Logo
image

অলিম্পিকৰ প্ৰস্তুতিৰ বাবে ইটালীলৈ লাভলীনা

আমাৰ অসম, ১৮ জুনঃ অলিম্পিকত পদক জয়ৰ স্বপ্ন লৈ শুকুৰবাৰে ইটালীলৈ অনুশীলনৰ বাবে ৰাওনা হ’ব অসম কন্যা লাভলীনা বৰগোহাঁই৷ ২৩ জুলাইৰ পৰা টকিঅ’ত আৰম্ভ হ’ব ‘গ্ৰেটেষ্ট শ্ব’ অৱ দ্য আৰ্থ’– অলিম্পিক মহাৰণ৷ প্ৰতিযোগিতাখনৰ বাবে ভাৰতৰ মহিলা বক্সিং দলটোৱে দীৰ্ঘদিন ধৰি পুনেৰ আৰ্মি ইনষ্টিটিউটত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ অধিক প্ৰত্যাহ্বানপূৰ্ণ অনুশীলন কৰাৰ বাবেই লাভলীনাসহ ভাৰতৰ এটা ৩৮ জনীয়া পুৰুষ-মহিলাৰ বক্সিং দল কাইলৈ ইটালীলৈ ৰাওনা হ’ব৷ এই দলটোত ৯ গৰাকী অলিম্পিক খেলিবলগীয়া বক্সাৰ থকাৰ লগতে প্ৰশিক্ষক, ছাপ’ৰ্টিং ষ্টাফ আৰু সহযোগী বক্সাৰ থাকিব৷ লাভলীনা বৰগোহাঁইসহ ভাৰতীয় পুৰুষ-মহিলাৰ বক্সিং দল দুটাই ইটালীত ইউৰোপ আৰু লেটিন আমেৰিকাৰ ৭-৮ খন দেশৰ শীৰ্ষ স্থানৰ খেলুৱৈৰ সৈতেও একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰিব৷ প্ৰায় ২০ দিন ইটালীত অনুশীলন কৰাৰ পাছত বক্সিং দলটো ভাৰতলৈ ঘূৰি আহিব৷ নিজ দেশৰ পৰাই অলিম্পিয়ান বক্সাৰসকল টকিঅ’লৈ ৰাওনা হ’ব৷ ২০১৮ত নতুন দিল্লীত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয়েৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতাৰ ধাৰা আৰম্ভ কৰা গোলাঘাটৰ জীয়ৰী লাভলীনাই টকিঅ’ অলিম্পিকৰ বাবে নিজকে সাজু কৰাৰ বাবে সৰ্বস্ব উজাৰি দিছে৷ পুনেৰ আৰ্মি ইনষ্টিটিউটত লাভলীনাই পুৱা ৭.৩০ বজাৰ পৰা ২-৩ ঘণ্টা আৰু বিয়লি ৫.৩০ বজাৰ পৰা ২-৩ ঘণ্টা বক্সিঙৰ অনুশীলন কৰিছে৷ তদুপৰি শাৰীৰিক আৰু মানসিক স্বাস্থ্য সক্ৰিয় কৰি ৰখাৰ বাবে আন কছৰৎবোৰো কৰি আছে লাভলীনাই৷ ২০১৯ত ৰাছিয়াৰ উলানউডেত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ আৰু ২০১৭ত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয়ী লাভলীনা বৰগোহাঁইয়ে কিছুদিন পূৰ্বে ডুবাইত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰিছিল৷ অলিম্পিকৰ পূৰ্বে কেৱল ব্ৰঞ্জ জয়ৰ সফলতা যথেষ্ট নাছিল লাভলীনাৰ বাবে৷ ডুবাইৰ পৰা ঘূৰি আহি পুনৰ কঠোৰ অনুশীলনত ব্ৰতী হয় ২৪ বৰ্ষীয় অসম তনয়াগৰাকী৷ ইফালে, লাভলীনাক অলিম্পিকৰ প্ৰস্তুতিৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া নীতিৰ অধীনত বুধবাৰে পাঁচ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তদুপৰি ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ক্ৰীড়া নীতিৰ আধাৰত দুই লাখ টকাৰ আৰ্থিক পুৰস্কাৰো প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ পুনেত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ বাবে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইয়ে মুখ্যমন্ত্ৰীৰ পৰা মুঠ সাত লাখ টকাৰ চেক গ্ৰহণ কৰে৷ অন্যহাতে, লাভলীনাৰ টকিঅ’ অলিম্পিকৰ প্ৰস্তুতিৰ সন্দৰ্ভত বক্সিং ফেডাৰেশ্বন অব ইণ্ডিয়াৰ সচিব তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতাই কয়– ‘অলিম্পিকত ভাগ ল’বলগীয়া অসমৰ প্ৰথমগৰাকী মহিলা এথলীট লাভলীনাই ভাৰতীয় বক্সিং দলৰ হাই পাৰফৰমেন্স ডাইৰেক্টৰ ছেণ্টিয়াগ’ নিয়েভাৰ তত্বাৱধানত দেশৰ আন বক্সাৰসকলৰ সৈতে কঠোৰ অনুশীলন কৰি আছে৷ বক্সাৰগৰাকীৰ ওপৰত অসম তথা দেশবাসীৰ যথেষ্ট আশা আছে৷ কোনোধৰণৰ চাপ নোলোৱাকৈয়ে লাভলীনাই অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰক৷’ উল্লেখ্য, ইটালীৰ পৰা ঘূৰি অহাৰ পাছত ভাৰতৰ অলিম্পিক খেলিবলগীয়া বক্সিং দলটো ৬-৭ দিন পূৰ্বেই টকিঅ’ত উপস্থিত হ’ব৷ কাইলৈ লাভলীনাৰ উপৰি   অসম সন্তান শিৱ থাপাও ইটালীলৈ যাব৷