Logo
image

ভেক্‌চিনৰ বাবে হাহাকাৰ, নাটনি ৪৫ ঊধবৰ্ৰ বাবেও

◾১৮ বছৰৰ ঊধবৰ্ৰ ভেক্‌চিনৰ বাবেও দীৰ্ঘ প্ৰতীক্ষা

◾এটা এটাকৈ বন্ধ হৈছে ভেক্‌চিন শিবিৰ

আমাৰ অসম, ১৯ মেঃ ক’ভিডৰ দ্বিতীয় লহৰে ৰাজ্যত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ তৰফৰ পৰা সকলোকে ভেকচিন প্ৰদানৰ আহ্বান জনোৱা হৈছে৷ ভেকচিন প্ৰদান প্ৰক্ৰিয়া সফল কৰি তুলিবলৈ চৰকাৰৰ তৰফৰ পৰা লাখ লাখ টকা ব্যয় কৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে৷ ১৮ বছৰৰ ওপৰৰৰ লোককো ভেকচিন ল’বলৈ আহ্বান জনোৱা হৈছে৷ ১৮ বছৰৰ ওপৰৰ লোকটো বাদেই সাধাৰণ শ্ৰেণীৰ লোকৰ ক্ষেত্ৰত ৪৫ বছৰৰ ওপৰৰ লোকৰ বাবেও ক’ভিড ভেকচিনৰ নাটনি হোৱা পৰিলক্ষিত হৈছে৷ আৰক্ষী, চিকিৎসক আৰু চিকিৎসাকৰ্মী তথা প্ৰথম শাৰীৰ ক’ভিড যোদ্ধাৰ বাহিৰে সাধাৰণ লোকক ক’ভিড ভেকচিন প্ৰদান প্ৰায় বন্ধ হৈ পৰিছে৷ ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা ভেকচিন প্ৰদান শিবিৰ এটা এটাকৈ বন্ধ হৈ পৰিছে৷ বিশেষকৈ ক’ভিশ্বিল্ড ভেকচিনৰ ক্ষেত্ৰত বেছি সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ যিসমূহ ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰত ক’ভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছিল তাত অতি সীমিত সংখ্যক লোককহে ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ফলস্বৰূপে ক’ভিড ভেকচিন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে সাধাৰণ লোক৷ ক’ভিড ভেকচিনৰ শ্লট বিচাৰি ঘণ্টাৰ পাছত ঘণ্টা সময় ব্যয় কৰি ভাগৰি পৰিছে সাধাৰণ লোক৷ স্বাস্থ্য বিভাগৰ এটা সূত্ৰ মতে সম্প্ৰতি ৰাজ্য চৰকাৰৰ হাতত মাত্ৰ ১.৫ লাখ ভেকচিনহে মজুত আছে৷ ইতিমধ্যে ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহত ভেকচিন প্ৰদান প্ৰক্ৰিয়া বন্ধ কৰা হৈছে৷ ব্যক্তিগত খণ্ডৰ হাস্পতালত মজুত থকা ক’ভিড ভেকচিন [ক’ভিশ্বিল্ড]  ইতিমধ্যে নিজৰ হাতলৈ লৈ আহিছে৷ ফলত দিশহাৰা হৈ পৰিছে সৰ্বসাধাৰণ৷ বিশেষকৈ ৰাজ্যৰ গ্ৰামাঞ্চলত ক’ভিড ভেকচিনৰ শ্লট বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ৷ কোনোবা সৌভাগ্যবান ব্যক্তিয়ে অনলাইনত শ্লটৰ বুকিং লাভ কৰিছে তিনি-চাৰিমাহ পাছত৷ ৰাজ্যত ক’ভিড ভেকচিনৰ নাটনিৰ জোৰা মাৰিবলৈ গৈ বিপাঙত পৰিছে ৰাজ্য চৰকাৰ৷ উপায়ন্তৰ হৈ মঙলবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে বাৰ্তালাপ কৰে৷ ভিডিঅ’ কনফাৰেঞ্চত মুখ্যমন্ত্ৰী শৰ্মাই চাংমাক ভেকচিনৰ বিনিময়ৰ প্ৰস্তাৱ দিয়ে৷ উক্ত প্ৰস্তাৱ চাংমাই গ্ৰহণ কৰা বুলি সদৰী কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– অসম চৰকাৰে মেঘালয়লৈ ক’ভাক্সিনৰ ১০০টা পালি আগবঢ়াব, বিনিময়ত মেঘালয় চৰকাৰে অসমক ক’ভিশ্বিল্ডৰ ১০০টা পালি প্ৰদান কৰিব৷ অসম চৰকাৰে চুবুৰীয়া ৰাজ্যখনক ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত সহায়ক হোৱাকৈ ১৬ মেট্ৰিকটন মেডিকেল অক্সিজেনৰ যোগান অব্যাহত ৰাখিব৷ মুখ্যমন্ত্ৰী শৰ্মাই মেঘালয়ৰ মাজেৰে বৰাক উপত্যকালৈ সামগ্ৰী আৰু যাত্ৰীবাহী বাহনৰ সুচল পৰিবহণৰ বাবে সকলোধৰণৰ সহায় আগবঢ়াবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনায়৷ মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত তেওঁৰ চৰকাৰৰ তৰফৰ পৰা যাৱতীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে৷