Logo
image

বিকাশ সন্ধানহীন

◾দেশৰ ৰাজ্যসমূহৰ উন্নয়নৰ তালিকাত অসমৰ স্থান সৰ্বনিম্ন

আমাৰ অসম, ৪ জুনঃ নিটি আয়োগৰ বহনক্ষম উন্নয়ন সূচকাংকত পুনৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে কেৰালাই৷ আনহাতে, এই সূচকাংকত আটাইতকৈ বেয়া প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে উল্লেখ হৈছে বিহাৰৰ নাম৷ অকল বিহাৰেই নহয়, সূচকাংকৰ তালিকাত অসম আৰু ঝাৰখণ্ডকো আটাইতকৈ বেয়া প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে চিহ্নিত কৰা হৈছে৷ বৃহস্পতিবাৰে নিটি আয়োগে প্ৰকাশ কৰে বহনক্ষম উন্নয়ন সূচকাংকৰ ২০২০-২১ৰ প্ৰতিবেদন৷ আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে মুকলি কৰা ভাৰতৰ বহনক্ষম উন্নয়ন সূচকাংকৰ তৃতীয়খন প্ৰতিবেদনত কেৰালাই ৭৫ নম্বৰৰ সৈতে শীৰ্ষ ৰাজ্য হিচাপে স্থান দখল কৰাৰ লগতে তামিলনাডু আৰু হিমাচল প্ৰদেশে যুটীয়াভাৱে ৭৪ নম্বৰৰ সৈতে দ্বিতীয় স্থান দখল কৰে৷ ইফালে, কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ক্ষেত্ৰত ছত্তীশগড়ে ৭৯ নম্বৰৰ সৈতে শীৰ্ষ স্থানত থকাৰ বিপৰীতে ৬৮ নম্বৰেৰে দিল্লীয়ে দখল কৰে দ্বিতীয় স্থান৷ সূচকাংকত ২০১৯ চনত তুলনাত মিজোৰাম, হাৰিয়ানা আৰু উত্তৰাখণ্ডই ক্ৰমে ১২, ১০ আৰু ৮ নম্বৰ বৃদ্ধিৰে এইবাৰ ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ স্মৰ্তব্য যে ২০১৯ চনত এই তালিকাত ১০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল ৬৫-৯৯ নম্বৰেৰে শীৰ্ষস্থানত আছিল৷ এইবাৰ এই স্থানত অতিৰিক্ত ১২খন ৰাজ্যযকেন্দ্ৰীয়শাসিত অঞ্চলে স্থান দখল কৰিবলৈ সক্ষম হয়৷ তালিকাৰ শীৰ্ষস্থানত এইবাৰ নতুনকৈ উল্লেখ হৈছে উত্তৰাখণ্ড, গুজৰাট, মিজোৰাম, হাৰিয়ানা, মহাৰাষ্ট্ৰ, পঞ্জাব, ত্ৰিপুৰা, দিল্লী, লাক্ষাদ্বীপ, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, জম্মু-কাশ্মীৰ আৰু লাডাখৰ নাম৷ ইপিনে, দেশৰ সামগ্ৰিক বহনক্ষম উন্নয়ন লক্ষ্যৰ নম্বৰ এইবাৰ ৬ পইণ্ট ঊধবৰ্গামী হয়৷ ২০১৯ চনত এই নম্বৰ আছিল ৬০৷ এইবাৰ এই পইণ্ট বৃদ্ধি হৈ ৬৬ হৈছে৷ লক্ষ্যপ্ৰাপ্তিৰ ক্ষেত্ৰত মূলতঃ লক্ষ্য ৬ [পৰিষ্কাৰ পানী আৰু অনামেয়] আৰু লক্ষ্য ৭ [সুলভ আৰু পৰিষ্কাৰ শক্তি]ত সমগ্ৰ দেশৰ প্ৰদৰ্শন পৰীক্ষা কৰা হৈছিল৷ এই দুয়োটা লক্ষ্যৰ বাবে ভাৰতে লাভ কৰিছে ক্ৰমান্বয়ে ৮৩ আৰু ৯২ নম্বৰ৷ উল্লেখ্য, ২০১৮ চনৰ ডিচেম্বৰ মাহত প্ৰথমবাৰৰ বাবে মুকলি কৰা এই সূচক দেশৰ বহনক্ষম উন্নয়নৰ লক্ষ্য নিৰীক্ষণৰ প্ৰাথমিক মাধ্যম হৈ পৰিছে৷ ফলত লক্ষ্যপ্ৰাপ্তিৰ ক্ষেত্ৰত ইয়াৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি হৈছে৷ ভাৰতত ৰাষ্ট্ৰসংঘৰ সহযোগত বিকাশৰ এই সূচকে বিশ্বব্যাপী লক্ষ্য আৰু লক্ষ্য পূৰণৰ ক্ষেত্ৰত দেশৰ যাত্ৰাত ৰাষ্ট্ৰীয় আৰু উপৰাষ্ট্ৰীয় পৰ্যায়ৰ অগ্ৰগতি নিৰূপণ কৰে৷