Logo
image

বজাৰত এইবাৰ ২০০ কোটি টকীয়া গাড়ী

আমাৰ অসম, ৩১ মেঃ এখন গাড়ীৰ মূল্য কিমান হ’ব পাৰে? পাঁচ কোটি, দহ কোটি.... বিশ কোটি টকা। অবিশ্বাস্য যেন লাগিলেও সত্য, ৰ’ল্‌ছ ৰয়েচ কোম্পানীয়ে সম্প্ৰতি বজাৰলৈ উলিওৱা তেওঁলোকৰ নতুন মডেলৰ একোখন গাড়ীৰ মূল্য হৈছে ২০০ কোটি টকা৷ মাৰ্কিন ডলাৰত তেনে একোখন গাড়ীৰ মূল্য ২৮ নিযুত ডলাৰ৷ ৰ’ল্‌ছ ৰয়েচ কোম্পানীয়ে অলপতে তেওঁলোকৰ পৃথিৱীৰ সবাতোকৈ মূল্যবান এই গাড়ীখনৰ ‘হাৰ্ড লন্সিং’ কৰিছে৷ উন্মোচন হোৱাৰ লগে লগে এই গাড়ীখনেই ইতিহাসৰ সবাতোকৈ মূল্যবান গাড়ী হিচাপে পৰিগণিত হৈছে৷ ৰ’ল্‌ছ ৰয়েচে উলিওৱা এই গাড়ীখনৰ মডেলটোৰ নাম হৈছে– ব’ট টেইল৷ ইয়াৰ দৈৰ্ঘ্য ১৯ ফুট আৰু ড্ৰাইভাৰৰ সৈতে মুঠতে চাৰিজন যাত্ৰীৰ আসন ইয়াত সন্নিৱিষ্ট কৰা হৈছে৷ ২০১৭ চনত ৰ’ল্‌ছ ৰয়েচে নিৰ্মাণ কৰা তেনেই সীমিত সংখ্যক গাড়ীৰ এবিধ মডেলৰ মূল্য আছিল প্ৰায় ১০০ কোটি টকা৷ সেই ছেপটেইল নামৰ মডেলটোৰ পৰা প্ৰেৰণা লৈয়েই নতুন ব’ট টেইল গাড়ীখন নিৰ্মাণ কৰা হৈছে৷ ইউৰোপীয়ান কেইজনমান ধনকুবেৰৰ অনুৰোধত ৰ’ল্‌ছ ৰয়েচে ব’ট টেইল মডেলৰ মুঠেই তিনিখন গাড়ী নিৰ্মাণ কৰি উলিয়াইছে৷ এই গাড়ী তিনিখন নিৰ্মাণ কৰোতে সময় লৈছে চাৰি বছৰৰো অধিক৷

ৰ’ল্‌ছ ৰয়েচ গাড়ীৰ মূল্য কিয় অস্বাভাৱিকভাৱে বেছি সেই প্ৰশ্ন সততে উত্থাপিত হয়৷ এই প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ এটাই– ৰ’ল্‌ছ ৰয়েচৰ সকলো গাড়ী হস্তনিৰ্মিত৷ অৰ্থাৎ ইয়াৰ সকলো যন্ত্ৰপাতি মেচিনৰ দ্বাৰা তৈয়াৰ কৰিলেও সম্পূৰ্ণ গাড়ীখন নিৰ্মাণ কৰা হয় হাতেৰে৷ অতি দক্ষ অভিযন্তাৰ জৰিয়তে ৰ’ল্‌ছ ৰয়েচৰ গাড়ী হাতেৰে ‘এছেম্ব’ল’ কৰা হয়৷ সেয়েহে ৰ’ল্‌ছ ৰয়েচৰ গাড়ীৰ মূল্য অস্বাভাৱিকভাৱে বেছি হয়৷ তদুপৰি ‘মেন্যুৱেলি’ নিৰ্মাণ কৰাৰ ফলত একোখন গাড়ী নিৰ্মাণ কৰোতে দীৰ্ঘ সময়ৰ প্ৰয়োজন হয় আৰু সীমিত সংখ্যাতহে গাড়ী নিৰ্মাণ কৰিব পাৰে৷ সেয়েহে আভিজাত্য আৰু নিজৰ ব্ৰেণ্ড ভেল্যু অক্ষুন্ন ৰাখি ৰ’ল্‌ছ ৰয়েচে তেওঁলোকৰ বিশেষ মডেলসমূহ নিৰ্দিষ্ট গ্ৰাহকৰ অনুৰোধৰ বিপৰীতে নিৰ্মাণ কৰে আৰু অস্বাভাৱিক মূল্যত বিক্ৰী কৰে৷ সামগ্ৰিকভাৱে ৰ’ল্‌ছ ৰয়েচৰ গাড়ীৰ উৎপাদন একেটা কাৰণতে কম আৰু সেইবাবেই প্ৰত্যেকখন গাড়ীৰ দাম জুই-ছাই৷ প্ৰসংগতঃ উল্লেখযোগ্য, ইচ্ছা কৰিলেই বা হাতত ধন থাকিলেই নতুন ধনীয়ে এখন ৰ’ল্‌ছ ৰয়েচ গাড়ী হঠাতে ক্ৰয় কৰিব নোৱাৰে৷ ৰ’ল্‌ছ ৰয়েচ কোম্পানীৰ গাড়ীৰ গ্ৰাহক হোৱাৰ পূৰ্বে তেওঁ কি পৰ্যায়ৰ গাড়ী চলাই আছিল সেই বিষয়ে কোম্পানীয়ে সম্পূৰ্ণ খবৰ লয়৷ তাৰ পাছতহে তেনে এজন ব্যক্তিক ৰ’ল্‌ছ ৰয়েচে গ্ৰাহকভুক্তি কৰে৷