Logo
image

কৰ’নাই কাঢ়ি নিলে ১২০০ বেংক কৰ্মচাৰীৰ জীৱন

আমাৰ অসম, ১৯ মেঃ ভাৰতত কৰ’নাই একপ্ৰকাৰ নাজল-নাথল অৱস্থাৰ সৃষ্টি কৰিছে৷ মৃত্যু মিছিল দৈনিক দীঘলীয়া হৈছে৷ ক’বলৈ গ’লে এছিয়াৰ ভিতৰতে এতিয়া ভাৰতৰ অৱস্থা অতি জটিল৷ ইজনৰ পিছত সিজন লোক মৃত্যুমুখত পৰিছে কৰ’নাত আক্ৰান্ত হৈ৷ তদুপৰি বেংকিং খণ্ডৰ এহাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে কৰ’নাত আক্ৰান্ত হৈ৷ শনিবাৰে অল ইণ্ডিয়া বেংক অফিচাৰ্ছ এছ’চিয়েশ্বনে প্ৰকাশ কৰা মতে ভাৰতত এতিয়ালৈকে ১২০০ বেংক কৰ্মচাৰীৰ প্ৰাণ কাঢ়ি নিছে কাল কৰ’নাই৷