Logo
image

অলিম্পিকলৈ মিজোৰামৰ প্ৰথম মহিলা খেলুৱৈ

আমাৰ অসম, ২১ জুনঃ মিজোৰামবাসীলৈ অতি আশা ব্যঞ্জক খবৰ৷ মিজোৰামৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ লালৰেমছিয়ামীক অলিম্পিকত খেলিবলৈ বাছনি কৰা হৈছে৷ ২১ বছৰীয়া লালৰেমছিয়ামীয়ে টকিঅ’ অলিম্পিকত ভাৰতীয় মহিলাহকী দলক প্ৰতিনিধিত্ব কৰিব৷ ২৫ বছৰ পূৰ্বে মিজোৰামৰ আৰ্চাৰ বি লালৰেমচেংগাই অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷ লালৰেমছিয়ামীৰ পূৰ্বে মিজোৰাম কোনো মহিলা খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ কৰা নাছিল৷ অলিম্পিকত ভাৰতীয় মহিলা হকী দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰি লালৰেমছিয়ামীয়ে আনন্দিত হয় আৰু তেওঁ এনে সুযোগে পিতৃৰ সপোন পূৰ কৰাৰ পথ মুকলি কৰিলে বুলি মন্তব্য কৰে৷ লালৰেমছিয়ামীয়ে ২০১৮ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷ এছিয়ান মেডেল লাভ কাৰ লালৰেমছিয়ামী হৈছে প্ৰথমজন মিজো খেলুৱৈ৷