Logo
image

বিশ্ব জয় কৰিলে মেক্সিকান সুন্দৰীয়ে

আমাৰ অসম, ১৮ মেঃ আমেৰিকাৰ ফ্লৰিডাত দেওবাৰে অনুষ্ঠিত হোৱা ২০২০ চনৰ ‘ব্ৰহ্মাণ্ড সুন্দৰী’ প্ৰতিযোগিতাত মেক্সিকোৰ সুন্দৰী তথা ‘মিছ মেক্সিকো’ আন্দ্ৰেয়া মেজাই খিতাপ দখল কৰে৷ বিশ্বৰ কেইবাখনো দেশৰ সুন্দৰীক পৰাস্ত কৰি আন্দ্ৰেয়া মেজাই ‘ব্ৰহ্মাণ্ড সুন্দৰী’ৰ মুকুট লাভ কৰিবলৈ সক্ষম হয়৷ বিশ্বৰ ৭৪ খন দেশৰ সুন্দৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ নতুন ব্ৰহ্মাণ্ড সুন্দৰী আন্দ্ৰেয়া মেজা হৈছে ছফ্‌টৱেৰ অভিযন্তা আৰু বৰ্তমান তেওঁ মেক্সিকোৰ এটা কোম্পানীত কৰ্মৰত৷  ভাৰতৰ সুন্দৰী এডলিন কেষ্টেলিন’ই তৃতীয় ৰাণাৰ-আপ লাভ কৰিবলৈ সক্ষম হয়৷ ‘মিছ ব্ৰাজিল ২০২০’ জুলিয়া গামাই প্ৰথম ৰাণাৰ-আপ আৰু ‘মিছ পেৰু ২০২০’ জেনিক মেচেতা ডেল কেষ্টিল’ৱে দ্বিতীয় ৰাণাৰ-আপ সন্মান লাভ কৰে৷ ডমিনিকা ৰিপ্লাৱিকৰ সুন্দৰী কিম্বাৰ্লি জিমেনেজ ৰড্ৰিগেজে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ এই প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা এডলিন কেষ্টেলিন’ৱে ২০২০ চনৰ ‘লিভা মিছ ডিভা ইউনিভাৰ্ছ’  সুন্দৰী প্ৰতিযোগিতাৰ খিতাপ দখল কৰি ব্ৰহ্মাণ্ড সুন্দৰী প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছিল৷ ১৯৯৮ চনত কুৱেইটত জন্ম হৈছিল তেওঁৰ৷ তেওঁৰ পিতৃ-মাতৃ হৈছে কৰ্ণাটকৰ উদুপিৰ৷ পিতৃ-মাতৃয়ে চাকৰি সূত্ৰে কুৱেইটলৈ যোৱাত তাতে তেওঁৰ জন্ম হয়৷ কিন্তু ১৫ বছৰ বয়সত তেওঁ মুম্বাইলৈ আহে আৰু ইয়াতে শিক্ষা সমাপ্ত কৰে৷ তেওঁ এটা বেচৰকাৰী সংস্থাৰ সৈতে জড়িত আৰু বৰ্তমান ভাৰতত কৰ’না ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজত সহায়ৰ হাত আগবঢ়াইছে৷