Logo
image

ৰ’নাল্ডো আৰু এবটল পানী

আমাৰ অসম, ১৭ জুনঃ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ খেলপথাৰৰ প্ৰতিটো ‘মুভ’ত একোখন মেচৰ ৰূপ-ৰং সলনি হয়৷ চি আৰ-৭১ সেই সামৰ্থক লৈ কাৰো দ্বিমত নাই, নাই তেওঁৰ ঘোৰ প্ৰতিদ্বন্দ্বীৰো৷ কিন্তু খেলপথাৰৰ বাহিৰত, ‘মিডিয়া এনক্ল’জাৰ’ত ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে সন্মুখৰ টেবুলত থকা দুটা শীতল পানীয়ৰ বটল সামান্য আঁতৰাই দিয়াৰ এটা ‘মুভ’ত সেই কোম্পানীটোৰ ৩০,০০০ কোটি টকা লোকচান হ’ব পাৰে, সেয়া ফুটবল ৰসিকৰ বাবে সপোনৰো অগোচৰ৷ অবিশ্বাস্য যেন লাগিলেও সেয়াই সত্য৷ ৰ’নাল্ডোৰ ‘অফ দ্য ফিল্ড’ এটা মুভত চাৰি বিলিয়ন মাৰ্কিন ডলাৰ ক্ষতি হৈছে কোকা-কোলা কোম্পানীৰ৷ ষ্টক বজাৰত কোকা-কোলাৰ অংশীদাৰিত্বৰ মূল্য হ্ৰাস পাইছে ১.৬ শতাংশ৷ ইয়াৰ পৰিমাণ হৈছে ভাৰতীয় মুদ্ৰাত ৩০,০০০ কোটি টকা৷ মঙলবাৰে হাংগেৰীৰ বিৰুদ্ধে মেচখনৰ আগলৈকে বহুজাতিক শীতল পানীয়ৰ কোম্পানী কোকা-কোলাৰ মুঠ সম্পদৰ পৰিমাণ আছিল ২৪২ বিলিয়ন মাৰ্কিন ডলাৰ৷ কিন্তু সংবাদ মেলত ৰ’নাল্ডোৱে কোকা-কোলাৰ বটল দুটা ঠেলি আঁতৰাই দিয়াৰ পাছত কোম্পানীটোৰ মুঠ সম্পদৰ পৰিমাণ ২৩৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ নামি যায়৷

প্ৰকৃততে কি ঘটিছিল সংবাদ মেলত? হাংগেৰীৰ বিৰুদ্ধে ইউৰো কাপৰ গ্ৰুপৰ মেচৰ পূৰ্বে পৰ্তুগাল দলৰ অধিনায়ক হিচাপে তাৰকা ফুটবলাৰ ৰ’নাল্ডো মুখামুখি হ’বলগীয়া হৈছিল সাংবাদিকৰ৷ মেনেজাৰ ফাৰ্ণাণ্ডো ছাণ্টোছৰ সৈতে তেওঁ  সংবাদ মেলত আহি বহিছিল৷ তেওঁৰ সন্মুখৰ টেবুলত সজাই থোৱা আছিল দুটা কোকা-কোলাৰ বটল৷ শীতল পানীয়ৰ বহুজাতিক কোম্পানী কোকা-কোলা এইবাৰৰ ইউৰো কাপৰ অন্যতম স্পনছ’ৰ৷ সেয়ে সংবাদ মেলত কেমেৰাৰ ফ্ৰেমত বন্দী হ’ব পৰাকৈ কোকা-কোলাৰ বটল দুটা সজাই ৰখা হৈছিল৷ কিন্তু ৰ’নাল্ডোৱে সংবাদ মেলত বহি প্ৰথমেই কোকা-কোলাৰ বটল দুটা ঠেলি সন্মুখৰ পৰা আঁতৰাই দিয়ে আৰু তলত নমাই থয়৷ লগে লগে তেওঁ ‘এগুৱা’ বুলি চিয়ঁৰি উঠে৷ স্পেনিছ ভাষাত ‘এগুৱা’ মানে পানী৷ তেওঁ কোকা-কোলাৰ পৰিৱৰ্তে পানী খাবলৈ বিছৰা বিষয়টো কেমেৰাত ধৰা পৰে আৰু ‘এগুৱা’ বুলি কোৱাটোও স্পষ্টভাৱে শুনিবলৈ পোৱা যায়৷ ৰ’নাল্ডোৰ এই পদক্ষেপত কোকা-কোলা খোৱাতো অপ্ৰয়োজনীয় বা ক্ষতিকাৰক বুলি এটা বাৰ্তা বিশ্বজুৰি বিয়পি পৰে আৰু বহুজাতিক কোম্পানীটোৰ ভয়ংকৰ আৰ্থিক ক্ষতি হয়৷ ৰ’নাল্ডোৰ এই পদক্ষেপত ইউৰো কাপৰ আয়োজক আৰু অন্যতম স্পনছ’ৰ কোকা-কোলা ক্ষুন্ন হৈছে৷ বৃহৎ আৰ্থিক ক্ষতিৰ পাছত কোকা-কোলাই ডাঙৰ বিতৰ্ক সৃষ্টি কৰাৰ পৰা আঁতৰি থাকি এটা চমু বিবৃতিত কৈছে– সকলোৰে নিজৰ পছন্দৰ পানীয় থাকে৷ স্বাদ আৰু প্ৰয়োজন অনুসৰি সেয়া তেওঁলোকে নিৰ্বাচন কৰে৷ ইউৰো কাপৰ আয়োজক উৱেফাই এই সন্দৰ্ভত এতিয়াও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও ৰ’নাল্ডোৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ কিয়নো প্ৰতিযোগিতাত ভাগ লোৱা প্ৰত্যেকজন খেলুৱৈয়ে আয়োজকৰ স্পনছ’ৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাতো বাধ্যতামূলক৷