Logo
image

এই মাহতে অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ শেষ সুযোগ হিমাৰ

আমাৰ অসম, ১১ জুনঃ ‘ধিং এক্সপ্ৰেছ’ হিমা দাসৰ সন্মুখত বিশেষ প্ৰত্যাহ্বান৷ জুলাইত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ এই মাহতে অন্তিমবাৰলৈ সুযোগ পাব হিমা দাসে৷ ২১ জুনৰ পৰা ২৯ জুনলৈ পাটিয়ালাত অনুষ্ঠিত হ’বলগীয়া ৬০সংখ্যক ৰাষ্ট্ৰীয় ৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছ চেম্পিয়নশ্বিপ আৰু ইণ্ডিয়ান গ্ৰাঁ প্ৰি-৪ত হিমা দাসে ভাগ ল’ব৷ ২১ জুনৰ পৰা ইণ্ডিয়ান গ্ৰাঁ প্ৰি আৰু ২৫ জুনৰ পৰা আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব৷ ইয়াতে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ শেষ সুযোগ পাব হিমা দাসে৷ ২১ জুনৰ পৰা অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী এই চেম্পিয়নশ্বিপ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় এথলেটিক্‌ছ ফেডাৰেশ্বনে [এএফআই]৷ ইতিপূৰ্বে এএফআইৰ উদ্যোগত কিৰ্গিস্তান আৰু কাজাখস্তানলৈ হিমা দাসকে ধৰি ৪০গৰাকী এথলীটক পঠিওৱাৰ পৰিকল্পনা কৰা হৈছিল যদিও ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিভিন্ন দেশৰ সৈতে ভাৰতৰ যোগাযোগ ব্যহত হোৱাৰ সূত্ৰে সেই চেষ্টা সফল নহ’ল৷ কিৰ্গিস্তান আৰু কাজাখস্তানৰ নতুন ক’ভিড নীতি মতে, সেই দেশলৈ যোৱা যিকোনো লোকে দেশ দুখনত পদাৰ্পণ কৰাৰ লগে লগে ১৪ দিন কোৱাৰেণ্টাইনত থাকিব লাগিব৷ আনকি ভেক্‌চিনৰ দুয়োটা পালি ল’লেও আৰু আৰটিপিচিআৰ টেষ্টত ‘নিগেটিভ’ আহিলেও ১৪দিনীয়া কোৱাৰেণ্টাইন দুয়োখন দেশতে বাধ্যতামূলক৷ এই জটিলতাৰ বাবেই এএফআয়ে দুয়োখন দেশলৈ দল পঠিওৱাৰ পৰিকল্পনা বাতিল কৰে৷ ফলত অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী খেলত ভাগ লোৱাৰ পৰা হিমা দাসো বঞ্চিত হয়৷ সেইসূত্ৰে ২১ জুনৰ পৰা পাটিয়ালাত আৰম্ভ হ’বলগীয়া চেম্পিয়নশ্বিপ হিমা দাসৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ কিয়নো ইয়াৰ পাছত টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনকাৰী কোনো খেলত অংশ ল’বলৈ তেওঁ আৰু সুযোগ নাপাব৷ হিমা দাসে টকিঅ’ অলিম্পিকত মহিলাৰ ৪x১০০ মিটাৰ ৰীলেত ভাগ লোৱাৰ কথা৷ অৱশ্যে তাৰ পূৰ্বে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব লাগিব হিমাই৷ পাটিয়ালাত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নশ্বিপত ভাৰতৰ উপৰি শ্ৰীলংকা, বাংলাদেশ, চাইনিজ টাইপে’, মালয়েছিয়া আৰু কাজাখস্তানৰ এথলীটে ভাগ ল’ব আৰু টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ চেষ্টা চলাব৷ হিমা দাসৰ উপৰি দেশৰ তাৰকা দৌৰবিদ দ্যুতি চান্দ আৰু জিনছন জনছনে পাটিয়ালাতেই টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ অন্তিম সুযোগ লাভ কৰিব৷ ভাৰতীয় এথলেটিক্‌ছ ফেডাৰেশ্বনৰ সভাপতি আদিল জে ছুমাৰিৱালাই ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিক্‌ছৰ সূচী ঘোষণা কৰি কয় যে এইবাৰৰ প্ৰতিযোগিতা পাটিয়ালাৰ দুঠাইত অনুষ্ঠিত হ’ব– নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানত ২৪টা আৰু পঞ্জাব বিশ্ববিদ্যালয় গ্ৰাউণ্ডত ১৯টা ইভেণ্টৰ খেল অনুষ্ঠিত হ’ব৷ উল্লেখ্য, ক’ভিডৰ বাবে ভাৰতৰ ট্ৰেক এণ্ড ফিল্ড এথলীটসকলে বিগত প্ৰায় এবছৰ ধৰি অলিম্পিকৰ যোগ্যতা নিৰ্ণায়ক ইভেণ্টত ভাগ ল’ব পৰা নাই৷ ইয়াৰ পূৰ্বে বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান গ্ৰাঁ প্ৰি আৰু আন্তঃৰাজ্যিক এথলেটিক্‌ছ চেম্পিয়নশ্বিপ লকডাউনৰ বাবে বাতিল কৰা হৈছিল৷ পাটিয়ালাত হিমা দাসে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি টকিঅ’ অলিম্পিকত ভাগ ল’বৰ বাবে যোগ্যতা অৰ্জন কৰক– এয়াই অসমবাসীৰ আশা৷