Logo
image

-৭.৩%লৈ নামিল ভাৰতৰ জিডিপি

◾অবাঞ্ছিত অভিলেখ! ৪০ বছৰৰ ভিতৰত আটাইতকৈ শোচনীয় পতন

আমাৰ অসম, ১ জুনঃ বিগত ৪০ বছৰৰ ভিতৰত আটাইতকৈ শোচনীয় অৱস্থাৰ সৃষ্টি কৰি ভাৰতৰ জিডিপি বা ঘৰুৱা মুঠ উপাৰ্জন ৭.৩ শতাংশ সংকুচিত হৈছে৷ সোমবাৰে ‘নেচনেল ষ্টেটিষ্টিকেল অফিচে’ প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপিৰ অৱনমনৰ হাৰ [মাইনাছ] -৭.৩ শতাংশ৷ অৰ্থাৎ এই সময়চোৱাত দেশৰ জিডিপিৰ উন্নয়ন হোৱা নাই, পতনহে ঘটিছে৷ জিডিপিৰ হাৰ শূন্যৰো তললৈ পতন ঘটি ‘নিগেটিভ গ্ৰ’থ’ অৰ্থাৎ ঋণাত্মক গতি লৈ -৭.৩ শতাংশলৈ অধঃপতিত হৈছে৷ নেচনেল ষ্টেটিছটিকেল অফিচে সোমবাৰে প্ৰকাশ কৰা এই পৰিসংখ্যা দেশখনৰ বিগত ৪০ বছৰৰ ইতিহাসৰ ভিতৰত সবাতোকৈ শোচনীয় অভিলেখ বুলি কোৱা হৈছে৷ বিগত বছৰৰ মাৰ্চত পৰিকল্পনাবিহীন আৰু কোনো আগজাননী অবিহনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা সৰ্বাত্মক লকডাউনৰ ফলত দেশৰ অৰ্থনীতি থানবান হৈ যোৱাৰ বাবেই ভাৰতীয় অৰ্থনীতিয়ে এনে শোচনীয় ৰূপ লোৱা বুলি অৰ্থনীতিবিদে মত প্ৰকাশ কৰিছে৷ অৰ্থনীতিবিদৰ মতে, ক’ভিড অতিমাৰী ৰোধ কৰাৰ বাবে লকডাউন বলবৎ কৰাতো অপৰিহায্য আছিল৷ বিশ্বৰ গৰিষ্ঠ সংখ্যক দেশে এই পন্থা অবলম্বন কৰিছিল৷ কিন্তু আন বহু দেশৰ পৰিকল্পিত লকডাউনৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা লকডাউন আছিল সম্পূৰ্ণ পৰিকল্পনাহীন আৰু হুৰমূৰকৈ গ্ৰহণ কৰা সিদ্ধান্ত৷ এনে অপৰিকল্পিত সিদ্ধান্তৰ ফলত দেশৰ শুইপৰা অৰ্থনীতিয়ে এতিয়ালৈকে মূৰ দাঙি উঠিবলৈ সক্ষম নোহোৱাৰ বাবেই ডিজিপিৰ উন্নয়ন হোৱাৰ পৰিৱৰ্তে পতন ঘটা বুলি মন্তব্য কৰিছে অৰ্থনীতিৰ বিশ্লেষকে৷ এন এছ অ’য়ে প্ৰকাশ কৰা তথ্য অনুসৰি সামগ্ৰিকভাৱে ২০২০-২১ বিত্তীয় বৰ্ষৰ জিডিপি -৭.৩ শতাংশ সংকুচিত হোৱাৰ মাজতে বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকত অৰ্থাৎ অন্তিম তিনিটা মাহত জিডিপিৰ হাৰ ১.৬ শতাংশ বৃদ্ধি পাইছিল৷ অন্যথা সামগ্ৰিক সংকোচনৰ মাত্ৰা আৰু অধিক বৃদ্ধি পালেহেঁতেন৷ পৰিসংখ্যা আৰু প্ৰগ্ৰেম মন্ত্ৰণালয়ে এই সংক্ৰান্তত জনাইছে–‘প্ৰকৃত জিডিপি মূল্য ২০২০-২১ত ১৩৫.১৩ লাখ কোটি টকাত স্থবিৰ হৈ ৰৈছে৷ ২০১৯-২০ বিত্তীয় বৰ্ষত জিডিপিৰ পৰিমাণ আছিল ১৪৫.৬৯ লাখ কোটি টকা৷’