Logo
image

আম্বানিক পিছ পেলাব ধনকুবেৰ আদানিয়ে

আমাৰ অসম, ২৩ মেঃ মুকেশ আম্বানি আৰু গৌতম আদানি দুয়োজনেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠতম ব্যৱসায়ী৷ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত এই দুইজন গুজৰাটী ব্যৱসায়ীয়ে হিমালয়ৰ দৰে ধন ঘটিছে৷ সেয়া সকলোৰে জ্ঞাত৷ বিৰোধী পক্ষই আম্বানি আৰু আদানিয়েই প্ৰকৃততে দেশ চলাই থকা বুলি কটাক্ষ কৰে৷ আম্বানি আৰু আদানি দুয়ো গুজৰাটী হ’লেও দুয়োৰে মাজত ব্যৱসায়িক প্ৰতিদ্বন্দ্বিতা আছে৷ প্ৰকৃততে নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত আদানিৰ উত্থানহে চমকপ্ৰদ আৰু ৰহস্যজনক৷ গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ ইমানেই দ্ৰুতগতিত বৃদ্ধি হৈছে যে, তেওঁ এছিয়াৰ সবাতোকৈ ধনাঢ্য উদ্যোগপতি মুকেশ আম্বানিকো অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে৷ অলপতে চীনৰ উদ্যোগপতি ঝাং ছানছানক অতিক্ৰম কৰি গৌতম আদানি এছিয়াৰ দ্বিতীয় স্থানৰ ধনাঢ্যলৈ উন্নীত হৈছে৷ যোৱা বুধবাৰ আৰু বৃহস্পতিবাৰৰ ভিতৰত আদানিৰ সম্পত্তিৰ পৰিমাণ ১.১১ বিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি পাইছে৷ চলিত বছৰৰ জানুৱাৰীৰ পৰা এতিয়ালৈ তেওঁৰ সম্পত্তি বৃদ্ধি পাইছে ৩২.৭ বিলিয়ন মাৰ্কিন ডলাৰ, ফলত তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছেগৈ ৬৭.৬ বিলিয়ন মাৰ্কিন ডলাৰ৷ আদানিৰ এই দ্ৰুত সম্পত্তিৰ বৃদ্ধিয়ে তেওঁক কাষ চপাই লৈ গৈছে মুকেশ আম্বানিক অতিক্ৰম কৰাৰ দিশে৷ এতিয়া দুই শিল্পপতিৰ সম্পত্তিৰ পৰিমাণৰ পাৰ্থক্য হৈছে মুঠেই ৮.৭ বিলিয়ন মাৰ্কিন ডলাৰৰ৷ যোৱা বৃহস্পতিবাৰে মুকেশ আম্বানিৰ ২২ কোটি মাৰ্কিন ডলাৰৰ পৰিমাণৰ সম্পত্তি হ্ৰাস পোৱাৰ ফলত তেওঁৰ মুঠ সম্পত্তি হৈছেগৈ ৭৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ৷ অৰ্থনীতিবিদৰ ধাৰণা, গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ যি দ্ৰুতহাৰত বৃদ্ধি পাইছে তালৈ চাই তেওঁ অচিৰেই মুকেশ আম্বানিক অতিক্ৰম কৰিব৷ গৌতম আদানিৰ কোম্পানীৰ অংশীদাৰিত্ব ক্ৰয় কৰাৰ বাবে বিনিয়োগকাৰী জপিয়াই পৰিছে৷ তেওঁৰ মালিকানাধীন আদানি টোটেল গেছৰ শ্বেয়াৰৰ মূল্য ১,১৪৫ শতাংশ বৃদ্ধি পাইছে৷ এনেদৰে আদানিৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য বাঢ়ি থাকিলে তেওঁ মুকেশ আম্বানিক চলিত বছৰতে অতিক্ৰম কৰিব৷