Logo
image

প্ৰকৃতিৰ প্ৰতিশোধ

আমাৰ অসম, ১৯ মেঃ উই ডেষ্ট্ৰয় নেচাৰ/নেচাৰ হেজ ইটছ অ’ন ৱে/টুই টেক ৰিভেঞ্জ’৷ –ইটোৰ পাছত সিটো প্ৰাকৃতিক দুৰ্যোগ, অপৰিচিত ৰোগে মানৱজাতিক ধবংসৰ মুখলৈ ঠেলি পঠিওৱাৰ পৰিৱেশ সৃষ্টি হোৱাৰ সময়তে প্ৰশ্ন উঠিছে, প্ৰকৃতিৰ এই ৰুদ্ৰৰূপৰ কাৰণ মানুহৰ ওপৰত প্ৰকৃতিয়ে লোৱা প্ৰতিশোধ নেকি? বিগত এটা বছৰ ধৰি ক’ভিড অতিমাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবাসী আৰু অসমৰ বাসিন্দাক ভীতিবহ৩ল কৰি তোলাৰ সময়তে দেশবাসী আক্ৰান্ত হৈছে ব্লেক ফাংগাছ নামৰ নতুন ৰোগত৷ তকতে নামৰ চাইক্লনে বিধবস্ত কৰি পেলাইছে গোৱা, মহাৰাষ্ট্ৰ, গুজৰাটক৷ এই মাহৰ শেষত পশ্চিম বংগ আৰু ওড়িশাক তচ নচ কৰিবলৈ বংগোপাসাগৰত সৃষ্টি হৈছে আন এটা চাইক্লন ‘যশ’৷ অলপতে ভূমিকম্পই বিধবস্ত কৰি গৈছে অসমক৷ অসমৰ মাজুলীৰ বানপানী আৰু গুজৰাটৰ বাপানীয়ে সৃষ্টি কৰিছে তাণ্ডৱ লীলা৷ একেলগে ইমানবোৰ প্ৰাকৃতিক ঘটনাত সামগ্ৰিকভাৱে ভাৰত আৰু বহু পৰিমাণে বিধবস্ত হৈ পৰিছে অসম৷ সেয়ে অতি স্বাভাৱিকভাৱে জনসাধাৰণৰ মনত প্ৰশ্ন জাগিছে–এয়া কি মানৱজাতিৰ বিৰুদ্ধে প্ৰকৃতিৰ প্ৰতিশোধ? প্ৰকৃতি ধবংস কৰাৰ বাবেই প্ৰকৃতিয়ে প্ৰতিশোধ লৈছে নেকি মানৱজাতিৰ ওপৰত?

সমগ্ৰ দেশৰ লগতে অসমবাসীয়ো বিগত এছবৰ ধৰি ক’ভিডৰ সংহাৰত আক্ৰান্ত৷ ২০২০ চনৰ মাৰ্চৰ পৰা এতিয়ালৈকে আঢ়ৈকোটিৰো অধিক ভাৰতবাসী ক’ভিড ভাইৰাছত সংক্ৰমিত হৈছে৷ চৰকাৰী হিচাপ মতেই যোৱা এবছৰত দেশত প্ৰায় আঢ়ৈ লাখ লোকৰ মৃত্যু হৈছে৷ ক’ভিড অতিমাৰী আৰু ক’ভিডৰ আনুষংগিক কাৰণত ৰাজ্যত প্ৰাণ হেৰুৱাইছে প্ৰায় চাৰে তিনিহাজাৰ লোকে৷ অহা ২০-২১ মে’ত অসমৰ ক’ভিড পৰিস্থিতি তুংগত উঠিব বুলি কোৱা হৈছে৷ ভাৰতত প্ৰকৃত ক’ভিড-মৃত্যুৰ সংখ্যা চাৰে ছয়লাখৰো অধিক বুলি মাৰ্কিন সমীক্ষাত দাবী কৰা হৈছে৷ দেশৰ হাস্পতালত অক্সিজেনৰ অভাৱত শ শ লোকে চটফটাই মৃত্যুবৰণ কৰিছে৷ পৱিত্ৰ গংগা আৰু যমুনা নদীৰে উটি আহিছে শ শ ক’ভিড ৰোগীৰ মৃতদেহ৷ ২০০০ৰো অধিক শৱদেহ ওলাইছে গংগাৰ পাৰত বালিৰ তলত৷ শ্মশানত ক’ভিডত মৃত্যু হোৱা ৰোগীৰ শৱদেহ দাহ কৰিব নোৱাৰাকৈ দ’ম হৈছে৷ বুদ্ধিদীপ্ত মানুহৰ বিজ্ঞানৰ প্ৰয়োগে হাৰ মানিছে ক’ভিডৰ সংহাৰৰ সন্মুখত৷ ক’ভিডৰ পৰা ৰক্ষা পোৱাৰ বাবে এটোপাল প্ৰতিষেধক বিচাৰি এতিয়া দেশৰ ৰাজ্যই ৰাজ্যই হাহাকাৰ৷ এয়া প্ৰকৃতিৰ সংহাৰ নহয় আৰু কি? 

এতিয়া ভূতৰ ওপৰতে দানহ পৰাৰ দৰে আবিৰ্ভাব ঘটিছে ব্লেক  ফাংগাছ নামৰ নতুন ৰোগৰ৷ ক’ভিডত আক্ৰান্তৰ দেহত হোৱা এই ৰোগ প্ৰাণঘাটী হৈ পৰিছে৷ দেশৰ ১১খন ৰাজ্যত সংক্ৰমণ ধৰা পৰিছে এই ৰোগৰ মূলতঃ চকুত সংক্ৰমণ হোৱা আৰু মুখমণ্ডলত খৰৰ দৰে ঘাঁ হোৱা ব্লেক ফাংগাছ অতি সংক্ৰামক আৰু ভয়ংকৰ৷ এইবিধ ৰোগ চম্ভালাৰ বাবে আৰু ৰোধ কৰাৰ বাবে পোনপটীয়া ঔষধ এতিয়াও নাই৷ 

ইপিনে বিগত তিনি দিন ধৰি গোৱা, মহাৰাষ্ট্ৰ আৰু গুজৰাটক তচনচ কৰি দিছে চাইক্লন তকতেই৷ সোমবাৰে সন্ধিয়া ঘণ্টাত ১৮৫ কিলেমিটাৰ বেগত গুজৰাটত লেণ্ড ফল হোৱা তকতেই প্ৰাণ কাঢ়ি নিছে ১০জনৰো অধিক দুৰ্ভগীয়াৰ৷ আৰৱ সাগৰত সন্ধানহীন হৈ আছে ৮৫জনৰো অধিক লোক৷ তকতেৰ প্ৰভাৱ শেষ নৌহতেই বংগোপসাগৰত সৃষ্টি হৈছে চাইক্ল’ন যশ৷ অহা ২৩ মে’ত যশে পশ্চিমবংগত খুন্দা মৰাৰ সম্ভাৱনা আছে৷ 

আনহাতে যোৱা ২৮ এপ্ৰিলত অসমত হোৱা ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই সমগ্ৰ ৰাজ্যকে ক্ষতিগ্ৰস্ত কৰে৷ তাৰ পাছৰ পৰা আজি মঙলবাৰ পৰ্যন্ত বহুকেইটা সৰু সৰু ভূমিকম্পই অসমক জোকাৰি প্ৰকৃতিৰ ৰোষৰ বাৰ্তা দি আছে৷ সম্প্ৰতি বাপানীয়ে বিপদত পেলাইছে অসমৰ মাজুলী আৰু গুজাৰটক৷

প্ৰকৃতিৰ ৰোষত বিশ্বৰ বহু প্ৰাচীন সভ্যতা ইতিপূৰ্বে ধবংস হৈ গৈছে৷ ইতিহাসত তেনে উদাহৰণ অসংখ্য আছে আৰু ধবংস হৈ যোৱা এনে সভ্যতা নিঃশেষ হোৱাৰ কাৰণ প্ৰাকৃতিক দুৰ্যোগেই বুলি ঠাৱৰ কৰা হৈছে৷ দ্বিধাহীনভাৱে ক’ব পাৰি, মানুহে প্ৰকৃতিৰ পৰা অকৃপণভাৱেসম্পদ পাইছে আৰু সৰ্বশক্তিৰে প্ৰকৃতিক ধবংস কৰি আছে৷ মানৱ সভ্যতাৰ উৎপত্তিৰ পৰা বিগত ২,০০,০০০ বছৰত মানুহে প্ৰকৃতিৰ পৰা যিমান পাইছে তাৰ তুলনাত প্ৰকৃতিৰ ক্ষতি কৰিছে ততোধিক৷ ১৮শ শতিকাৰ উদ্যোগীকৰণ আৰম্ভ হোৱাৰ পৰা প্ৰকৃতিৰ ক্ষতি অসামান্যভাৱে বাঢ়ি আহিছে৷ গছ বন কাটি এফালৰ পৰা তহিলং কৰি পেলোৱাৰ ফলশ্ৰুতিত পৃথিৱীত আৰম্ভ হৈছে গোলকীয় উষ্ণতা৷ ১৮০০ চনৰ পৰা বিগত ৩০০ বছৰত মানুহে পৃথিৱীৰ যিমান ক্ষতি কৰিছে, মানৱ সভ্যতাৰ ২ লাখ বছৰত সিমান ক্ষতি কেতিয়াও হোৱা নাছিল৷ মানুহেই পৃথিৱীখনক ইমান প্ৰদূষিত কৰি পেলালে যে এতিয়া সেই প্ৰদূষণৰ ফল ভোগ কৰিবলগীয়া হৈছে পৃথিৱীৰ বাসিন্দাই৷ মূলতঃ প্ৰদূষণৰ ফলত হোৱা গোলকীয় উষ্ণতাৰ বাবে সুমেৰু আৰু কুমেৰুৰ বৃহৎ অংশৰ বৰফ গলি পানীত পৰিণত হৈছে৷ পৃথিৱীৰ সৃষ্টি হোৱাৰ পৰা বিলিয়ন বিলিয়ন বছৰ ধৰি স্তৰে স্তৰে থকা বৰফৰ তলত পোত গৈ থকা ভাইৰাছ এতিয়া মুকলি হৈ পৰিছে৷ তাৰ ফলতো বিগত কিছুদিনত মানৱ জাতি ভাইৰাছ, বিভিন্ন জীৱাণুৰ আক্ৰমণৰ সন্মুখীন হৈছে আৰু ভৱিষ্যতে অধিক প্ৰাণঘাটী ভাইৰাছৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ আশংকা আছে৷

মানৱ জাতিয়ে প্ৰকৃতিৰ বিৰুদ্ধে চলোৱা এনে ধবংসযজ্ঞৰ কাৰণেই প্ৰকৃতিয়ে মানৱ জাতিৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা বুলি ভবাৰ অকাট্য যুক্তি আছে৷ প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তিৰ সন্মুখত মানৱ জাতি অসহায়৷ প্ৰকৃতিৰ প্ৰতিশোধৰ ক্ষেত্ৰত তাকো বাৰে বাৰে প্ৰমাণিত হৈছে৷