হিমাচলত প্ৰকৃতিৰ সংহাৰী ৰূপ, বান-ভূমিস্খলনত ১৬০ৰো অধিকৰ মৃত্যু
'আমাৰ অসম'ৰ ডিজিটেল ডেস্ক ১১ আগষ্টঃ নেৰানেপেৰা বৰষুণ, আকস্মিক বান আৰু ধাৰাবাহিক ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হিমাচল প্ৰদেশত। ৰাজ্যখনত বিগত কেইবাদিন ধৰি অব্যাহত থকা প্ৰাকৃতিক দুৰ্যোগত ১৬০ৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পুনৰ ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰাত নতুনকৈ বিপদৰ আশংকা বৃদ্ধি পাইছে। ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পাহাৰৰ মাটি আৰু শিল খহি পৰাৰ লগতে নদী-নিজৰাৰ জলস্তৰ বৃদ্ধি পাইছে। বহু ঠাইত হঠাতে পানীৰ ঢল নামি অহাত পথ-ঘাট জলমগ্ন হৈছে। ভূমিস্খলন আৰু বানৰ ফলত প্ৰায় ২৬০টা পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ফলত কেইবাটাও পাহাৰীয়া অঞ্চলৰ সৈতে স্থল যোগাযোগ ব্যাহত হৈছে আৰু বহু যান-বাহন আবদ্ধ হৈ পৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ ব্যাপক প্ৰভাৱ পৰিছে ঘৰ-দুৱাৰ আৰু আন্তঃগাঁথনিতো। বৰ্তমানলৈকে প্ৰায় ৯০০টা ঘৰ-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ পাইছে। বহু পৰিয়ালে ঘৰ এৰি নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে। পথ, দলং আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হোৱাৰ ফলত উদ্ধাৰ আৰু সাহায্য অভিযানতো বাধাৰ সৃষ্টি হৈছে।
আনহাতে, কুল্লু উপত্যকাত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়, মহাবিদ্যালয়কে ধৰি শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে। প্ৰশাসনে বিপজ্জনক অঞ্চলসমূহত মানুহৰ চলাচল সীমিত কৰাৰ লগতে উদ্ধাৰকাৰী দলক সষ্টম কৰি ৰাখিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত আবদ্ধ লোকক উদ্ধাৰ আৰু প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰাৰ কাম চলি আছে। ইফালে বতৰ বিজ্ঞান বিভাগে হিমাচলৰ কেইবাটাও জিলাত পুনৰ মুষলধাৰ বৰষুণৰ সতৰ্কতা জাৰি কৰিছে। বিশেষকৈ কাংৰা, কুল্লু আৰু মাণ্ডীকে ধৰি পাহাৰীয়া অঞ্চলসমূহত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা থকাৰ কথা জনোৱা হৈছে। ইয়াৰ ফলত ইতিমধ্যে দুৰ্যোগৰ সন্মুখীন হোৱা অঞ্চলসমূহত পুনৰ বান আৰু ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে। প্ৰশাসনে স্থানীয় লোক আৰু পৰ্যটকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু অতি প্ৰয়োজন নহ’লে বিপজ্জনক পাহাৰীয়া পথত যাত্ৰা নকৰিবলৈ আহ্বান জনাইছে। উদ্ধাৰ অভিযান অব্যাহত থকাৰ মাজতে বতৰ পৰিস্থিতি উন্নত নহ’লে ক্ষয়-ক্ষতি আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।






