Logo
image

শূন্য সহনশীল নীতি আৰু পৰীক্ষা কেলেংকাৰী

২০১৬ চনত তৰুণ গগৈ চৰকাৰৰ চৰম ভ্ৰষ্টাচাৰ তথা অপশাসনক ওফৰাই অসমৰ জনতাই এখন পৰিৱৰ্তন আনিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰক শাসনত বহুৱাইছিল৷ সকলোৰে আনন্দ সৰ্বানন্দ শ্লোগানেৰে জনতাৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হোৱা বিজেপি দলটোৱে আশা কৰা ধৰণেই আসন লাভ কৰিছিল আৰু চৰকাৰ গঠন কৰিছিল৷ সৰ্বানন্দ সোণাৱালে শপত গ্ৰহণ কৰিয়েই অসমৰ জনতাক দুটা প্ৰধান প্ৰতিশ্ৰুতি দিছিল৷ তাৰ প্ৰথমটোৱেই হ’ল দুন¹তিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি আৰু প্ৰদূষণমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বাবে অসমৰ জনতাৰ মনত বিশেষ আশাৰ সঞ্চাৰ হৈছিল৷ কাৰণ সমাজখন দুৰ্নীতিয়ে এফালৰ পৰা ছানি ধৰিছিল৷ সামাজিক স্তৰৰ পৰা ব্যক্তিগত স্তৰলৈকে সকলোতে হোৱা দুন¹তিয়ে সমাজখন এফালৰ পৰা খুলি খুলি খাইছিল৷ ৰাস্তা-ঘাট-দলং নিৰ্মাণৰ পৰা চৰকাৰী বিভাগৰ লগতে চাকৰি-বাকৰি সকলোতে হোৱা অবাধ দুৰ্নীতিয়ে মানুহক অতিষ্ঠ কৰি তুলিছিল৷ বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ শেষৰ কাৰ্যকালত সংঘটিত হোৱা এ পি এছ চি কেলেংকাৰীয়ে চৰকাৰখনক অস্বস্তিত পেলোৱাই নহয় শাসন ক্ষমতা হেৰুওৱাতো মুখ্য ভূমিকা লৈছিল৷ এই দুৰ্নীতিবিৰোধী সংগ্ৰামৰ বোকোচাত উঠিয়েই শাসনত বহা সৰ্বানন্দ সোণোৱাল চৰকাৰে এ পি এছ চি কেলেংকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু ৰহস্যজনক কাৰণত এই কেলেংকাৰীত সাঙোৰ খাই পৰা কেইবাজনো লোকক আজিকোপতি সামান্য সোধা-পোছাও নকৰিলে৷ তদুপৰি যি প্ৰক্ৰিয়াৰে সেইসকল আৰক্ষী তথা আন আন চাকৰিপ্ৰাপ্তক নিলম্বিত কৰা হ’ল, সেই প্ৰক্ৰিয়াটোতো আসোঁৱাহ ৰৈ যোৱাৰ বাবে আজি সেইসকলে চাকৰি পুনৰ ঘূৰাই পোৱাৰ সম্ভাৱনাই দেখা দিছে৷ নিশ্চয়কৈ এয়া এখন চৰকাৰৰ বা আমোলাৰ অজানিত ভুল হ’ব নোৱাৰে৷ আনহাতে, এই বৃহৎ কেলেংকাৰীটোৰ আন এজন মুখ্য অভিযুক্ত তথা ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালক আজিলৈকে গ্ৰেপ্তাৰেই কৰিব নোৱাৰিলে৷ আনহাতে মহৎ তালুকদাৰৰ দৰে যিবোৰ দুৰ্নীতিৰ নায়কক গ্ৰেপ্তাৰ কৰা হৈছিল, সেইসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিলে তাক ৰাইজে মুকলিকৈ জানিবলৈ নাপালে৷ বিজেপি চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ বিভাগতেই গোপনে ধন লোৱা আৰু সেই ধন¸ মন্ত্ৰীৰ বাবে লোৱা বুলি প্ৰকাশ্যে স্বীকাৰ কৰিছিল৷ পাছৰ পৰ্যায়ত এই সম্পৰ্কতো কোনো বিশেষ কঠোৰতা প্ৰদৰ্শন কৰা দেখা নগ’ল৷ এফালে চৰকাৰৰ শূন্য সহনশীল নীতি আৰু আনফালে চৰকাৰৰ নাকৰ তলতে সংঘটিত হৈ থাকিল এটাৰ পাছত এটা বিয়াগোম কেলেংকাৰী৷ চাকৰি দিয়াৰ নামত বিদ্যুৎ বিভাগৰ পৰা গ্ৰামোন্নয়নৰ বিভাগ, সমাজ কল্যাণ বিভাগ সকলোতে পৰীক্ষাৰ নামত হোৱা অবাধ দুৰ্নীতিয়ে চৰকাৰখনৰ আচল চৰিত্ৰ বাৰুকৈয়ে সন্মুখলৈ আনিছিল৷ কিন্তু শেহতীয়াকৈ সোণোৱাল চৰকাৰৰ শেষৰ সময়ছোৱাত যি বৃহৎ কেলেংকাৰী পোহৰলৈ আহিল, সিয়ে জনতাৰ চকু কপালত তুলিলে৷ ৫৯৭টা আৰক্ষী উপ-পৰিদৰ্শক পদৰ বাবে ৯৪ হাজাৰ নিবনুৱা যুৱক-যুৱতীৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত যি প্ৰতাৰণাৰ জাল মেলিছিল, সেই জালত এতিয়া সমগ্ৰ সোণোৱাল চৰকাৰখন বান্ধ খাই পৰিব ধৰিছে৷ দিবন ডেকা নামৰ বিজেপি নেতাজনৰ ছত্ৰছায়াত সংঘটিত এই কেলেংকাৰীৰ বাবে এতিয়া চৰকাৰৰ বহু বিয়াগোম নেতাই দিবন ডেকাক চিনি নোপোৱাৰ ভাও ধৰিব লগা হৈছে৷ দলটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এজন নেতাক ‘মিছকল’ সদস্য বুলি খোদ দলৰ সভাপতিজনেই ক’বলগা হৈছে৷ বিজেপি বা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বাবে যে কেৱল দিবন ডেকাই গলৰ হাঁড় হৈছে এনে নহয়, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্তৰ সম্পত্তিৰ পৰিমাণেও সকলোৰে চকু কপালত তুলিছে৷ এজন আৰক্ষী বিষয়া কেনেদৰে ইমান অগাধ সম্পত্তিৰ মালিক হ’ব পাৰে? তাকো তাত য’ত দুন¹তিৰ বিৰুদ্ধে শূন্য সহনশীল এখন চৰকাৰ থাকে৷ পৰীক্ষা অনুষ্ঠিত কৰাৰ শেষ সময়ত প্ৰশ্নকাকত ফাদিলৰ বিষয়টো তদন্তৰ বাবে চিআইডিক দিয়া হ’ল৷ চিআইডিয়ে যি প্ৰক্ৰিয়াৰ মাজেৰে তদন্ত আগবঢ়াই নিছে সেই প্ৰক্ৰিয়াত এতিয়া অসমৰ ৰাইজ একেবাৰে সুখী নহয়, কাৰণ এই ঘটনাত যে দিছপুৰৰ বৰমূৰীয়াও জড়িত আছে, তাক উদ্ধাৰ কৰিবলৈ চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাক দায়িত্ব দিয়া প্ৰয়োজন৷ অসমৰ ৰাইজে সঁচা অৰ্থতেই এছ আই পৰীক্ষাৰ কেলেংকাৰীৰ নায়কসকলক সন্মুখত চাব বিচাৰে৷