ক’ভিড কালৰ কেলেংকাৰি, বিপদত পৰি মাত হেৰাল মন্ত্ৰী সিংঘাল, হাউছিঙৰ অধ্যক্ষৰ
আমাৰ অসম, ৮ জুনঃ গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী অশোক সিংঘালৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় গেম্ছৰ বাবে নিৰ্মাণ কৰা গেম্ছ ভিলেজৰ ২২টা ফ্লেট এন জি অ’ক বিক্ৰীৰ বাবে জি এম ডি এ আৰু অসম ৰাজ্যিক গৃহনিৰ্মাণ ব’ৰ্ডে চলোৱা ষড়যন্ত্ৰ মুকলি হৈ পৰাত ৰাজ্যৰ নৱগঠিত চৰকাৰৰ অভ্যন্তৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে৷ যোৱা ২৫ ফেব্ৰুৱাৰীত ৰাজহুৱাভাৱে আৰম্ভ হোৱা বিক্ৰীৰ এই প্ৰক্ৰিয়াত নতুন চৰকাৰে শপত লোৱা আৰু অশোক সিংঘালে গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে কেৰোণ লাগে৷ ‘বিল্ডাৰ-কাম-মন্ত্ৰী’ অশোক সিংঘালে বিক্ৰীযোগ্য মুঠ ৪৩টা ফ্লেটৰ ক্ষেত্ৰত ধনৰ জিলিঙণি দেখে আৰু লগে লগে ‘বিল্ডাৰৰ বুদ্ধি’ ব্যৱহাৰ কৰি তাৰে ২২টা ফ্লেট এন জি অ’ৰ বাবে পৃথক কৰি পেলায়৷ কিয়নো অশোক সিংঘালৰ বাবে ২২টা এন জি অ’ থিয় কৰি দি নিজৰ বাবে ২২টা ফ্লেট ক্ৰয় কৰি লোৱাতো তেনেই সহজ কাম৷ অথচ পূৰ্বৰ চৰকাৰৰ কাৰ্যকালৰ শেষৰপিনে গেম্ছ ভিলেজৰ ফ্লেট বিক্ৰীৰ বাবে ৰাজহুৱা জাননী প্ৰকাশ কৰোঁতে কোনো ফ্লেট এন জি অ’ৰ বাবে পৃথকে ৰখা হোৱা নাছিল৷ কিন্তু অশোক সিংঘালে মন্ত্ৰী হৈয়েই এই ফ্লেটৰ ওপৰত চকু দি ২২টা ফ্লেট এন জি অ’কহে বিক্ৰী কৰাৰ সিদ্ধান্ত লৈ জাননী প্ৰকাশ কৰোৱায়৷ এই জাননী কেৱল বিক্ৰীৰ প্ৰক্ৰিয়া সম্পাদন কৰা অসম ৰাজ্যিক গৃহনিৰ্মাণ ব’ৰ্ডৰ কাৰ্যালয়তহে আছে৷ কোনো সংবাদ পত্ৰত বিজ্ঞাপন প্ৰকাশ কৰা হোৱা নাই৷
এইদৰে এন জি অ’ক বিক্ৰীৰ বাবে প্ৰায় গোপনে প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে মন্ত্ৰী অশোক সিংঘালৰ উদ্দেশ্য মুকলি হৈ পৰে৷ কিয়নো ২৪-২৬ লাখ টকাত বিক্ৰী হ’বলগীয়া এই ফ্লেটসমূহ সামান্য মেৰামতি কৰিলে ৬০-৭০ লাখ টকাত বিক্ৰী কৰিব পৰা যায়৷ সেয়ে কোনো অখ্যাত এন জি অ’ৰ জৰিয়তে এই ২২টা ফ্লেট ‘বিল্ডাৰ-কাম-মন্ত্ৰী’ অশোক সিংঘালে হস্তগত কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ উঠিছে৷ উল্লেখ্য, ফ্লেট বিক্ৰীৰ সম্পূৰ্ণ প্ৰক্ৰিয়া অসম ৰাজ্যিক গৃহনিৰ্মাণ ব’ৰ্ডৰ জৰিয়তে কৰোৱা হৈছে৷
ৰাজ্যৰ নতুন চৰকাৰৰ কাৰ্যকালৰ এই প্ৰথমটো কেলেংকাৰিৰ বিষয়ে প্ৰকাশ পোৱাত চৰকাৰৰ অভ্যন্তৰতো জোকাৰণিৰ সৃষ্টি হৈছে৷ ইয়াৰ প্ৰতিক্ৰিয়া কেনেকৈ ৰোধ কৰিব পৰা যায়, সেই শলা-পৰামৰ্শ কৰাৰ বাবে সোমবাৰে মন্ত্ৰী অশোক সিংঘালে এখন বৈঠক অনুষ্ঠিত কৰে৷ বৈঠকৰ পাছত এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী সিংঘালে এন জি অ’ক ফ্লেট বিক্ৰী কৰিবলৈ লোৱাৰ বিষয়ে একো নাজানে বুলিহে মন্তব্য কৰে৷ এই সন্দৰ্ভত তেওঁ সকলো ফাইল-নথি পৰীক্ষা কৰাৰো আশ্বাস দিয়ে৷ আনহাতে, গৃহ নিৰ্মাণ ব’ৰ্ডৰ অধ্যক্ষ যাদৱ ডেকাই এন জি অ’ক ফ্লেট বিক্ৰী কৰাৰ জাননী ভুৱা বুলি মন্তব্য কৰাৰ লগতে তেওঁক এই সন্দৰ্ভত কোনো কথা জনোৱা নাই বুলি কয়৷ পিছে ব’ৰ্ডৰ আয়ুক্ত ৰমেন শৰ্মাই কয় যে, সকলো জাননীৰ প্ৰতিলিপি অধ্যক্ষ ডেকাক দিয়া হৈছে আৰু এই বিষয়ত সকলো তথ্যই জনোৱা হৈছে৷ পিছে ৰহস্য হৈছে, কোনেও যদি নাজানেই তেন্তে ২২টা ফ্লেট এন জি অ’ক বিক্ৰীৰ সিদ্ধান্ত কোনে ল’লে? আৱাসিক অঞ্চলৰ ফ্লেট এন জি অ’ক বিক্ৰীক কৰাৰ সিদ্ধান্ত লোৱাৰ বাবেই বিষয়টো ক্ৰমাৎ অধিক ৰহস্যময় হৈ পৰিছে৷