Logo
image

ঐক্যবদ্ধ আঞ্চলিক শক্তিয়েই একমাত্ৰ পথ

... ধৰ্মীয় ৰাজনীতিৰ বাবেই কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোঁট নামনি অসমত জয়ী হ’ব, তাৰ প্ৰতিক্ৰিয়াতে ধৰ্মীয় মেৰুকৰণ কৰি উজনি অসমত আগ্ৰাসী হৈ উঠিব হিন্দুত্ববাদী দল৷ উজনিত বিজেপিক প্ৰতিৰোধ কৰিবলৈ আৰু নামনিত ধৰ্মীয় বিভাজন ৰোধ কৰিবলৈ আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ কোনো বিকল্প নাই৷ কংগ্ৰেছ-এ আই ইউ ডি এফৰ ৰাজনৈতিক জোঁটবন্ধনৰ পাছত এয়া আমাৰ বাবে বাধ্যবাধকতাত পৰিণত হ’ল৷ অসমক অহা ৩০ বছৰলৈ সাম্প্ৰদায়িকতাবাদীহঁতৰ পৰা ৰক্ষা কৰিবলৈ এতিয়াৰ একমাত্ৰ পথটো হ’ল আঞ্চলিক শক্তিসমূহৰ একতা ...

‘এক দল, এখন পতাকা, এটা প্ৰতীক’ৰ আহ্বানেৰে অসমত সকলোকে মিলি এটা আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্ৰস্তাৱ দিয়াৰ পাছতে একাংশ প্ৰগতিশীল বুদ্ধিজীৱীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাৰুদ্ধ উপদেষ্টা অখিল গগৈক সমালোচনাৰ লক্ষ্য কৰি লৈছে৷ তেওঁলোকৰ আপত্তিটো হ’ল– গগৈয়ে আঞ্চলিক শক্তিক একেলগ হ’বলৈ কোৱাটো৷ কিয় কৃষক মুক্তি কংগ্ৰেছৰ মহাজোঁটত চামিল নহ’ব, বাঁওপন্থীসকলক কিয় নল’ব, এ আই ইউ ডি এফক কিয় সাম্প্ৰদায়িক বুলি আঁতৰাই পঠিয়াব আদিয়ে হ’ল তেওঁলোকৰ মূল আপত্তি৷ তেওঁলোকৰ মতে কৃষক মুক্তিয়ে আঞ্চলিকতাবাদৰ কথা কৈ, বিশেষকৈ ‘আছু’ক ঐক্যবদ্ধ হ’বলৈ কৈ নিজৰ পূৰ্বৰ প্ৰগতিশীল মতাদৰ্শ এৰিব খুজিছে৷ বিজেপি-আৰ এছ এছক প্ৰতিৰোধ কৰিবলৈ তেওঁলোকৰ মতে কৃষক মুক্তিয়ে কংগ্ৰেছৰ মহাজোঁটত যোগ দিব লাগে৷ ইয়াৰ বিপৰীতে কৃষক মুক্তিয়ে বাৰম্বাৰ এক ঐক্যবদ্ধ আঞ্চলিক দলৰ জৰিয়তেহে শাসনাধিষ্ঠিত বিজেপি-আৰ এছ এছক ক্ষমতাচ্যুত কৰিব পৰা যাব বুলি ঘোষণা কৰি আহিছোঁ৷ এনে প্ৰেক্ষাপটত আমি স্পষ্ট কৰি দিওঁ যে অখিল গগৈ আদৰ্শৰ পৰা আঁতৰি অহাৰ প্ৰশ্নই নুঠে৷ আমি পূৰ্বেও দেখি আহিছোঁ যে গভীৰ অধ্যয়নপুষ্ট কৃষক নেতাজনে সদায়ে তত্ত্বক বাস্তৱৰ লগত গভীৰ আত্মীয়তাৰে বান্ধি পেলোৱাৰ চেষ্টা কৰে৷ বহুতে প্ৰথমে তত্ত্বটো আওৰাই লয়, তাত হুবহু বাস্তৱক বহুৱাবলৈ চেষ্টা কৰে৷ অখিল গগৈয়ে তত্ত্বৰ কথা কেতিয়াও নকয়, কিন্তু তত্ত্বায়ন কৰে বাস্তৱতাত৷ গতিকে আমাৰ স্পষ্ট কথা– আঞ্চলিকতাবাদী শক্তিসমূহৰ ঐক্যমঞ্চৰ দ্বাৰাহে বৰ্তমানৰ পৰিস্থিতিত বিজেপিক প্ৰতিৰোধ কৰা সম্ভৱ৷ আমাৰ এই ধাৰণা নিজৰ স্থিতিৰ পৰা পলায়ন নহয়, বৰং গভীৰ ৰাজনৈতিক চিন্তা-চৰ্চা আৰু জনগণৰ লগত থকা আত্মীয় সম্পৰ্কৰহে পৰিণতি৷


পূৰ্বৰে পৰা অসমৰ সমাজ জীৱনত অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেনেকৈ কাম কৰে, সেইটো সকলোৱে জানে৷ এইক্ষেত্ৰত দুটা উদাহৰণ দাঙি ধৰিব খুজিছোঁ৷ বৃহৎ নদীবান্ধ বিষয়টো যদিও চাওঁ, বৃহৎ নদীবান্ধ বিৰোধিতা কৰোঁতে তেওঁ এই কাৰ্যক কাচিৎহে পানীৰ কৰ্প’ৰেটাইজেশ্বন বুলি কয়; বেছিকৈ কয়, সঘনে কয়, প্ৰকৃতি আৰু পৰিৱেশৰ ক্ষতিৰ কথা, কয় অসমৰ নদীপৰীয়া জনজীৱন তচনচ হোৱাৰ সম্ভাৱনাৰ কথা, কয় অসমৰ জাতীয় জীৱনৰ লোকচানৰ কথা; অসমে ৰয়েল্টী নোপোৱাৰ কথা৷ এনেকৈ কয় যে মানুহে কোনেও জাতীয় প্ৰশ্নটোক উলাই কৰি প্ৰগতিশীল মতাদৰ্শৰ পৰিসৰটোৰ ওৰণি গুচাই নাচায়৷ ফলত বৃহৎ নদীবান্ধ বিৰোধিতা সকলো শ্ৰেণীৰ মানুহৰ প্ৰশ্নত, জাতীয় বিষয়ত পৰিণত হোৱাৰ সুবিধা হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ দৰে সংগঠনে ‘বৃহৎ নদীবান্ধ আমি বিৰোধিতা কৰোঁ’ বুলি অৱস্থানত উপনীত হোৱাৰ ক্ষেত্ৰত এনে পৰিৱেশে সাংঘাতিক ক্ৰিয়া কৰে৷ তাৰ ফলত আমি দেখিছিলোঁ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীটো অসমৰ কেৱল প্ৰভাৱিত হ’বলগীয়া এলেকাৰ স্থানীয় মানুহৰে দাবী হৈ নাথাকিল, ই জাতীয় দাবীত পৰিণত হ’ল৷

টোলগেট বন্ধৰ কথাটো বাৰু ব্যাখ্যা নকৰোঁ; তাৰ উপকাৰিতা প্ৰতিজন অসমীয়াই পালে৷ কিন্তু ‘নাগৰিকত্ব’ [সংশোধনী] আইন, ২০১৯’ বা ‘কা’ বিষয়টো তন্নতন্নকৈ ব্যাখ্যা কৰা, তাক জাতীয় বিষয়ৰূপে প্ৰতিষ্ঠা কৰা, নিৰলসভাৱে বিষয়টোত লাগি থকা, সকলো শ্ৰেণীৰ মানুহৰ মাজত এই আন্দোলনটোক জনপ্ৰিয় কৰা, সকলোকে জড়িত কৰোৱা– এই সমগ্ৰ প্ৰক্ৰিয়াটোত অখিল গগৈৰ ভূমিকা কেৱল ঐতিহাসিকেই নহয়, সি আছিল অতিকে কলাসুলভো৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য জাতীয় সংগঠনৰ নিৰলস ‘কেব’বিৰোধী আন্দোলনে সৰ্বশেষত সমগ্ৰ ৰাজ্যখনৰ জনতাকে আলোড়িত কৰি গ’ল৷ এতিয়া হয়তো কোনোবাই এইবোৰ কথা অস্বীকাৰ কৰিব পাৰিব, কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই ঐতিহাসিক ভূমিকাক লুকুৱাই পেলোৱাটো সম্ভৱপৰ নহ’ব৷

কাৰাগাৰত অখিল গগৈয়ে বিস্তৃতভাৱে কি ভাবিছে আমিও নাজানো৷ তেওঁ প্ৰায় দহ মাহ জে’লত বন্দী৷ ৰাজহুৱাকৈ তেওঁ ইংগিত দিছে– আগ্ৰাসী সাম্প্ৰদায়িক ফেচিবাদক এই বিশেষ সময়ত অসমত কেৱল আৰু কেৱল আঞ্চলিক জাতীয়তাবাদেহে কাৰ্যকৰী ধৰণে প্ৰতিৰোধ কৰিব পাৰিব৷ এয়াই আমাৰ বাবে চিন্তাৰ খোৰাক৷ তেওঁ জে’লৰ পৰা ‘অসমবাসীৰ জাতীয় কৰ্মসূচী’ এখন সংগঠনৰ বাবে পঠিয়াই দিছে৷ অসমীয়া জাতিৰ উন্নয়নৰ আন্তঃগাঁথনি তৈয়াৰ কৰাৰ, আধুনিক যুগলৈ ধাৱমান হোৱাৰ, ই এখন দস্তাবেজ হ’ব বুলিয়ে আমি বিশ্বাস কৰোঁ৷

আমাৰ উপদেষ্টাজনৰ ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দলৰ আহ্বানৰ স্থিতিৰ বিৰুদ্ধে একাংশ প্ৰগতিশীল লোকে যি উৎকট উগ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তাক লৈ আমি আচৰিত নহৈ নোৱাৰোঁ৷ পূৰ্বতে ‘অখিল গগৈক মুক্তি দিয়ক’ শ্লোগান গৈ এতিয়া ‘কা’বিৰোধী কাৰাবন্দীক মুক্তি দিয়ক’ শ্লোগানলৈ পৰ্যৱসিত হৈছে৷ একাংশ প্ৰগতিশীল লোকৰ এনে আচৰণ নি(য় উদ্বেগৰ বিষয়৷

ৰাষ্ট্ৰই কিন্তু অখিল গগৈক ‘সঠিক’ মূল্যায়নেই কৰি আছে৷ বিজেপি চৰকাৰে তেওঁক প্ৰথমে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ [এনএছএ] অধীনত গ্ৰেপ্তাৰ কৰিলে আৰু এইবাৰ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ [এনআইএ] দ্বাৰা বন্দী কৰি ৰাখিছে আৰু জে’লৰ পৰা ওলোৱাৰ সকলো পথ ৰুদ্ধ কৰাৰ চেষ্টাৰ ত্ৰুটি কৰা নাই৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ভ্ৰাতৃ সংগঠনসমূহক নিষিদ্ধ সংগঠনৰ দৰেই আচৰণ কৰি সকলো কাৰ্যসূচীত বাধা প্ৰদান কৰি আহিছে৷

আছুৱে কৈছে কৃষক মুক্তিৰ লগত তেওঁলোকৰ মতাদৰ্শ আৰু কৰ্মপন্থা নিমিলে৷

অখিল গগৈক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ যোৱা সতীৰ্থক তেওঁ বাৰম্বাৰ কৈছে– বিজেপিৰ সমান্তৰালভাৱে এ আই ইউ ডি এফৰ বিৰুদ্ধেও সমানে কঠোৰ হ’ব লাগিব৷ বিজেপি-আৰ এছ এছৰ সাম্প্ৰদায়িক ফেচিবাদৰ বিৰুদ্ধে যুঁজাৰ মানসিক ভিত্তি শক্তিশালী কৰিবলৈকে ই অপৰিহাৰ্য৷ প্ৰগতিশীলসকলৰ লগত অধিক সদ্ভাব বৰ্তাই ৰাখিবলৈও তেওঁ বাৰম্বাৰ সতীৰ্থসকলক অনুৰোধ জনাইছিল৷ কিন্তু বাঁওপন্থীয়ে এ আই ইউ ডি এফৰ লগত ‘মহাজোঁট’ত চামিল হ’লে তাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যুক্ত হোৱাটো সম্ভৱপৰ নহ’ব৷ আমি অনুৰোধ জনাওঁ, বামপন্থী দলবোৰে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোঁটত নহয়, আঞ্চলিক দলবোৰৰ ঐক্যমঞ্চতহে যোগ দিয়ক৷

আমি ভাবোঁ, ধৰ্মীয় ৰাজনীতিৰ বাবেই কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোঁট নামনি অসমত জয়ী হ’ব, তাৰ প্ৰতিক্ৰিয়াতে ধৰ্মীয় মেৰুকৰণ কৰি উজনি অসমত আগ্ৰাসী হৈ উঠিব হিন্দুত্ববাদী দল৷ উজনিত বিজেপিক প্ৰতিৰোধ কৰিবলৈ আৰু নামনিত ধৰ্মীয় বিভাজন ৰোধ কৰিবলৈ আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ কোনো বিকল্প নাই৷ কংগ্ৰেছ-এ আই ইউ ডি এফৰ ৰাজনৈতিক জোঁটবন্ধনৰ পাছত এয়া আমাৰ বাবে বাধ্যবাধকতাত পৰিণত হ’ল৷ অসমক অহা ৩০ বছৰলৈ সাম্প্ৰদায়িকতাবাদীহঁতৰ পৰা ৰক্ষা কৰিবলৈ এতিয়াৰ একমাত্ৰ পথটো হ’ল আঞ্চলিক শক্তিসমূহৰ একতা৷

‘কা’বিৰোধী আন্দোলনৰ পৰৱৰ্তী সময়ত অসমীয়া জাতিক একেলগ কৰিবলৈ অখিল গগৈয়ে দিয়া শ্লোগান ‘এক দল, এক পতাকা, এটা প্ৰতীক’ ঐতিহাসিক ঘটনা হিচাপেই ৰৈ যাব৷ কোনোবাই মানি নল’ব পাৰে এই শ্লোগান, কোনোবাই বিৰোধিতা কৰিব পাৰে তেওঁৰ আহ্বান, কিন্তু ই আমাৰ জাতীয় জীৱনক বাৰুকৈয়ে চুই গ’ল৷ ঐক্যবদ্ধ নোহোৱাৰ পৰিণতি সকলোৱে এদিন দেখিবলৈ পাব৷ এতিয়াও কৃষক মুক্তিয়ে এটা ঐক্যমঞ্চ গঠন কৰাৰ কথা আন্তৰিকতাৰে কৈ আছে৷ একাংশ আঞ্চলিকতাবাদী শক্তিৰ অহংকাৰ, অৱহেলা আৰু হেমাহিয়ে জাতিক যাতে ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে, তাৰ বাবে সকলোৱে বিষয়টোক লৈ সক্ৰিয় হোৱা প্ৰয়োজন৷

সকলোৰে ভুল বুজাবুজি আঁতৰ কৰিবলৈ শেষত কওঁ– জে’লত থকা অৱস্থাত অখিল গগৈয়ে সতীৰ্থৰ জৰিয়তে পঢ়িবলৈ খুজি লৈ যোৱা কিতাপকেইখন হৈছে– The Comprehensive History of Assam, The Political History of Assam, Planter Raj to Swaraj, গান্ধীৰ Village Swaraj, The Constitution of India, ৰামচন্দ্ৰ গুহৰ Gandhi the Years That Changed the World, টেৰী ঈগলটনৰ Why Marx was Right, ডেভিদ মেকলেলানৰ Thought of Karl Marx, এন্থনী ডি স্মিথৰ Theories of Nationalism, ড॰ মহেন্দ্ৰ বৰাই অসমীয়ালৈ অনুবাদ কৰা ‘গীতা’; Gujrat Files নামৰ কিতাপখন আৰু মহিম বৰাৰ গল্প সমগ্ৰ৷ তদুপৰি মান্থলী ৰিভিউ নামৰ আলোচনীখনৰ কেইটামান বিশেষ সংখ্যা, প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাৰ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীৰ প্ৰতিবেদন আৰু লকডাউনত অসমত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি বিশেষজ্ঞসকলে দিয়া প্ৰতিবেদন আদিও তেওঁ সতীৰ্থসকলক অনুৰোধ কৰি সংগ্ৰহ কৰি লৈছে৷ অৰ্থাৎ, তেওঁ কাৰাগাৰত এনেয়ে বহি থকা নাই, চিন্তা-চৰ্চা, পঢ়া-শুনা অব্যাহত ৰাখিছে৷ অসমীয়া জাতি আৰু জনগণৰ সৰ্বতোপ্ৰকাৰৰ সুৰক্ষা আৰু উন্নয়নেই তেওঁৰ প্ৰধান চিন্তা৷

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সম্ভৱপৰ সকলোকে সামৰি অচিৰেই এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিব৷ সেই আঞ্চলিক দলে অসমৰ সকলো জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু সকলো আঞ্চলিক ৰাজনৈতিক শক্তিক একেলগ কৰাৰ বাবে যত্নৱান হ’ব৷ ‘কা’বিৰোধী সকলো জাতীয়তাবাদী আৰু প্ৰগতিশীল লোককে একত্ৰিত কৰাই আমাৰ উদ্দেশ্য৷ সেই আঞ্চলিক দলে সকলো আঞ্চলিক ৰাজনৈতিক দলক ঐক্যমঞ্চ এখনলৈ অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব৷ আমি আশা কৰিম, এই ঐক্যবদ্ধ আঞ্চলিক শক্তিয়ে বিজেপি-আৰ এছ এছক প্ৰতিৰোধ কৰিব পাৰিব৷ আশা কৰিম অখিল গগৈয়েও শত্ৰুৰ বেহুৰ জাল ফালি মুকলি আকাশৰ তললৈ ওলাই আহিব আৰু আমাক তেওঁ আকৌ নেতৃত্ব দিব৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত, কিন্তু বিভিন্ন জাতীয় সংগঠন আৰু আঞ্চলিক শক্তিৰ সমূহীয়া নেতৃত্বত গঠন হ’বলগীয়া প্ৰস্তাৱিত প্ৰগতিশীল, সুস্থ জাতীয়তাবাদী, ঐক্যবদ্ধ আৰু সকলোকে সামৰি লোৱা আঞ্চলিক দলটোত যোগ দিবলৈ আমি সকলোকে আমন্ত্ৰণ জনালোঁ৷

[লেখক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি]