পত্নীৰ বাবে তাজমহল! মধ্যপ্ৰদেশৰ আনন্দ প্ৰকাশৰ অনন্য প্ৰেমৰ নিদৰ্শন
ভালপোৱাৰ নিদৰ্শন হিচাপে পত্নীৰ বাবে নিৰ্মাণ কৰিলে তাজমহলৰ আৰ্হিত প্ৰাসাদ। খৰচ প্ৰায় ২ৰ পৰা ২.৫ কোটি টকা। মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ বাসিন্দা আনন্দ প্ৰকাশ চোকছেই পত্নীৰ প্ৰতি ভালপোৱা আৰু সন্মান প্ৰকাশৰ বাবে নিৰ্মাণ কৰিছে তাজমহলৰ আৰ্হিত এটা সুন্দৰ বাসভৱন। ২০২১ চনত নিৰ্মাণ কৰা এই ঘৰটো দেখাত প্ৰায় হুবহু তাজমহলৰ দৰে। তিনিবছৰীয়া প্ৰচেষ্টাৰে নিৰ্মাণ কৰা এই বিশেষ বাসভৱনত আছে চাৰিটা শয়নকক্ষসহ আধুনিক সা-সুবিধা। ইন্দোৰ আৰু পশ্চিমবংগৰ কাৰিকৰৰ নিপুণ হাতৰ কামে ঘৰটোৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি কৰিছে। মূল তাজমহলৰ দৰে ঘৰটোতো মাকৰানা মাৰ্বেল ব্যৱহাৰ কৰা হৈছে।
ঘৰটোৰ ওপৰত আছে বিশাল গম্বুজ, চাৰিওফালে চাৰিটা মিনাৰ আৰু একাধিক খিলান। প্ৰায় ২৪ ফুট উচ্চতাৰ এই ঘৰটোত জালি-কাম, কাৰুকাৰ্য আৰু দৃষ্টিনন্দন দুৱাৰৰ ব্যৱস্থা কৰা হৈছে। আকাৰৰ ক্ষেত্ৰত ঘৰটো মূল তাজমহলৰ প্ৰায় এক-তৃতীয়াংশ। আনন্দ প্ৰকাশৰ এই ‘তাজমহল’ নিৰ্মাণত প্ৰায় ২ৰ পৰা ২.৫ কোটি টকা ব্যয় হোৱা বুলি প্ৰকাশ পাইছে। আনহাতে, সম্ৰাট শাহজাহানে তাজমহল নিৰ্মাণত তেতিয়াৰ হিচাপত প্ৰায় ৩ কোটি ২০ লাখ টকা ব্যয় কৰিছিল বুলি বিভিন্ন তথ্যত উল্লেখ কৰা হৈছে। পত্নীৰ প্ৰতি ভালপোৱাৰ এই ব্যতিক্ৰমী নিদৰ্শন এতিয়া সমাজমাধ্যমতো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।






