Logo
image

দেশত ঘণ্টাত ১৫০জনৰ কৰ’নাত মৃত্যু

বিগত দহ দিনত দেশত ৩৬,১১০জনৰ মৃত্যু

আমাৰ অসম, ৮ মে’: দেশত ভয়ংকৰ ত্ৰাস অব্যাহত ৰখা কাল কৰ’নাই অহা দিনকেইটাত আৰু অধিক কালৰূপ ধাৰণ কৰিব বুলি সকীয়াই দিছে বিশেষজ্ঞই৷ গতিকে ভাৰত চৰকাৰে অচিৰেই ৰাষ্ট্ৰীয় লকডাউন ঘোষণা কৰিব পাৰে৷ বিভিন্ন ৰাজ্যই কৰ’নাৰ সংক্ৰমণ ৰুধিবলৈ লকডাউন ঘোষণা কৰিছে যদিও কৰ’নাৰ ত্ৰাস হ্ৰাস পোৱাৰ কোনো লক্ষণেই নাই৷ কাৰণ দিনে দিনে কৰ’নাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ যোৱা দুটা দিনত ভাৰতত চাৰি লাখকৈ লোক আক্ৰান্ত হোৱাৰ লগতে  ৩,৯০০কৈ লোকৰ মৃত্যু হয়৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অহা দিনকেইটাত ভাৰতত এই ভাইৰাছে কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে৷ শেহতীয়াকৈ ভাৰতত দৈনিক মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱালৈ লক্ষ্য কৰি এই কথা ক’ব পাৰি যে বৰ্তমান ভাৰতত প্ৰতিঘণ্টাত ১৫০জন লোকে কৰ’নাত প্ৰাণ হেৰুৱাইছে৷ যোৱা দহটা দিনত ভাৰতত সৰ্বাধিক লোকৰ মৃত্যু হৈছে এই ভাইৰাছৰ ফলত৷ যোৱা দহটা দিনত ভাৰতত ৩৬,১১০জন লোকে প্ৰাণ হেৰুৱায়৷ যোৱা ২৪ ঘণ্টাত ভাৰতত ৪.১৪ লাখ লোক নতুনকৈ আক্ৰান্ত হয় আৰু ৩,৯১৫জন লোকৰ মৃত্যু হয়৷ তাৰ আগদিনা ভাৰতত আক্ৰান্ত হৈছিল ৪.১২ লাখ আৰু মৃত্যু হৈছিল ৩,৯৮০জন লোকৰ৷ লগতে এই কথাও উল্লেখ কৰাৰ প্ৰয়োজন যে যোৱা ২৪ ঘণ্টাত ভাৰতত ৩,২৮,১৪১জন লোকো আৰোগ্য হয়৷ মহাৰাষ্ট্ৰত পুনৰ সৰ্বাধিক ৬২,১৯৪জনৰ নতুনকৈ আক্ৰান্ত হয় আৰু ৮৫৩জনৰ মৃত্যু হয়৷ কৰ্ণাটকত দ্বিতীয় সৰ্বাধিক ৪৯,০৫৮জন লোক আক্ৰান্ত হয় যোৱা ২৪ ঘণ্টাত৷ দিল্লী আৰু কৰ্ণাটকত যোৱা ২৪ ঘণ্টাত তিনিশৰো অধিক আৰু ছত্তিশগড়ত ২০০ৰো অধিক লোকৰ মৃত্যু হয়৷