
কথাতে বঁটা পাব কথাতে কটা যাব...
আমাৰ অসম, ৯ জুনঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত বহু নতুন বঁটাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এতিয়াৰে পৰা প্ৰতিবছৰে চৰকাৰে যোগ্য লোকক প্ৰদান কৰিব এই বঁটাসমূহ৷ আজি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰতিবছৰে চৰকাৰে ১৯টাকৈ বঁটা প্ৰদান কৰিব৷ ইয়াৰ বাবদ ৰাজকোষৰ পৰা প্ৰতিবছৰে ব্যয় হ’ব ৩৪ লাখকৈ টকা৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি নতুনকৈ প্ৰদান কৰিবলগীয়া বঁটাসমূহ হ’ল– অসম ৰত্নঃ সমাজলৈ তথা ৰাজ্যখনলৈ বিশেষ অৱদান আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰতি বছৰে নিয়মীয়াকৈ এই বঁটা প্ৰদান কৰা হ’ব৷ এই বঁটাত থাকিব পাঁচ লাখ টকা৷ এই বঁটা পূৰ্বেও দিয়া হৈছিল যদিও নিয়মীয়া হোৱা নাছিল৷ অসম বিভূষণঃ প্ৰতিবছৰে ৩গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা৷ এই বঁটাত থাকিব ৩ লাখ টকা৷ অসম ভূষণঃ প্ৰতি বছৰে ৫গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা৷ এই বঁটাত থাকিব ২ লাখ টকা৷ অসম শ্ৰীঃ প্ৰতি বছৰে ১০গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা৷ এই বঁটাত থাকিব ১ লাখ টকা৷ এই আটাইকেইটা বঁটাৰ ক্ষেত্ৰত বঁটাপ্ৰাপকসকলে আন কেতবোৰ সুবিধাও লাভ কৰিব৷ সেই সুবিধাসমূহৰ ভিতৰত আছে– গুৰুতৰ অসুখৰ বাবে বিনামূলীয়া চিকিৎসা, অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়াকৈ যাত্ৰাৰ সুবিধা আদি৷ এই বঁটাসমূহ প্ৰতিবছৰে অসম দিৱসৰ দিনা প্ৰদান কৰা হ’ব৷ আনহাতে, সাহিত্য, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰসমূহৰ ক্ষেত্ৰতো পেন্সন তথা বিভিন্ন বঁটাসমূহ প্ৰদানৰ বাবেও নিৰ্দিষ্ট তাৰিখ আজিৰ কেবিনেটে ঘোষণা কৰে৷ এতিয়াৰে পৰা ১৫ আগষ্টৰ আগদিনা একেলগে সকলো ক্ষেত্ৰৰ পেন্সন ঘোষণা কৰা নহয়৷ সেইমতে, সাহিত্যিক পেন্সন হোমেন বৰগোহাঞিৰ নামত তেওঁৰ জন্মদিনৰ দিনা [৭ ডিচেম্বৰ] প্ৰদান কৰা হ’ব৷ ক্ৰীড়া পেন্সন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ দিনা [৩ ছেপ্টেম্বৰ] প্ৰদান কৰা হ’ব আৰু শিল্পী বঁটা ১৭ জানুৱাৰীত প্ৰদান কৰা হ’ব৷ এই বঁটাসমূহ বঁটা প্ৰদান অনুষ্ঠানৰ সাত দিন পূৰ্বে ঘোষণা কৰা হ’ব৷ লক্ষ্যণীয়ভাৱে ৰাজ্য চৰকাৰে নতুনকৈ ১৯টা বঁটা ঘোষণা কৰিলেও পূৰ্বতে চৰকাৰে দিয়া বহু বঁটা আজি অনিয়মীয়া হৈ পৰিছে৷ বছৰৰ পাছত বছৰ ধৰি প্ৰদান কৰা নাই বহু বঁটা৷ আনকি বহু বঁটা আজি পাহৰণিৰ গৰ্ভত৷ উল্লেখ্য, ৰাজ্য চৰকাৰৰ অধীনত প্ৰদান কৰা বঁটাৰ অধিকাংশৰ দায়িত্বত আছে সাংস্কৃতিক বিভাগ৷ বিভাগটোৰ অধীনত মুঠ ২৫টা বঁটা প্ৰদান কৰা হয়৷ ইয়াৰে ৯টা বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ৷ ৰাজ্য চৰকাৰৰ সূত্ৰৰ মতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰতি তিনিবছৰৰ মূৰে মূৰে প্ৰদান কৰিব লাগে যদিও ২০১৪ চনত শেষৰবাৰৰ কাৰণে বঁটা প্ৰদান কৰা হয়৷ ঠিক তেনেদৰে প্ৰতিবছৰে প্ৰদান কৰিবলগীয়া ৰাজ্যিক পৰ্যায়ৰ বিষ্ণুৰাভা বঁটা ২০১৬ চনৰ পিছত আৰু প্ৰদান কৰা হোৱা নাই৷ প্ৰতিবছৰে প্ৰদান কৰা শিল্পী বঁটা ২০১৬ চনত দিয়া হৈছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বীৰ চিলাৰায় বঁটা প্ৰতি তিনিবছৰৰ মূৰে মূৰে দিব লাগে যদিও ২০০৮ চনতে শেষৰবাৰৰ কাৰণে এই বঁটা প্ৰদান কৰা হৈছিল৷ লক্ষ্যণীয়ভাৱে মঙলবাৰে পুনৰ ঘোষণা কৰা ‘অসমৰত্ন’ বঁটা ২০০৮ চনতে চৰকাৰে প্ৰৱৰ্তন কৰিছিল৷ প্ৰতি তিনি বছৰৰ মূৰে মূৰে এই বঁটা দিব লাগে৷ ৰাজ্যিক পৰ্যায়ৰ এই বঁটা ২০০৮ চনত ড॰ ভূপেন হাজৰিকাক, ২০১২ চনত ড॰ মামনি ৰয়চম গোস্বামীক প্ৰদান কৰা হয়৷ তাৰ পাছৰে পৰা বন্ধ হৈ পৰে এই বঁটা প্ৰদানৰ প্ৰক্ৰিয়া৷ প্ৰতি তিনিবছৰৰ মূৰে মূৰে প্ৰদান কৰিবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাধৱদেৱ বঁটা ২০০৯ চনত ড॰ লক্ষ্মীনন্দন বৰা আৰু ২০১৩ চনত অধ্যাপক মৃণাল মিৰিক প্ৰদান কৰাৰ পাছত বৰ্তমানলৈ এই বঁটা আৰু কাকো প্ৰদান কৰা নহ’ল৷ এইটো এটা উদাহৰণহে মাত্ৰ৷ ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ যিসমূহ বঁটা প্ৰৱৰ্তন কৰিছিল তাৰে অধিকাংশ ২০১৬ চনৰ পিছত আৰু প্ৰদান কৰা হোৱা নাই৷ ২০১৭ চনত কেৱল শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা নৃত্যাচাৰ্য যতীন গোস্বামীক প্ৰদান কৰা হৈছিল৷ ৰাজ্য চৰকাৰে ইতিপূৰ্বে প্ৰৱৰ্তন কৰা ২৫টা বঁটাৰ অধিকাংশই ইতিমধ্যে পাহৰণিৰ গৰ্ভত সোমাই পৰাৰ পাছত চৰকাৰে মঙলবাৰে নতুনকৈ একাধিক বঁটাৰ সিদ্ধান্ত ঘোষণা কৰে। মঙলবাৰে ঘোষণা কৰা বঁটাৰ বেছিভাগেই শিল্পী-সাহিত্যিক-বুদ্ধিজীৱীক আগবঢ়োৱা হ’ব৷ বহুতে প্ৰশ্ন তুলিছে যে য’ত কৰ’নাৰ সময়ত দৰিদ্ৰ-মধ্যবিত্তৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে, নিবনুৱাৰ সংখ্যা বাঢ়িছে, বহু লোক কৰ্মহীন হৈ পৰিছে, সেই সময়ত ৰাজকোষৰ ধন ব্যয় কৰি এনেদৰে নতুন নতুন বঁটা ঘোষণা কৰিছে৷ বহুতৰ সন্দেহ হৈছে ইয়াৰ আঁৰত ৰাজ অনুগ্ৰহণৰ বাবে বহুতে আপোচমুখী অৱস্থান ল’ব৷ উল্লেখ্য, ‘কা’বিৰোধী আন্দোলনৰ বুজনসংখ্যক শিল্পী-সাহিত্যিক-বুদ্ধিজীৱীয়ে অংশ গ্ৰহণ কৰিছিল৷ কিন্তু ইয়াৰে বহুতে মঙলবাৰে ‘কা’ৰ সমৰ্থনত নামি পৰিছে৷ ‘কা’ৰ বিৰুদ্ধে অভিযান চলাই অখিল গগৈৰ পৰা আৰম্ভ কৰি দেৱাংগণা কলিতা পৰ্যন্ত আজিও জে’লত আছে৷ ফেচবুক বা ছ’চিয়েল মিডিয়াত চৰকাৰবিৰোধী মন্তব্য কৰি জে’লৰ ভাত খাবলগীয়া হৈছে বহু অসমীয়া যুৱক৷ অৱশ্যে এতিয়া ‘কা’ আন্দোলনক লৈ চৰকাৰ যথেষ্ট কঠোৰ৷ গতিকে পৰিস্থিতি এনেকুৱা হ’ল যে অসমৰ ৰাইজৰ বাবে এতিয়া দুটা পথে খোলা আছে৷ কথাত বঁটাও পাব পাৰে বা কথাত কটাও যাব পাৰে৷ আনহাতে, মঙলবাৰৰ কেবিনেট বৈঠকত অন্য কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ বটদ্ৰৱা থানৰ প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্পৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত ৩৫ বিঘা ২ কঠা ২ লেচা ভূমি সংযোজনক কেবিনেটে অনুমোদন জনায়৷ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই প্ৰতিমাহে এই প্ৰকল্পৰ পৰ্যালোচনা কৰিব আৰু প্ৰকল্পৰ কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাটো নিশ্চিত কৰিব৷ দুৰ্যোগ ব্যৱস্থাপনাৰ দিশত এক বৃহৎ প্ৰশাসনিক সংস্কাৰ হিচাপে বছৰটোৰ ১ এপ্ৰিলৰ পৰা ৩১ অক্টোবৰৰ সময়ছোৱাৰ ভিতৰত সংঘটিত প্ৰাকৃতিক দুৰ্যোগসমূহ বিশেষকৈ বানপানীৰ আনুসংগিক ক্ষয়-ক্ষতিৰ তাৎক্ষণিক সাহায্য বা ক্ষতিপূৰণ প্ৰদানৰ কতৃৰ্ত্ব উপায়ুক্তক প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ বানপানীত ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিৰ মেৰামতি বা তেনেধৰণৰ জৰুৰী সাহায্যৰ ক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট জিলাৰ তত্বাৱধায়ক মন্ত্ৰীৰ সৈতে আলোচনা কৰি তৎকালীনভাৱে এনে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব৷ নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত কৰাৰ বাবে কেবিনেটে পৰামৰ্শ আগবঢ়ায়৷ এতিয়াৰ পৰা ৰাজ্যৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়তে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ভাৰতৰত্ন গোপীনাঠ বৰদলৈৰ প্ৰতিচ্ছবি বাধ্যতামূলক হিচাপে ৰখাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটি অঞ্চলত থকা ৭৭ হাজাৰ বিঘা চৰকাৰী ভূমিত কৃষি বিভাগৰ জৰিয়তে চৰকাৰীভাৱে খেতি কৰাৰ বিতং পৰিকল্পনা প্ৰস্তুতৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এখন সমিতি গঠন কৰি দিয়ে৷ এই সমিতিৰ অন্যান্য সদস্যসকল হৈছে সাংসদ দিলীপ শইকীয়া, বিধায়ক মৃণাল শইকীয়া আৰু স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী৷ কৃষি বিভাগৰ সঞ্চালক বিনোদ শেষানক সদস্য-সচিব হিচাপে লৈ গঠন কৰা এই সমিতিয়ে নিজৰ প্ৰতিবেদন কেবিনেটত দাখিল কৰিব৷