Logo
image

নাৰীক পূজা কৰা দেশখনতে ধৰ্ষণৰ আধিক্য

উত্তৰ প্ৰদেশৰ দলিত শ্ৰেণীৰ ছোৱালীজনীৰ লগত সংঘটিত  এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা৷ ভাৰতবৰ্ষৰ দৰে এখন দেশ য’ত নাৰীক পূজা কৰা হয় তেনেকুৱা এখন দেশত এনেদৰে নাৰীৰ ওপৰত নিৰ্মম অত্যাচাৰ হৈ থকাটো অতিকৈ দুৰ্ভাগ্যজনক কথা৷ মই ভাবোঁ এতিয়াও আমাৰ মানুহবোৰৰ মানসিকতাৰ পৰিৱৰ্তন হ’বলৈ বহুত বাকী৷ এনেধৰণৰ ঘটনা [গেং ৰেপ] কেৱল মানুহৰ নিকৃষ্ট মানসিকতাৰ বাবেই ঘটিবলৈ পায়৷ কেনেকুৱা পৰিবেশত তেওঁলোক ডাঙৰ-দীঘল হৈছে বা অভিভাৱকে সৰুৰে পৰা কি পৰিবেশত কিমান নিষ্ঠাৰে তেওঁলোকক ডাঙৰ কৰিছে, এনেবোৰ কথাৰ ওপৰত নিৰ্ভৰ কৰে৷ ইয়াৰ মানে মই এইটো ক’বলৈ বিচৰা নাই যে দৰিদ্ৰ পৰিয়ালত সু-শিক্ষা বা নৈতিকতাৰ শিক্ষা দিয়া নহয়৷ আজিও এনে বহু নিম্ন মধ্যবিত্ত বা বি পি এল পৰিয়াল আছে য’ত সন্তানক নৈতিকতাৰ পাঠ শিকোৱা হয়৷ হিউমেন ভেল্যুজৰ বিষয়ে বুজোৱা হয়৷ কিন্তু আজিৰ এনেবোৰ ঘটনাৰ পৰা আমি ভাবিবলৈ বাধ্য হৈছোঁ যে সম্প্ৰতি ক’ৰবাত সেই ভেল্যুজবোৰ বিক্ৰী হৈ গৈছে যাৰ বাবে এনে ঘটনাবোৰ ঘটি আছে৷  মই ভাবো গেং ৰেপ’ ঘটনা প্ৰমাণিত হ’লেই দোষীক লগে লগে শাস্তি বিহিব লাগে৷ যদি শাস্তি প্ৰদানৰ প্ৰক্ৰিয়াটো দীঘলীয়া হৈ গৈ থাকে তেন্তে মানুহৰ মনৰ পৰা ভয় ভাবটো লাহে লাহে নোহোৱা হ’বলৈ ধৰে৷ ফাষ্টৰ্ট্ৰেক ক’ৰ্টত দোষীক ততালিকে শাস্তি দিয়া উচিত৷  অপৰাধীয়ে ইমান বৰ্বৰভাবে ছোৱালীজনীৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলালে৷ বলাৎকাৰ কৰি, জিভা কাটি দিছে/ ইমান বৰ্বৰ হ’ব পাৰে নে মানুহ? এইটো সাংঘাতিক এটা দুখৰ কথা৷ মানুহবোৰৰ মানসিকতা ইমান তললৈ নামিব পাৰেনে?  ভাৰতবৰ্ষক আমি যিমানেই এখন উন্নয়নশীল দেশ বুলি নকওঁ কিয় এতিয়াও কিন্তু দেশৰ চুকে-কোণে এনে কিছুমান অঞ্চল আছে য’ত Basic Human Values, Basic Education দিব পৰা নাই৷ মানুহ সাক্ষৰ হৈছে যদিও শিক্ষিত হোৱা নাই৷ মানুহ শিক্ষিত হৈছে কিন্তু জ্ঞানী হোৱা নাই৷ কিয়নো এনেধৰণৰ বলাৎকাৰৰ ঘটনা আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ দেশৰ ‘প্ৰাইম চিটী’ৰ লগতে ভিতৰুৱা গাঁও অঞ্চলত এনেধৰণৰ ঘটনা ঘটি আছে৷ এই ঘটনাসমূহ ৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে প্ৰ’পাৰ এডুকেশ্বন৷ চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ত্ব দিব লাগে৷ নহ’লে এনেধৰণৰ ঘটনা সদায় ঘটি থাকিব৷ সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ পাৰিছোঁ যে, ভুক্তভোগী ছোৱালীজনীৰ মৃতদেহ নিশাৰ অন্ধকাৰত আৰক্ষীয়ে সৎকাৰ কৰি দিয়ে৷ পৰিয়ালৰ লোককো শৱদেহ সৎকাৰৰ থলীৰ পৰা আঁতৰাই ৰাখে৷ যদি এই কথা সত্য তেন্তে ইয়াক মই গৰিহণা দিছোঁ৷ এনেকুৱা কাৰ্যৰে চৰকাৰ তথা পুলিচ প্ৰশাসনে আমাৰ সাংবিধানিক অধিকাৰক প্ৰত্যক্ষভাৱে খৰ্ব কৰিছে৷ আমি যি ৰাজ্যৰেই নহওঁ কিয়, প্ৰশাসনৰ পৰা আমি এনেধৰণৰ কামৰ আশা নকৰোঁ৷