ধানত কলা পোকে ধৰিলে কি কৰিব? জানি লওক ৫টা সহজ উপায়
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ আপোনাৰ খেতিডৰাত কলা পোকে ধৰিছে নেকি? বহু সময়ত কলা পোক অথবা গান্ধী পোকে জ্বলাকলা খুৱাই ৰাইজক। খেতিয়কৰ সপোন একপ্ৰকাৰ থানবান কৰি দিয়ে গান্ধী পোকে। বৰ্তমান সময়তো ৰাজ্যত বানৰ পাছত খেতিয়কৰ সপোনত ভূতৰ ওপৰত দানহ পৰাদি পৰিছে গান্ধী পোক। কিন্তু এই ধান খেতিৰ মাৰাত্মক গান্ধী পোকৰ পৰা কেনেকৈ হাত সাৰিব?
এই কলা পোকটো কি?
ইয়াক সাধাৰণতে Rice Black Bug / গান্ধী পোক বুলি কোৱা হয়। ই পাতৰ ৰস চুহি খায়। পাতবোৰত হালধীয়া ফুটা ফুটা দাগ পৰে আৰু গছ শুকাই যায়। বাৰিষাৰ আৰম্ভণিতে বেছিকৈ দেখা যায়।
উপায় ১- পানী ব্যৱস্থাপনাঃ
পথাৰৰ পানী উলিয়াই দিয়ক। কলা পোকে পানীত থাকি ভাল পায়। ২-৩ দিনৰ বাবে পথাৰৰ পানী সম্পূৰ্ণকৈ উলিয়াই দিয়ক। ৰ'দত মাটি শুকালে পোকে নিজে আঁতৰি যাব। এয়া আটাইতকৈ সহজ জৈৱিক পদ্ধতি।
উপায় ২- ঘৰুৱা দৰবঃ
নিম আৰু নহৰুৰ স্প্ৰে। ১ লিটাৰ পানীত 50ml নিম তেল, ১০ ফোটা নহৰুৰ ৰস আৰু অলপ চাবোন মিহলাই স্প্ৰে কৰক। গধূলি সময়ত স্প্ৰে কৰিলে বেছি কাম কৰে। পোকে গোন্ধত পলাই যায়।
উপায় ৩- পোহৰৰ ফান্দঃ
Light Trap ব্যৱহাৰ কৰক। ৰাতি পথাৰত এটা বাল্বৰ তলত পানী ভৰা গামলা এটা থওক। কলা পোকবোৰ পোহৰলৈ আকৰ্ষিত হৈ পানীত পৰি মৰিব। এটা কম খৰচী কিন্তু ফলপ্ৰসূ উপায়।
উপায় ৪- ঔষধঃ
কেতিয়া ঔষধ দিব? যদি পোক বহুত বেছি হৈছে তেন্তে কৃষি দোকানত গৈ Chlorpyrifos বা Malathion জাতীয় ঔষধ অলপ পৰিমাণে ব্যৱহাৰ কৰিব পাৰে। কিন্তু মনত ৰাখিব ঔষধ দিয়াৰ ৭ দিনলৈ হাঁহ-কুকুৰা পথাৰত এৰি নিদিব।
সাৱধান! এই ভুলবোৰ নকৰিব!
১. বেছি ইউৰিয়া সাৰ নিদিব - বেছি ইউৰিয়াই পোকক মাতে।
২. কঠীয়া বেছি ঘনকৈ নাৰাখিব।
৩. পথাৰৰ চাৰিওফালে থকা বন-জাবৰ চাফা কৰি ৰাখক।






