Logo
image

বিদেশী প্ৰতিষেধকে সংক্ৰমণৰ সম্ভাৱনা ৬৫ শতাংশ হ্ৰাস কৰিছে

আমাৰ অসম, ১৭ মেঃ ক’ভিডৰ প্ৰতিষেধক ল’লে ক’ভিডৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লেও চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা ১ শতাংশতকৈয়ো কম৷ আনহাতে ফাইজাৰ-বায়’এনটেক তথা অক্সফৰ্ডৰ এষ্ট্ৰাজেনেকাৰ এপালি প্ৰতিষেধক লোৱাৰ পাছত ক’ভিডত সংক্ৰমিত হোৱাৰ সম্ভাৱনা ৬৫শতাংশ হ্ৰাস পায়৷ ভাৰত আৰু ব্ৰিটেইনত কৰা দুটা পৃথক গৱেষণাত প্ৰকাশ পোৱা এই তথ্যই অতিমাৰীৰ পৰিস্থিতিত বহুতকে আশ্বস্ত কৰিব৷ প্ৰথমটো গৱেষণা কৰিছিল দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালৰ এদল বিশেষজ্ঞ চিকিৎসকে৷ দেশত টিকাকৰণৰ ১০০দিন অতিক্ৰম হোৱাৰ পাছত তাৰ গতি প্ৰকৃতিৰ বিষয়ে গৱেষণা কৰা হৈছিল আৰু ৩,২৩৫জন স্বাস্থ্যকৰ্মীৰ ওপৰত এই পৰীক্ষা কৰা হৈছিল৷ এই সন্দৰ্ভত এপ’ল’ হাস্পতালৰ সঞ্চালক অনুপম ছিবালে সংবাদ সংস্থা এএনআই-ক জনায় -‘টিকাকৰণৰ ফলত ১০০শতাংশ সুৰক্ষা পোৱা নাযায়৷ কিন্তু যাৰ  টিকাকৰণ হৈছে, তেওঁলোকৰ ৯৭.৩৮ শতাংশ সুৰক্ষিত হৈ আছে৷ বাকী ২.৬২ শতাংশ সংক্ৰমিত হৈছে৷ কিন্তু এটা বিষয় নিশ্চিত হৈছে, প্ৰতিষেধক লোৱা সংক্ৰমিতৰ মাজৰ ০.০৬ শতাংশকহে হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছে৷ তেওঁলোকৰ বেছিভাগৰে অক্সিজেন আৰু আই চি ইউৰ প্ৰয়োজন হোৱা নাই৷ যি ৩,২৩৫জন স্বাস্থ্যকৰ্মীৰ ক্ষেত্ৰত এই সমীক্ষা চলোৱা হৈছিল তাৰ ৮৫জনহে সংক্ৰমিত হৈছিল, কিন্তু কোনো গুৰুতৰ সমস্যা হোৱা নাছিল৷’ 

আনহাতে ফাইজাৰ-বায়’এনটেক আৰু অক্সফৰ্ড-এষ্ট্ৰাজেনেকাৰ প্ৰতিষেধকৰ এপালিয়েই ৬৫ শতাংশ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে৷ দুপালি ল’লে সংক্ৰমণৰ আশংকা ৯০ শতাংশলৈ হ্ৰাস পায়৷ প্ৰবীন আৰু তৰুণ উভয় প্ৰজন্মৰ ক্ষেত্ৰতে এই দুবিধ প্ৰতিষেধক সমান কাৰ্যকৰী৷ ব্ৰিটেইনত ৩ লাখ ৫০ হাজাৰ ক’ভিড ৰোগীৰ ক্ষেত্ৰত চলোৱা সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগে এই গৱেষণা যুগ্মভাৱে কৰিছিল৷ শুকুৰবাৰে গৱেষণাৰ এই তথ্য প্ৰকাশ কৰা হয়৷ সমীক্ষাত দেখা গৈছে, ফাইজাৰ আৰু অক্সফ’ৰ্ডৰ প্ৰতিষেধকৰ প্ৰথম পালি লোৱাৰ ২১দিন পাছত  সংক্ৰমণৰ হাৰ ৬৫ শতাংশ হ্ৰাস পাইছে৷ ফাইজাৰৰ দুয়োটা পালি লোৱাৰ পাছত সংক্ৰমণ ৯০ শতাংশ হ্ৰাস পাইছে৷ এই গৱেষণা তথ্য বিশ্লেষণ কৰি বিশেষজ্ঞই  কৈছে, সংক্ৰমণৰ গতি দ্ৰুতভাৱে হ্ৰাস কৰাৰ বাবে এই দুবিধ প্ৰতিষেধক এপালি বা দুপালি দিয়া প্ৰয়োজন৷ ভাৰতৰ দৰে দ্বিতীয় ঢৌৱে চাৰখাৰ কৰা দেশত সেয়ে টিকাকৰণ অপৰিহায্য হৈ পৰিছে৷

অধিক সংক্ৰমিত কেৰালা-বিহাৰতকৈ অসমত ক’ভিডত মৃত্যুৰ হাৰ বেছি

অধিক ক’ভিড সংক্ৰমিত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কেৰালা আৰু বিহাৰত ৰোগীৰ মৃত্যুৰ হাৰ কম যদিও দুয়োখন ৰাজ্যতকৈ তুলনামূলকভাৱে বহু কম সংক্ৰমিত অসমত ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ বহু বেছি৷ যি সময়ত কেৰালাত অসমতকৈ ৭ গুণ অধিক হাৰত ক’ভিডৰ সংক্ৰমণ ঘটিছে৷ তেনে সময়তো কেৰালাৰ স্বাস্থ্য বিভাগে ৰাজ্যখনৰ ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে৷ বৰ্তমান অসমত দৈনিক প্ৰায় পাঁচ হাজাৰকৈ লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে কেৰালাত এটা দিনতে ৩৩ হাজাৰ আৰু বিহাৰত ১৫ হাজাৰ লোক আক্ৰান্ত হৈছে৷ অথচ কেৰালাত ক’ভিডত মৃত্যুৰ হাৰ হৈছে ০.৩০ শতাংশ আৰু বিহাৰত মৃত্যুৰ হাৰ হৈছে ০.৩৬ শতাংশ৷ ইয়াৰ বিপৰীতে আজিৰ তাৰিখত অসমত ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ হৈছে ০.৬৪ শতাংশ৷ উদ্বেগজনক বিষয়টো হৈছে, অসমত চিকিৎসক-নাৰ্চৰ গাফিলতিৰ বাবেই ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱা বুলিও অভিযোগ উঠিছে৷ হাস্পতালত ৰোগীয়ে চিকিৎসা বিচাৰি চটফটাই থাকিলেও চিকিৎসকে ৰোগীৰ কাতৰ আহ্বানকো গুৰুত্ব নিদিয়া বুলিও বিভিন্নজনে তথ্যসহ ছ’চিয়েল মিডিয়া যোগে উদঙাই দেখুৱাইছে৷ ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ এনে অভিযোগৰ পাছতেই পুৱতি নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জি এম চি এইচত উপস্থিত হৈ ক’ভিড চিকিৎসাৰ কাৰ্য ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ বাধ্য হৈ পৰিছে৷