Logo
image

স্বপ্নপূৰণ

◼️আজি সীমিত মন্ত্ৰীসভাসহ মুখ্যমন্ত্ৰীৰূপে শপত হিমন্তবিশ্বৰ

◼️সৰ্বানন্দ সোণোৱালৰ পদত্যাগ

◼️‘আমাৰ অসমে’ কোৱাৰ দৰেই দলপতিৰ নাম প্ৰস্তাৱ কৰিলে  সোণোৱালে, সমৰ্থন জনালে ৰঞ্জিত দাসে

আমাৰ অসম, ১০ মে’: শনিবাৰে পুৱা নতুন দিল্লীলৈ যোৱাৰ পৰা আৰম্ভ কৰি দেওবাৰে অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ বৈঠক পৰ্যন্ত এই দীৰ্ঘ সময়ছোৱাত শেষ হাঁহি মাৰিলে ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ হাই কামাণ্ডৰ জৰুৰী তলবৰ পৰিপ্ৰেক্ষিতত শনিবাৰে পুৱাই নতুন দিল্লী অভিমুখে চাৰ্টাৰ্ড ফ্লাইটত ৰাওনা হৈছিল ড॰ শৰ্মা৷ নতুন দিল্লীত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ চৰকাৰী বাসগৃহত তিনি লানি বৈঠকৰ পাছত নিশা ১১-৫০ বজাত দিল্লীৰ পৰা উভতি আহি গুৱাহাটীত উপস্থিত হৈছিল ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ ইয়াৰ পাছতে দেওবাৰে পুৱা তেওঁ দিছপুৰৰ চৰকাৰী আৱাসৰ পৰা ওলাই পোনে পোনে ৰাওনা হয় খাৰঘুলী পাহাৰত থকা সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ  সোণোৱালৰ চৰকাৰী আবাস অভিমুখে৷ ড॰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ কিছু সময় পাছতে সৰ্বানন্দ সোণোৱাল ৰাওনা হয় ৰাজভৱন অভিমুখে৷ ৰাজভৱনত তেওঁ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰি নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে৷ সোণোৱালক এই সময়ত সংগ দিয়ে তেওঁৰ দুই উপদেষ্টা ক্ৰমে হৃষিকেশ গোস্বামী আৰু শান্তনু ভৰালীয়ে৷ নিজৰ পদত্যাগ পত্ৰ ৰাজ্যপালৰ হাতত দাখিল কৰাৰ পাছতে সোণোৱাৰ পুনৰ উভতি আহে খাৰঘুলিৰ বাসভৱনলৈ৷ তাতে ড॰ হিমন্ত বিশ্ব শৰ্মাৰে কিছু বাৰ্তালাপ কৰি এইবাৰ দুয়োজনে ৰাওনা হয় অসম বিধানসভা চৌহদ অভিমুখে য’ত দিনৰ ১২ বজাৰ পৰা আৰম্ভ হয় বিজেপি বিধায়িনী দলৰ বহু চৰ্চিত আৰু বহু প্ৰতীক্ষিত বৈঠক৷ উল্লেখ্য যে এই বৈঠকলৈ অহাৰ সময়ত সোণোৱাল আৰু ড॰ শৰ্মা দুয়োজন একেখন গাড়ীতে আহে৷ বিধানসভা চৌহদত গাড়ীৰ পৰা নামিয়ে দুয়োজনে একেলগে আগবাঢ়ে বিধায়িনী দলৰ বৈঠকৰ স্থানলৈ৷ উল্লেখ্য যে  ইয়াৰ পূৰ্বে দেওবাৰে পুৱাৰ পৰা ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰৰ চৰকাৰী বাসভৱনত বিজেপিৰ নৱনিৰ্বাচিত  বিধায়ক আৰু নেতাৰ লানি নিছিগা শাৰী পৰিলক্ষিত হয়৷ শনিবাৰে পুৱাৰ পৰা সৃষ্টি হোৱা চৰম উৎকণ্ঠা মাৰ যোৱাৰ পাছতহে যেন স্বস্তিৰ নিশ্বাস পেলাই ড॰ শৰ্মাৰ বাসগৃহত ভিৰ কৰে দলৰ বিধায়ক আৰু নেতাসকল৷ উল্লেখ্য যে, ৰাজ্যৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এদিন হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কৈছিল– এই ল’ৰাটো এদিন অসমৰ মুখ্যমন্ত্ৰী হ’ব৷ তেতিয়া তেওঁ ছাত্ৰনেতা আছিল৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পাছত ড॰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল৷ কিন্তু প্ৰয়াত গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ ৰাজনীতিত আকস্মিক প্ৰৱেশে ড॰ শৰ্মাৰ অংকত আউল লগাই দিয়ে৷ কংগ্ৰেছ ত্যাগ কৰি তেওঁ বিজেপিত যোগদান কৰে৷ সোণোৱাল চৰকাৰৰ শেষৰ পিনে হিমন্ত বিশ্ব শৰ্মাই নিজকে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে সাজু কৰি তোলে৷ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ সপোন বহু দিন ধৰি তেওঁ মনত পুহি ৰাখিছিল আৰু অৱশেষত আজি তেওঁৰ এই দীৰ্ঘদিনীয়া সপোন বাস্তৱত পৰিণত হ’ল৷ অৱশ্যে যে কেৱল ড॰ শৰ্মাৰ সপোন পূৰণ হ’ল এনে নহয়৷ তেওঁৰ লাখ লাখ অনুৰাগীৰো আজি স্বপ্ন পূৰণৰ দিন৷ ছ’চিয়েল মিডিয়াত হিমন্ত বিশ্বৰ অনুৰাগীৰ উৎসাহ আৰু সমৰ্থন অসমৰ ৰাজনৈতিক ইতিহাসত এক বিৰল নিদৰ্শন৷ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ পাছতে উৎফুল্লিত হৈ তেওঁৰ এজন অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত আপলোড কৰিলে– ‘সপোন দেখাতে সিজিল কৰ্ম৷ সপোন দেখাতে সিজিব কৰ্ম৷ এয়ে সপোনৰ গুপুত মৰ্ম৷ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ এটা দীৰ্ঘদিনীয়া সপোন আজি দিঠকত পৰিণত হয়৷ অসম ভাৰতৰ আগশাৰীৰ প্ৰথম ৫ খন ৰাজ্যৰ এখন হ’ব, তেখেতৰ এই সপোনো অতি গোপনে নিশ্চয় দিঠকত পৰিণত হ’ব৷ হিমন্ত বিশ্ব যে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সেই বাতৰি ‘আমাৰ অসম’ কাকতৰ ৯ মে’ৰ সংখ্যাত সবিস্তাৰে প্ৰকাশ হয়৷ ‘আমাৰ অসম’ত দাবী কৰাৰ দৰেই বিধায়িনী দলৰ বৈঠকত বিজেপি বিধায়িনী দলৰ দলপতি হিচাপে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নাম সৰ্বানন্দ সোণোৱালে প্ৰস্তাৱ কৰাৰ বিপৰীতে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সমৰ্থন কৰে৷

আজি সীমিত মন্ত্ৰীসভাসহ মুখ্যমন্ত্ৰীৰূপে শপত হিমন্ত বিশ্বৰ

ৰাজ্যৰ ১৫ তম মুখ্যমন্ত্ৰী হিচাপে দেওবাৰে শপত গ্ৰহণ কৰিব ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখয়ে ড॰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়৷ জ্যোতিষীৰ পৰামৰ্শ মৰ্মে সোমবাৰে দিনৰ ১২ বজাৰ পাছতে মুখ্যমন্ত্ৰী হিচাপে ড॰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী শপত গ্ৰহণত উপস্থিত থাকে৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি শ্ৰীমন্তত শংকৰদেৱ কলাক্ষেত্ৰত নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰে প্ৰশাসনে৷ শপত গ্ৰহণ অনুষ্ঠানত ৫০০ লোকৰ অংশগ্ৰহণ৷ ক’ভিড প্ৰট’কল মানি যাতে শপত গ্ৰহণত উপস্থিত থাকিবলগীয়া অভ্যাগতক আসন দিব পৰা যায় ইয়াৰ বাবে মুঠ ১২৫০ খন চকীৰ ব্যৱস্থা কৰা হৈছিল৷ বাহিৰৰ পৰাও যাতে দৰ্শকে শপতগ্ৰহণ অনুষ্ঠান চাব পাৰে ইয়াৰ বাবে বিশেষ ‘এল ই ডি’ ষ্ক্ৰীণৰ ব্যৱস্থা কৰা হয়৷ মুখ্যমন্ত্ৰী হিচাপে ড॰ হিমন্ত বিশ্ব শৰ্মাই শপত লোৱাৰ লগতে  ১৪ জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে৷ প্ৰাৰম্ভিকভাৱে খুব সীমিত সংখ্যক মন্ত্ৰীৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাম-কাজ আৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যখনৰ জটিল ক’ভিড পৰিস্থিতি তথা শোচনীয় বিত্তীয় অৱস্থাৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়ে যাতে কাম কাজ চলোৱাত কোনো অসুবিধাৰ সন্মুখীন নহয় ইয়াৰ বাবে ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কেইবাজনো ঘনিষ্ঠ সহযোগীক মন্ত্ৰী সভাত প্ৰথমে স্থান দিয়া দেখা গ'ল৷ আনহাতে, এইবাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে এইবাৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে৷