহাৰ কথা আছিল৷ কিন্তু মূৰকত দুয়োজনৰ অসম ভ্ৰমণ বাতিল হয়৷ এতিয়া দুয়োজনৰ ভিতৰত এজন অসমলৈ আহি দলৰ বিধায়কসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি হাইকামাণ্ডৰ সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ সন্ধিয়া অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত বৈঠকত জে পি নাড্ডা উপস্থিত আছিল৷ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত অসমলৈ আহিবলগীয়া পৰ্যবেক্ষকৰ ঘোষণাৰ পাছতে ৰাজভৱনলৈ গৈ চৰকাৰ গঠনৰ দাবী জনোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পাছতে অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান৷