Logo
image

জি এল পাব্লিকেশ্বন্‌ছত মুখ্যমন্ত্ৰী হিমন্তৰ বৈঠক

আমাৰ অসম, ১৫ মেঃ ব্যস্ততাৰ মাজতে কিছু সময় উলিয়াই আহিল মুখ্যমন্ত্ৰী৷ শুকুৰবাৰে সন্ধিয়া জি এল পাব্লিকেশ্বন্‌ছৰ কাৰ্যালয়ত উপস্থিত হয় ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা৷ প্ৰায় এঘণ্টা জি এল পাব্লিকেশ্বন্‌ছত কটায় ড॰ শৰ্মাই৷ জি এল পাব্লিকেশ্বন্‌ছৰ মুখ্য পৰিচালন সঞ্চালক সমীৰ আগৰৱালাৰ উপস্থিতিত মুখ্যমন্ত্ৰীক গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনায় পাব্লিকেশ্বন্‌ছৰ সঞ্চালক নেহা আগৰৱালাই৷ সমীৰ আগৰৱালা আৰু নেহা আগৰৱালাৰ উপৰি পাব্লিকেশ্বন্‌ছৰ মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰৰ লগতে ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ ৰাজ্যৰ ক’ভিড পৰিস্থিতি, অৰ্থনৈতিক অৱস্থা, সংবাদ মাধ্যমৰ সমস্যা আৰু সমাধানৰ উপায়, জনসংযোগ বিভাগৰ সৈতে সংবাদ মাধ্যমৰ সম্পৰ্ক আদি বিষয়ত কেউজনৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে৷ এই বৈঠকৰ পাছতে ‘আমাৰ অসম’ৰ সাংবাদিকসকলৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীয়ে৷ ‘আমাৰ অসম’ৰ ভগ্নী কাকত ‘পূৰ্বাঞ্চল প্ৰহৰী’, ‘নৰ্থ-ইষ্ট টাইম্‌ছ’ আৰু ‘দ্য মেঘালয় গাৰ্ডিয়ান’ৰ সাংবাদিকৰ সৈতেও ড॰ শৰ্মাই বাৰ্তালাপ কৰে৷ ব্যস্ততাৰ মাজতে বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰসংগত মত বিনিময় কৰাৰ পাছত সকলোৰে পৰা বিদায় লয় নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে৷