Logo
image

২৪ ঘণ্টাত ৫বাৰ, বাৰে বাৰে ভূঁইকঁপৰ জোকাৰণি

আমাৰ অসম, ৭ মে’: ক’ভিডৰ ভয়াবহতাৰ মাজতে বাৰে বাৰে ভূঁইকঁপৰ জোকাৰণিৰে ৰাজ্যবাসীক অধিক চিন্তিত কৰি তুলিছে৷ এপ্ৰিল মাহৰ শেষৰ সপ্তাহৰ পৰাই  অসম তথা ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত ধাৰাবাহিকভাৱে ভূমিকম্পৰ জোকাৰণিৰ সৃষ্টি হৈছে৷ বিগত ২৪ ঘণ্টাত ৫টা ভূমিকম্পই কঁপাই যায় ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চল৷ সঘনাই সৰু সৰু ভূমিকম্পই ভয়ংকৰ বিপদৰ আগজাননী বুলিও একাংশ লোকে এতিয়া সন্দেহ কৰিছে৷ বিগত ২৮ এপ্ৰিলৰ পুৱা ৬.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পই সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল৷ ৬.৪ প্ৰাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকীয়াজুলি৷ এই ভূঁইকঁপৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত ঘৰ-সম্পত্তিৰ বিস্তৰ ক্ষয়-ক্ষতি হৈছিল৷ উক্ত দিন ধৰি ৰাজ্যত প্ৰতিদিনেই ভূঁইকঁপৰ জোকাৰণিত অনুভূত হৈছে৷ আনহাতে বুধবাৰে নিশা ৮.২২ বজাত ৰিখটাৰ স্কেলত ৩.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি৷ আনহাতে বৃহস্পতিবাৰে পুৱা ৮.৩০ বজাত ৰিখ্‌টাৰ স্কেলত ২.৯ প্ৰাবল্য আৰু পুৱা ১০.৩০ বজাত ৰিখটাৰ স্কেলত ৩.৬ প্ৰাব্যলৰ আন দুটা ভূঁইকঁপৰ জোকাৰণি হয়৷ বৃহস্পতিবাৰৰ প্ৰথমটো ভূঁইকঁপৰ অভিকেন্দ্ৰ আছিল পশ্চিম কাৰ্বি আংলং জিলা আৰু দ্বিতীয়টো ভূঁইকঁপৰ অভিকেন্দ্ৰ আছিল নগাঁও জিলাৰ ধিং৷ তদুপৰি অৰুণাচলৰ পশ্চিম কামেং জিলা আৰু মেঘালয়ৰ ৰি-ভই জিলাতো বিগত ২৪ ঘণ্টাত আন দুটা ভূমিকম্পৰ জোকাৰণিৰ সৃষ্টি হয়৷ অৱশ্যে ভূপৃষ্ঠৰ অধিক গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল হোৱা বাবে বিশেষ প্ৰভাৱ পৰা দেখা নগ’ল৷ লক্ষণীয়ভাৱে ১৯৫০ চনৰ বৰ ভূমিকম্পৰ পূৰ্বেও এনেদৰে সৰু সৰু কম্পনৰ সৃষ্টি হৈছিল৷ যাৰ বাবে ধাৰাবাহিক ভূমিকম্পক লৈ সচেতনমহল উদ্বিগ্ন হৈ পৰা দেখা গৈছে৷ আনহাতে চলিত সপ্তাহটোত চুবুৰীয়া অৰুণাচল আৰু মেঘালয়তো আন কেইবাটাও ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা দেখা যায়৷