Logo
image

ভাৰতত পাইকাৰী মুদ্ৰাস্ফীতি

আমাৰ অসম, ১৯ মেঃ ক’ভিডৰ অতিমাৰীৰ কঠিন পৰিস্থিতিত সমগ্ৰ দেশতে লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত দেশৰ পাইকাৰী সামগ্ৰীৰ মুদ্ৰাস্ফীতি সৰ্বকালৰ সৰ্বোচ্ছ হৈছে৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে এই দুৰ্ভাগ্যজনক তথ্য প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰণালয়ে প্ৰকাশ কৰা ডব্লিউপিআই অৰ্থাৎ ‘হ’লছেল প্ৰাইচ ইনডেক্স’ হৈছেগৈ অন্তিমটো মাহত ১০.৪৯ শতাংশ৷ সম্প্ৰতি সকলো সামগ্ৰীৰে দাম অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ ফলত মুদ্ৰাস্ফীতিৰ হাৰ পাইকাৰী ক্ষেত্ৰতো সৰ্বোচ্ছ হৈ পৰিছে৷ এই পৰ্যন্ত খুচুৰা সামগ্ৰীৰ মুদ্ৰাস্ফীতি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা নাই যদিও সেই হাৰ অভিলেখসংখ্যক  হ’ব বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য, মাৰ্চত ডব্লিউপিআই অৰ্থাৎ পাইকাৰী সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ সূচকৰ হাৰ আছিল ৭.৩৯ শতাংশ আৰু এমাহৰ পূৰ্বে ফেব্ৰুৱাৰীত আছিল ৪.৮৩ শতাংশ৷ মাত্ৰ দুমাহৰ ভিতৰতে দেশৰ পাইকাৰী মূল্যৰ ক্ষেত্ৰতো অস্বাভাৱিক বৃদ্ধি হোৱাত এনে মুদ্ৰাস্ফীতি হৈছে৷ ঘাইকৈ খাদ্য সামগ্ৰী আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলতে এনে মুদ্ৰাস্ফীতি হৈছে৷ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ ৪.৯২ শতাংশ আৰু পেট্ৰ’লজাত সামগ্ৰী মুদ্ৰাস্ফীতিৰ হাৰ ৪২.৩৭ শতাংশ৷