Logo
image

কাৰ্ফুৰ সময় হ’ল৷ সূৰ্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো শুহি ল’লে ৰাতিৰ আকাশে; নিস্তব্ধ মৰণ নামে...

আমাৰ অসম, ১৬ মেঃ ‘কাৰ্ফুৰ সময় হ’ল৷ সূৰ্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো শুহি ল’লে ৰাতিৰ আকাশে, নিস্তব্ধ মৰণ নামে...৷’– যশস্বী কবি নৱকান্ত বৰুৱাৰ ‘হে মহানগৰ’ শীৰ্ষক কবিতাটোৰ এইশাৰীকেইটাৰ দৰেই এতিয়া সূৰ্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকনো শুহি লৈছে কাল কৰ’নাই৷ ৰাজ্যত ভয়াৱহ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে এফালে মুখেৰে কৈ আহিছে যে লকডাউন নহয় কিন্তু লাহে লাহে সান্ধ্য আইনৰ সময় আগুৱাই আনি আনি ৰাজ্যখনক এতিয়া অঘোষিত লকডাউনৰ পৰ্যায়লৈকে লৈ গৈ আছে৷ ৰাজ্যৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰথমে ২৮ এপ্ৰিলত নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যত নৈশ সান্ধ্য আইনৰ ঘোষণা কৰিছিল৷ পৰৱৰ্তী পৰ্যায়ত এই সান্ধ্য আইন নিশা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ আগুৱাই দিয়া হ’ল৷ কিন্তু ইয়াৰ পাছতো ক’ভিড পৰিস্থিতি উন্নত নোহোৱাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথমখন ৰাজ্যিক কেবিনেটৰ বৈঠকে সান্ধ্য আইনৰ সময় সন্ধ্যা ছয় বজাৰ পৰা বিয়লি দুই বজালৈ বৃদ্ধি কৰে৷ পুনৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এখন জাননী জাৰি কৰি গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ চহৰ-নগৰ অঞ্চল তথা ইয়াৰ উপকণ্ঠ [নগৰৰ পৰা পাঁচ কিলোমিটাৰ পৰ্যন্ত] সান্ধ্য আইনৰ সময় দুপৰীয়া ১২ বজালৈ আগুৱাই দিয়ে৷ অৱশ্যে গ্ৰামাঞ্চলত আগৰ নিৰ্দেশনাই বাহাল থাকিব৷ দেওবাৰৰ [১৬ মে’] পৰা দুপৰীয়া ১২ বজাৰ পৰা পুৱা প্ত বজালৈকে বলবৎ হ’ব কঠোৰ সান্ধ্য আইন৷ আজি ঘোষণা কৰা নতুন চৰকাৰী নিৰ্দেশ অনুসৰি সকলো দোকান পোহাৰ দিনৰ ১১ বজাতে বন্ধ কৰিব লাগিব৷ পুৱা ৫ বজাৰ পৰা ১১ বজালৈ মাত্ৰ ৬ ঘণ্টাৰ বাবেহে দোকান পোহাৰ খোলা থকাৰ লগতে স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত থাকিব৷ কেৱল পুৱা ৫ বজাৰ পৰা দিনৰ ১২ বজালৈকে যুগ্ম আৰু অযুগ্ম বাহনৰ নিয়ম অনুসৰি সাধাৰণ নাগৰিকে নিজৰ বাহন চলাচল কৰিব পাৰিব৷ দিনৰ ১২ বজাৰ পাছত পুৱা ৫ বজালৈকে অত্যাৱশ্যকীয় সেৱাৰ আওতাত পৰা সকলৰ বাহিৰে কোনেও ৰাজপথত যানবাহন চলাব নোৱাৰিব, ঘূৰাফুৰা কৰিব নোৱাৰিব৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সান্ধ্য আইনৰ এই নতুন নিৰ্দেশনা বাহাল থাকিব বুলি আজি ৰাজ্যৰ মুখ্য সচিবে প্ৰকাশ কৰা জাননীত উল্লেখ কৰা হৈছে৷ লক্ষ্যণীয় যে আজি অসম চৰকাৰে দিয়া নিৰ্দেশত গ্ৰ’চাৰী আৰু অন্যান্য খাদ্য-সামগ্ৰীবোৰৰ ব্যৱসায়ীক, প্ৰতিষ্ঠানৰগৰাকী তথা কৰ্মচাৰীৰ বাহনত যুগ্ম-অযুগ্মৰ নীতিৰ লগতে সান্ধ্য আইনৰ সময় সীমাৰ পৰা ৰেহাই দিয়া হৈছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ডিব্ৰুগড়ত এক সংবাদ মেল সম্বোধন কৰি কৰ’নাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী, ডিব্ৰুগড় আৰু তিনিচুকীয়াত সান্ধ্য আইনৰ সময় দুপৰীয়া ২ বজাৰ পৰা দিনৰ ১২ বজালৈ আগুৱাবলৈ পৰামৰ্শ দিছিল৷ মুখ্যমন্ত্ৰীৰ এই পৰামৰ্শৰ পাছতে আজি ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধ্যক্ষৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ততাতৈয়াকৈ এখন জাননী জাৰি কৰি সমগ্ৰ ৰাজ্যতে [কেৱল চহৰ আৰু নগৰ অঞ্চলত] সান্ধ্য আইনৰ সময় দুপৰীয়া ১২ বজালৈ আগুৱাই দিলে৷ ৰাজ্যত ইয়াৰ পূৰ্বেও বহু সান্ধ্য আইন হৈছে৷ কিন্তু এইবাৰৰ ধাৰাবাহিক সান্ধ্য আইনৰ দৰে ৰাজ্যত পূৰ্বতে কেতিয়াও সান্ধ্য আইন বলবৎ হোৱা নাছিল৷ এই সান্ধ্য আইন বহুতৰে জীৱন দুৰ্বিসহ কৰি তুলিছে৷ হয়তো চৰকাৰে শেষ পৰ্যন্ত লকডাউন এৰাই চলিবলৈ চেষ্টা চলাইছে৷ কিন্তু এনেদৰে লকডাউন এৰাই চলা আৰু সম্পূৰ্ণ লকডাউন ঘোষণাৰ মাজত পাৰ্থক্যতো ক’ত? চৰকাৰে লকডাউন এৰাই চলিছে মূলতঃ সাধাৰণ জনতা, খাটি খোৱা জনতাৰ কথা চিন্তা কৰি৷ কিন্তু এতিয়াৰ পৰিস্থিতিয়নো সেইসকল লোকক কিমান সকাহ দিছে৷ আমি সকলোৱে দেখিছো লকডাউন এচাম লোকৰ বাবে কিমান ভয়াবহ হ’ব পাৰে৷ সকলোৱে সেয়ে বিচাৰিছিল লকডাউনৰ দিনবোৰ ঘূৰি নহাটোকে৷ কিন্তু এতিয়া বিকল্প কি?–প্ৰশ্ন উঠিছে৷ দেওবাৰৰ পৰা ১১ বজাতে দোকান বন্ধ কৰি সকলো ঘৰা ঘৰি হ’ব লাগিব৷ এতিয়া কথা হ’ল সেই ১১ বজাৰ আগতে হাজিৰা কৰা লোকজন দিনটোৰ হাজিৰা কৰি ঘৰ সোমাবগৈ পাৰিবনে? তেওঁক সেইকন সময়ৰ বাবে কোনোবাই হাজিৰাত লগাবনে? ঘৰৰ পাছলি কেইটা লৈ পোহাৰলৈ যাবলৈ এজন লোকে সময় পাবনে? [সাপ্তাহিক-পষেকীয়া বজাৰবোৰতো ইতিমধ্যে বন্ধ কৰা হৈছেই] ইমান বিভীষিকাৰ মাজত ৰেষ্টুৰেণ্ট এখনত সেই আগৰ দৰে ব্যৱসায় চলি আছেনে? তাত কাম কৰা ল’ৰাটোৱে বা ছোৱালীজনীয়ে আগৰে পৰিশ্ৰমিকত কাম কৰি সান্ধ্য আইন আৰম্ভ হোৱাৰ আগতে ঘৰ সোমাব পাৰিছেনে? তেতিয়া হ’লে সম্পূৰ্ণ লকডাউন দিয়া আৰু নিদিয়াৰ মাজত পাৰ্থক্যতো এতিয়া থাকিল ক’ত? আগতে পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈকে খোলা থকা দোকান এখন এতিয়া ১১ বজালৈকেহে খুলিব পাৰিব৷ সেই কম সময়ত সেই দোকানখনত আগতে দিনটোত হোৱা ভিৰ হোৱা নাইনে? দিনটোত অহা লোকৰ ৫০ শতাংশ আহিলেই কম সময়তে বেছি ভিৰ হোৱা নাইনে? এই ব্যৱস্থাৰ ফলত সামাজিক সংক্ৰমণ কোনটো পৰ্যায়ত ৰোধ হৈছে সেয়া বহুতৰে বোধগম্য হোৱা নাই৷ তাতকৈ পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আগতে কঠোৰ এটা ব্যৱস্থা ল’লে ৰাইজে সোনকালে কিছু উদ্ধাৰ পাব বুলি চৰ্চা হৈছে? চৰকাৰৰ এতিয়া বাধা নিষেধতে সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ হৈ পৰিছে৷ হাজিৰা কৰা মানুহজন ওলাই যাব পৰা নাই, পদপথৰ দোকানীজনে দোকানখন খোলা নাই, ৰেষ্টুৰেণ্ট বা মলত কাম কৰা ল’ৰাটো বা ছোৱালীজনীয়ে কামলৈ যাব পৰা নাই. কিন্তু তেওঁলোকক চৰকাৰ বা আন সংস্থাই কোনো সাহায্য আদিও দিয়া নাই, কাৰণ সম্পূৰ্ণ লকডাউন হোৱা নাই৷ কথাবোৰ কিবা নুবুজাৰ সাঁথৰ হৈ পৰিছে৷ উল্লেখ্য, ক’ভিডৰ ছেকেণ্ড ৱেভ ৰাজ্যত ক’ভিডৰ প্ৰথম ৱেভতকৈও মাৰাত্মক বুলি বিবেচিত হৈছে৷ যোৱা বছৰৰ ক’ভিডৰ প্ৰথম ৱেভত প্ৰায় ১১০০ লোকৰ মৃত্যুৰ হোৱাৰ বিপৰীতে ক’ভিডৰ ছেকেণ্ড ৱেভত কম সময়ৰ ভিতৰতে ৰাজ্যত ২০৬০ জন লোকৰ মৃত্যু ঘটিছে৷ ৰাজ্যত প্ৰায় ৪২,০০০ লোক ক’ভিড আক্ৰান্ত হৈছে৷ কেৱল গুৱাহাটী মহানগৰীতে প্ৰায় ১৫ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ক’ভিডৰ সংক্ৰমণৰ হাৰ গুৱাহাটী, ডিব্ৰুগড় আৰু তিনিচুকীয়াত সৰ্বাধিক বুলি বিবেচিত হৈছে৷ ক’ভিডৰ জটিল পৰিস্থিতিৰ বাবে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত শনিবাৰৰ পৰা ৩০ মে’ পৰ্যন্ত ১৫ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে পশ্চিম বংগ চৰকাৰে৷