নিষিদ্ধ হ’ব চীনা মোবাইল
আমাৰ অসম,১৬ ছেপ্টেম্বৰঃ পাব্জিকে ধৰি তিনি শতাধিক এপ নিষিদ্ধ ঘোষণা কৰাৰ পাছত এইবাৰ চীনা মোবাইল ফোন ভাৰতত বন্ধ কৰাৰ পৰিকল্পনা হাতত লৈছে নৰেন্দ্ৰ মোদী চৰকাৰে৷ চীন-ভাৰতৰ মাজত সংঘাতময় পৰিস্থিতি উদ্ভৱ হোৱাৰ পাছতেই চীনৰ বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ ঘোষণা কৰি ভাৰতত বহুল প্ৰচলন তথা ব্যৱহাৰ হোৱা প্ৰায় ৩, ০০০ এপ নিষিদ্ধ ঘোষণা কৰে৷ বিভিন্ন এপসমূহ নিষিদ্ধ ঘোষণা কৰাৰ পাছত ভাৰতৰ বজাৰ দখল কৰি থকা চীনা মোবাইল ফোনৰ ব্যৱসায় নিষিদ্ধ কৰাৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ টেলিকম ৰেগুলেটৰী অথ’ৰিটীৰ পৰামৰ্শৰ ভিত্তিত গ্ৰাহকৰ তথ্য সংৰক্ষণ কৰাৰ স্বাৰ্থতে ১৯ ছেপ্টেম্বৰত চীনা মোবাইল ফোন নিষিদ্ধ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে৷ ২০১৮ চনৰ পৰা ট্ৰাই তৰফৰ পৰা চীনা মোবাইল ফোনৰ ব্যৱসায় ভাৰতত বন্ধ কৰাৰ আহ৩ান জনাই আহিছে যদিও আই চি এ’ৰ ফালৰ পৰা এই প্ৰস্তাৱৰ বিৰোধিতা কৰা হৈছে৷ আই চি এৰ ফালৰ পৰা এপ, অপাৰেটিং ছিষ্টেম আৰু মোবাইল হেণ্ডছেটত গ্ৰাহকৰ তথ্য সুৰক্ষিত কৰা হ’ব বুলিও উল্লেখ কৰিছিল৷ উল্লেখ্য, চীনা মোবাইল ফোন বন্ধ কৰিবলৈ গৈ ভাৰত চৰকাৰ এতিয়া বিবুধিত পৰিব লগা হৈছে৷ কিয়নো ভাৰতৰ মোবাইলৰ বজাৰ ৭৪ শতাংশ বজাৰ দখল কৰি আছে চীনা মোবাইল কোম্পানীয়ে৷ চীনৰ গুৱাঙদম প্ৰদেশৰ ডঙজোৱান চহৰত থকা বি বি কে ইলেকট্ৰনিকচ নামৰ কোম্পানীটোৰ বিভিন্ন ব্ৰেণ্ডৰ মোবাইল হেণ্ডছেটে ভাৰতৰ বজাৰ দখল কৰি আছে৷ চীনৰ বি বি কে ইলেকট্ৰনিকছৰ অধীনত ভাৰতত আছে ভিভ’, ৰিয়েল মি, ওৱান প্লাছ নামৰ তিনিটা মোবাইল হেণ্ডছেট নিৰ্মাণকাৰী প্ৰতিষ্ঠান৷ উক্ত তিনিটা জনপ্ৰিয় মোবাইল ব্ৰেণ্ডৰ উপৰিও বি বি কে ইলেকট্ৰনিছৰ অধীনত অপ’ আৰু ছিয়াওমি নামৰ দুটা মোবাইল কোম্পানী৷ তদুপৰি উক্ত কোম্পানীৰ অধীনতে ৰেড মি অথবা এম আই আৰু প’ক’ নামৰ আন দুটা কোম্পানী যে ভাৰত ব্যৱসায় অব্যাহত ৰাখিছে৷ আনহাতে বি বি কে ইলেকট্ৰনিকছৰ অধীনত আই টি ই এল নামৰ আন এটা মোবাইল কোম্পানী আছে ভাৰতত৷ চীনা মোবাইল কোম্পানী নিষিদ্ধ ঘোষণা কৰিবলৈ হ’লে এই জনপ্ৰিয় কোম্পানীসমূহ বন্ধ হৈ পৰাটো স্বাভাৱিক৷