Logo
image

ভয়াৰ্ত পৰিৱেশ অৱসান ঘটাবনে নতুন চৰকাৰে?

অৱশেষত গভীৰ উৎকণ্ঠা, অপেক্ষাৰ অৱসান ঘটাই নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ লগে লগে নতুন চৰকাৰ গঠন হোৱাৰ পথ প্ৰশস্ত হ’ল৷ চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনতকৈ বেছি থকাৰ পিছতো ২ মে’ত ফলাফল ঘোষণাৰ পৰা ১০ মে’লৈকে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ইমান সময় লোৱাৰ অন্তৰালত কি আছিল তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন৷ কোৱা বাহুল্য, একেদিনাই নিৰ্বাচনী ফলাফল ঘোষণা কৰি পশ্চিমবংগ, তামিলনাডু, কেৰালা, পুডুচেৰীত ইতিমধ্যে চৰকাৰ গঠন হৈ কৰ্মত নিয়োজিত হৈছে৷ কেৱল মুখ্যমন্ত্ৰীৰ আসনক লৈ সৃষ্টি হোৱা সংঘাত নিৰাময়ৰ বাবে গণতান্ত্ৰিকভাৱে ৰাইজে নিৰ্বাচন কৰা এটা দল আৰু মিত্ৰজোঁটে এখন চৰকাৰ গঠন কৰিবলৈ ইমান সময় লোৱাটো হয়তো অসমৰ ৰাজনৈতিক ইতিহাসত এক ব্যতিক্ৰম ঘটনা৷ বৰ্তমানৰ সময়ছোৱাত স্বাধীনোত্তৰ অসমৰ বাবে এক অতি প্ৰত্যাহ্বান, দুৰ্যোগৰ সময়৷ ৰাজ্যখনলৈ পূৰ্বেও যে দুঃসময় অহা নাই তেনে নহয়৷ প্ৰাকৃতিক দুৰ্যোগ যেনে– ভূমিকম্প, বানপানী, সময়ে সময়ে অহা বিভিন্ন মহামাৰী, উগ্ৰপন্থীজনিত সন্ত্ৰাসজনিত কাৰ্যকলাপ, বহু গণ আন্দোলন, বিভিন্ন আৰ্থ-সামাজিক সমস্যা ইত্যাদিৰ মাজেদি ৰাইজে জীৱনযাত্ৰা অব্যাহত ৰাখিছে৷ ১৯৫০ চনৰ বৰভূঁইকঁপে অসমক তচনচ কৰি পেলাইছিল৷ ধন-জন, সা-সম্পত্তি আদিৰো বিস্তৰ ক্ষতিসাধন হৈছিল৷ দেশৰ স্বাধীনতা আন্দোলনে অসমত ভৰপক উঠাৰ সময়ত ব্ৰিটিছৰ দমননীতিৰ বাবে অসমৰ ৰাইজে এক ভয়াৰ্ত পৰিৱেশৰ মাজেদি দিন কটাইছিল৷ বিদেশী বহিষ্কাৰৰ দাবীত ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ একেৰাহে হোৱা ছবছৰীয়া গণ আন্দোলন মষিমূৰ কৰাৰ বাবে সেই সময়ৰ চৰকাৰে চলোৱা অত্যাচাৰৰ বাবে হাজাৰোধিক লোকৰ মৃত্যু হৈছিল, বহু লোক ঘুণীয়া হৈছিল৷ একেদৰে সাৰ্বভৌম ৰাষ্ট্ৰৰ দাবীত ১৯৭৯ চনৰ পৰা আলফাৰ দ্বাৰা আজি পৰ্যন্ত চলি থকা সন্ত্ৰাস, চৰকাৰী প্ৰতি-সন্ত্ৰাসজনিত কাৰ্যকলাপৰ বাবে বহু হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে৷ এনেবোৰ ঘটনাৰ উপৰি বছৰে বছৰে অহা বানপানীৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাইছে, সা-সম্পত্তি হেৰুৱাই সৰ্বস্বান্ত হৈছে৷ আনহাতে হাইজা, কলেৰা, বসন্ত, গেষ্ট্ৰএণ্টাৰাইটিছ, এনকেফেলাইটিছ, কৰ্কট, যক্ষ্মা আদি ৰোগৰ প্ৰাদুৰ্ভাৱৰ বাবে সময়ে সময়ে অসমৰ বহু লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰে৷ উল্লিখিত বহুবোৰ দুৰ্যোগ, ৰোগ বা অন্যান্য কাৰ্যকলাপে সৃষ্টি কৰা পৰিস্থিতিৰ তুলনাত আজিৰ দিনত অসমে সন্মুখীন হোৱা সময়ছোৱা অধিক জটিল আৰু ভয়ংকৰ৷ সম্প্ৰতি অসমৰ সৰ্বত্ৰে মৃত্যুৰ বিভীষিকা! চৰকাৰীভাৱে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা, মৃত্যুৰ সংখ্যা ঘোষণা কৰা হৈছে যদিও বেচৰকাৰী তথ্যমতে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বহু বেছি৷ দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশৰ দৰে এক পৰিৱেশ অসমতো সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ বিনা চিকিৎসাই, অক্সিজেনৰ অভাৱত ছটফটাই ৰোগীয়ে প্ৰাণ হেৰুৱাৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ গুৱাহাটীৰ শ্মশানত চিতা জ্বলাবলৈ ঠাইৰ অভাৱ হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে ক’ভিড অতিমাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ বাবে ৰাজ্যৰ আন আন ৰোগত আক্ৰান্ত লোকে প্ৰাপ্য চিকিৎসাৰ পৰা বঞ্চিত হৈছে৷ এনে দুঃসময়ৰ পৰিপ্ৰেক্ষিতত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনে মন্ত্ৰীসভাখন তৎকালে গঠন কৰি কাম-কাজ আৰম্ভ কৰি ৰাইজক সকাহ দিয়াটো অতি প্ৰয়োজন আছিল যদিও সেয়া বহু পলমকৈ আৰম্ভ হৈছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ক’ভিড-১৯ অতিমাৰীৰ প্ৰথমটো সংক্ৰমণৰ সময়ত তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে প্ৰশাসন, চিকিৎসক-চিকিৎসাকৰ্মী, আৰক্ষী আদিয়ে এক বলিষ্ঠ ভূমিকা লৈছিল যাৰ ফলত পৰিস্থিতিৰ বিশেষ অৱনতি ঘটা নাছিল৷ নতুন চৰকাৰৰ বাবে ক’ভিডৰ দ্বিতীয় সংক্ৰমণ ৰোধ কৰি ৰাইজক আশ্বস্ত কৰাটোৱে হ’ব মূল প্ৰত্যাহ্বান৷ ৰজাই নিজৰ জনগণক সকলো ফালৰ নিৰাপত্তা দিয়াটো ৰাজধৰ্মৰ অন্যতম মুখ্য কাৰ্য৷ সময়ে দেশলৈ দুৰ্যোগ, নতুন নতুন সমস্যা কঢ়িয়াই আনিব পাৰে৷ সেইবোৰ মোকাবিলা কৰি ৰাইজক এক ভয়াৰ্ত পৰিৱেশৰ পৰা মুক্ত কৰিবলৈ হ’লে নতুন চৰকাৰখনে দৃঢ়ভাৱে কাম কৰিব লাগিব৷ প্ৰণিধানযোগ্য, ক’ভিডে কেৱল স্বাস্থ্যজনিত সমস্যাৰে সৃষ্টি কৰা নাই৷ ই শৈক্ষিক, আৰ্থ-সামাজিক দিশতো ব্যাপক ক্ষতিসাধন কৰিছে৷ শিক্ষাৰ্থীসকলে হাইস্কুল শিক্ষান্ত, উচ্ছতৰ মাধ্যমিক, স্নাতক পৰীক্ষাসমূহ কেতিয়া, কি প্ৰক্ৰিয়াৰে অৱতীৰ্ণ হ’ব তাৰ কোনো নিৰ্দেশনা নাই৷ এক দোদুল্যমান পৰিস্থিতিত উপনীত হৈ ছাত্ৰ-ছাত্ৰীসকলে দিক্‌বিদিক হেৰুৱাইছে৷ নতুন চৰকাৰখনে নতুন প্ৰজন্মৰ মানৱ সম্পদসকলক আশ্বস্ত কৰাটোও এই মুহূৰ্তত অতি প্ৰয়োজন৷ ইফালে সান্ধ্য আইন, লকডাউন আদিৰ বাবে ক্ষতিগ্ৰস্ত লোকসকলে সম্পূৰ্ণ লকডাউন হ’লে কি কৰি খাব তাৰো এক উপায় চিন্তিব লাগিব চৰকাৰে৷ মুঠতে নতুন চৰকাৰখনে এনে এশ-এবুৰি সমস্যাৰ মাজেদিয়েই আগবাঢ়িব লাগিব৷ অৱশ্যেই এইবোৰ কাম সঠিকভাৱে কৰিলে চৰকাৰ সাধুবাদৰ পাত্ৰ হ’ব৷ নতুন মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত ড॰ হিমন্ত বিশ্ব শৰ্মাই অনাগত সময়ত কৰ’না ভাইৰাছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু ৰাজ্যৰ বিধবস্ত অৰ্থনৈতিক অৱস্থাৰ কিদৰে উন্নয়ন সাধন কৰে সেয়া সময়েহে ক’ব৷